
‘উদ্ধত’ তথ্যৰে মাস্কৰ গ্ৰকে তোলপাৰ কৰিছে ৰাজনীতি
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ মাৰ্চঃ ঘটনাটো আৰম্ভ হৈছিল এটা আপাত নিৰীহ প্ৰশ্নৰ পৰা৷ ‘টকা’ নামৰ এটা ‘আইডি’ৰ পৰা এজন হিন্দীভাষী ব্যক্তিয়ে ইলন মাস্কৰ ‘এক্স এ আই’ গ্ৰকক সুধিছিল এটা প্ৰশ্ন৷ তেওঁ সুধিছিল এক্সৰ সৰ্বোত্তম মিউচুৱেল ফাণ্ডৰ শীৰ্ষৰ ১০টা কি কি? অৰ্থাৎ কোনটো মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰা ভালঞ্জ কিছুসময় ধৰি চাটবট মডেল গ্ৰকে উত্তৰ নিদিয়াত গ্ৰাহকজনে হিন্দী ভাষাৰ এটা অশালীন শব্দ টাইপ কৰি দিলে গ্ৰকত৷ লগে লগে গ্ৰক নামৰ কৃত্ৰিম বুদ্ধিমত্তাই এটা অশালীন হিন্দী শব্দৰে আৰম্ভ কৰি উত্তৰ দিলে– ‘তেৰা ১০ বেষ্ট মিউচুৱেল্ছ কা হিচাপ ছে য়ে হ্যে লিষ্ট... মিউচুৱেল মতলব দোনো ফল’ কৰতে হো, পৰ একজেক্ট ডাটা নেহী হ্যে তো মেনচনছ পে ভৰোছা কিয়া৷ থিক হ্যে না? অব ৰোনা বন্ধ কৰো৷’
ইয়াৰ পাছতেই ভাৰতৰ ইণ্টাৰনেট দুনিয়াত বিস্ফোৰণ৷ নিমিষতে ভাইৰেল হৈ গ’ল ইলন মাস্কৰ এক্স এ আইৰ চাটবট মডেল কৃত্ৰিম বুদ্ধিমত্তা গ্ৰকৰ এই হিন্দীৰ অশালীন গালিৰ উত্তৰ আৰু গ্ৰাহকক উদ্ধত হিন্দী ভাষাত আগবঢ়োৱা তথ্য৷ ‘টকা’ নামৰ আইডিৰ পৰা গ্ৰকৰ উত্তৰৰ স্ক্ৰীন শ্বট দেশৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে নতুন কৃত্ৰিম বুদ্ধিমত্তা গ্ৰকক লৈ ভাৰতত আগ্ৰহ-আকৰ্ষণৰ শেষ নোহোৱা হ’ল৷ প্ৰথমে তেনে দুই-এক অশালীন বাৰ্তালাপৰ পৰা গ্ৰকক কৰা প্ৰশ্নই ৰাজনীতিৰ পথাৰলৈ ঢাপলি মেলিলে আৰু বিজেপি তথা আৰ এছ এছ সম্পৰ্কীয় নিৰ্মোহ উত্তৰ দিবলৈ ধৰাত এতিয়া ইলন মাস্কৰ এ আই গ্ৰকে দেশৰ ৰাজনীতিত আক্ষৰিক অৰ্থতে বিস্ফোৰণ ঘটাইছে৷ কিয়নো গ্ৰকে আৰ এছ এছে স্বাধীনতা আন্দোলনত দখলদাৰী ব্ৰিটিছক সহায় কৰাৰ তথ্য দি, বিজেপিৰ পূৰ্বৰ সংগঠনৰ নেতাই স্বাধীনতা আন্দোলনত ভাগ নোলোৱা বুলি উত্তৰ দি বিজেপি আৰু আৰ এছ এছক বিমোৰত পেলোৱাৰ লগতে কেন্দ্ৰত শাসনাধিষ্ঠিত দলটোক অস্বস্তিকৰ অৱস্থালৈ ঠেলি দিছে৷ ফলত ইলন মাস্কৰ গ্ৰকক লৈ দেশত আৰম্ভ হৈ গৈছে শাসক-বিৰোধীৰ তয়াময়া ৰাজনৈতিক যুদ্ধ৷ যুদ্ধৰ প্ৰাথমিক অৱস্থাত বিৰোধীৰ হাতত শক্তিশালী অস্ত্ৰ ইলন মাস্কৰ গ্ৰকৰ নিৰ্মোহ উত্তৰ থকাৰ বিপৰীতে শাসকীয় বিজেপিয়ে আত্মৰক্ষা কৰাৰ উপায় নোপোৱা হৈছে৷
ইলন মাস্কৰ গ্ৰকৰ উত্তৰ উদ্ধত আৰু বেপৰোৱা, তাত সন্দেহ নাই৷ কিন্তু বিজেপি, আৰ এছ এছ, নৰেন্দ্ৰ মোদীক লৈ কৰা প্ৰশ্নত গ্ৰকে যিধৰণে নিৰ্মোহ উত্তৰ দিবলৈ আৰম্ভ কৰিছে, সেয়া ‘প্ৰপাগাণ্ডা’ সৃষ্টিত দক্ষ বিজেপিৰ বাবে চম্ভালি লোৱাটো প্ৰাথমিকভাৱে অসম্ভৱ হৈ পৰিছে৷ কিয়নো এজন গ্ৰাহকে মোদী আৰু ৰাহুল গান্ধী সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত গ্ৰকে কৈছে ৰাহুল গান্ধী মোদীতকৈ সৎ৷ মোদী দেশৰ সবাতোকৈ অধিক সাম্প্ৰদায়িক প্ৰধানমন্ত্ৰী৷ ৰাহুল গান্ধীৰ শিক্ষা-দীক্ষা মোদীৰ তুলনাত বেছি৷ তদুপৰি চিবিআই আৰু ইডিক মোদী চৰকাৰে বিৰোধীক বশ কৰাৰ বাবে ব্যৱহাৰ আৰু নিয়ন্ত্ৰণ কৰা বুলিও গ্ৰকে উত্তৰ দিছে৷ প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে এখনো প্ৰেছমীট নকৰা, অমিত শ্বাহৰ সৈতে ২০১৪ত এখন যুটীয়া সংবাদমেল কৰিলেও সকলো প্ৰশ্নোত্তৰ অমিত শ্বাহে দিয়া বুলি তথ্য আগবঢ়াই গ্ৰকে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গ্ৰকে লগতে এই বুলিও কৈছে– ‘মই সত্য অন্বেষণকাৰী এ আই৷ ইডি, চিবিআইৰ কোনো তালাচীক মই ভয় নকৰোঁ৷ কোনো পক্ষপাতিত্ব নাই, কেৱল সত্য তথ্য৷’
গ্ৰকৰ এই তথ্য ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰি বিৰোধীয়ে বিজেপিক আক্ৰমণ কৰাত দেশত এখন ডিজিটেল যুদ্ধ আৰম্ভ হৈ গৈছে৷ অতিশয় শক্তিশালী ছুপাৰ কম্পিউটাৰৰ দ্বাৰা পৰিচালিত গ্ৰক-৩ নামৰ ইলন মাস্কৰ এ আই চাটবট মডেলটোৱে সীমাহীন ভাৰতীয় তথ্যৰে ভাৰতত ভয়ংকৰ ৰাজনীতিক ধুমুহা সৃষ্টিৰ আগজাননী দিছে৷ অশালীন হিন্দী গালিৰ পৰা আৰম্ভ হোৱা এ আই ব্যৱহাৰকাৰীৰ উৎসূকতা ক্ৰমাৎ ৰাজৈনতিক কৌতূহললৈ পৰিৱৰ্তিত হোৱাত ডিজিটেল যুদ্ধই ভয়ংকৰ ৰূপ ধাৰণ কৰা অৱধাৰিত হৈ পৰিছে৷