
সুনীতা মহাকাশত থাকোঁতেই ভাৰতলৈ নিমন্ত্ৰণেৰে মোদীৰ পত্ৰ
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ মাৰ্চঃ ৯ মাহ মহাকাশ ষ্টেচনত আৱদ্ধ হৈ থাকি মঙলবাৰে পৃথিৱীলৈ ওভতনি যাত্ৰা আৰম্ভ কৰা ভাৰতীয় মূলৰ মাৰ্কিন মহাকাশচাৰী সুনীতা উইলিয়ামছক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতলৈ নিমন্ত্ৰণ জনাইছে৷ সুকলমে অৱতৰণ কৰাৰ পাছত তেওঁৰ দৰে এগৰাকী দুঃসাহসী ভাৰতীয় কন্যাক ভাৰতে আদৰণি জনাবলৈ পালে গৌৰৱবোধ কৰিব বুলি কৈছে নৰেন্দ্ৰ মোদীয়ে৷ সুনীতা উইলিয়ামছলৈ এখন পত্ৰ লিখি মোদীয়ে তেওঁক পৃথিৱীত উপস্থিত হোৱাৰ পূৰ্বেই আদৰণি জনাইছে৷ পত্ৰখনত মোদীয়ে লিখিছে– ‘হাজাৰ হাজাৰ মাইল দূৰত থাকিলেও তুমি সদায় আমাৰ হৃদয়ৰ কাষতে আছা৷ ১৪০ কোটি ভাৰতীয়ই তোমাৰ কৃতিত্বক লৈ গৌৰৱ কৰে৷ ২০১৬ চনত তোমাক লগ পোৱাৰ স্মৃতি মই সযতনে সাঁচি ৰাখিছো৷ সুকলমে উভতি অহাৰ পাছত তোমাক ভাৰতত দেখা পাম বুলি আশা কৰিছো৷ তোমাৰ দৰে এগৰাকী ভাৰতীয় সু-সন্তানক আদৰিবলৈ পোৱাটো আমাৰ বাবে গৌৰৱৰ কথা৷’
ইপিনে মঙলবাৰে পুৱা সুনীতা উইলিয়ামছ আৰু তেওঁৰ ৩ সতীৰ্থই মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে৷ বিগত জ্ঝ মাহ ধৰি সুনীতা উইলিয়ামছৰ সৈতে বয়িঙৰ ষ্টাৰলাইনাৰ স্পেচক্ৰাফটৰ টেষ্ট পাইলট হিচাপে যোৱা নাছাৰ বুছ উইলমোৰৰ উপৰি একেলগে উভতি আহিছে নাছাৰ নিক হগ আৰু ৰাছিয়াৰ ৰছকছমছৰ আলেকজেণ্ডাৰ গবুৰ্নভ৷ মঙলবাৰে পুৱা ভাৰতীয় সময় অনুসৰি জ্ঝ.২৭ বজাত চাৰিজন নভোচৰ উভতি অহা স্পেচএক্সৰ স্পেচক্ৰাফট ক্ৰু ড্ৰেগনক সফলতাৰে মহাকাশ ষ্টেচনৰ ‘হাৰমনি ফৰৱাৰ্ড’ অংশৰ পৰা ‘আন ডকিং’ বা সংযোগ বিচ্ছিন্ন কৰা হয়৷ তাৰ পাছতেই ক্ৰু ড্ৰেগনে আৰম্ভ কৰে পৃথিৱীমুখী যাত্ৰা৷ যদিও মহাকাশ ষ্টেচনৰ পৰা পৃথিৱীৰ দূৰত্ব ৪০০ কিলোমিটাৰ, তথাপি তেওঁলোকৰ যাত্ৰা ১৭ ঘণ্টীয়া হ’ব৷ একেখন ক্ৰু ড্ৰেগনেই মহাকাশ ষ্টেচনলৈ যাওতে ২৮ ঘণ্টাৰো অধিক সময় লাগিছিল৷ তেতিয়া পৃথিৱীত মধ্যাকৰ্ষণ শক্তিৰ টানৰ বাবে সৃষ্টি হোৱা প্ৰতিকূলতা এতিয়া উভতি আহোতে অনুকূল হৈ পৰিব৷ সেয়ে ওভতনি যাত্ৰাত প্ৰয়োজন হ’ব কম সময়৷ মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱী যাত্ৰাত ক্ৰু ড্ৰেগনে পৃথিৱীখনক প্ৰদক্ষিণ কৰি অহাৰ বাবেই ৪০০ কিলোমিটাৰ পথ অতিক্ৰম কৰোতে ১৭ ঘণ্টাৰ প্ৰয়োজন হ’ব৷ ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱতি নিশা ৩.২৭ বজাত সুনীতা উইলিয়ামছসহ চ্ছ্ৰ নভোচৰক কঢ়িয়াই অনা ক্ৰু ড্ৰেগনে ফ্লৰিডাৰ উপকূলৱৰ্তী আটলাণ্টিক সমুদ্ৰৰ পানীত অৱতৰণ কৰিব৷ সেই ক্ষণলৈ উৎকণ্ঠাৰে অপেক্ষা কৰি আছে নাছা আৰু সমগ্ৰ বিশ্বই৷
ফ্লৰিডাৰ উপকূলত অৱতৰণৰ পাছতেই তেওঁলোকক আটলাণ্টিকৰ পানীৰ মাজৰ পৰা তুলি আনিব নাছাৰ উদ্ধাৰকাৰীয়ে৷ তাৰ পৰা চাৰিওজন নভোচৰকে হেলিকপ্টাৰেৰে উদ্ধাৰ কৰি তাৎক্ষণিকভাৱে চিকিৎসা সাহায্য প্ৰদান কৰা হ’ব৷ দীৰ্ঘদিন ভাৰসাম্যহীনভাৱে মধ্যাকৰ্ষণ শক্তি নথকা স্থানত থকাৰ ফলত সুনীতা উইলিয়ামছ আৰু সংগীক ষ্ট্ৰেছাৰেৰে লৈ যোৱা হ’ব৷ কিয়নো তেওঁলোকে পৃথিৱীত ভৰি থ’লেও লগে লগে খোজ কাঢ়িব নোৱাৰিব৷ মহাকাশ ষ্টেচনত আলাসতে ওপঙি ফুৰাব বাবে আৰু খোজ নকঢ়াৰ বাবে তেওঁলোকে ভৰিৰে আৰম্ভণিতে খোজ কাঢ়িব নোৱাৰিব৷ মহাকাশত ভৰিৰ পতাৰ চাল কোমল আৰু পাতল হৈ পৰে, মহাকাশচাৰীৰ ভাষাত তাক কোৱা হয় ‘বেবী ফিট৷’ শিশুৰ দৰে তেওঁলোকে পুনৰ খোজ কাঢ়িবলৈ শিকিব লাগিব৷ কেইবাদিনৰ বাবে তেওঁলোকক হিউষ্টনৰ জনছন স্পেচ চেণ্টাৰৰ ক্ৰু কোৱাৰ্টাৰত ৰাখি স্বাস্থ্য পৰীক্ষা কৰা হ’ব৷ নাছাৰ ফ্লাইট ছাৰ্জনে অনুমতি দিয়াৰ পাছতহে তেওঁলোক পৰিয়ালৰ কাষলৈ, নিজৰ ঘৰলৈ যাব পাৰিব৷