Logo
image

৫০ বছৰে অস্তিত্বৰ বাবে যুঁজি থকা বৰাকৰ এখন অসমীয়া স্কুল

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধি, ১৮ মাৰ্চঃ  বৰাক উপত্যকাৰ একমাত্ৰ অসমীয়া মাধ্যমৰ স্কুল দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ ৫০ বছৰৰো অধিক কাল বিদ্যালয়খনে অস্তিত্ব ৰক্ষাৰ বাবে যুঁজি আছে৷ ১৯৫৩ চনত কেইগৰাকীমান অসমীয়া ভাষানুৰাগীৰ প্ৰচেষ্টাত শিলচৰ চহৰত এখন অসমীয়া প্ৰাথমিক বিদ্যালয় গঢ় লৈ উঠিছিল৷ পৰৱৰ্তী সময়তশিলচৰ শাখা সাহিত্য সভাৰ সিদ্ধান্ত অনুসৰি ১৯৬০ চনত স্থাপিত হৈছিল দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়৷ তাৰপিছত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা কৰ্মসূত্ৰে অহা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ সন্তানসকলৰ শিক্ষাগ্ৰহণৰ উদ্দেশ্যে ১৯৭১ চন মানত এখন অসমীয়া মাধ্যমৰ উচ্চ মাধ্যমিক বিদ্যালয় গঠনৰ প্ৰচেষ্টা আৰম্ভ হৈছিল৷ ১৯৭২ চনত মাত্ৰ ৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰে শিলচৰ শাখা সাহিত্য সভাৰ পুৰণি সভাকক্ষতে দেশভক্ত তৰুণৰাম ফুকন উচ্চ মাধ্যমিক বিদ্যালয় আৰম্ভ কৰা হয়৷ পাছত বহু ঘাত-প্ৰতিঘাত অতিক্ৰম কৰি শিক্ষক-শিক্ষয়িত্ৰী, চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু স্থানীয় বিদ্যানুৰাগীসকলৰ আশাসুধীয়া প্ৰচেষ্টৰ ফলতে ১৯৮১ চনৰ ৰ এপ্ৰিল তাৰিখে এই বিদ্যালয়খনৰ প্ৰাদেশিকীকৰণ হয় আৰু ১৯৮৭ চনৰ ৩১ নৱেম্বৰত উচ্ছমাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হয়৷ ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাই এই বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে আয়োজন কৰা সংগীত সন্ধিয়াত গীত পৰিৱেশন কৰিছিল৷ কিন্তু সুদীৰ্ঘ পাঁচটা দশকত বৰাক উপত্যকাৰ  অসমীয়া মাধ্যমৰ একমাত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি দুখ লগা৷ স্কুলখনত ১২০ ছাত্ৰ-ছাত্ৰী নামত আছে যদিও স্কুললৈ বেছিৰ ভাগ ছাত্ৰ-ছাত্ৰী অনুপস্থিত থাকে৷ কেইবছৰমান আগলৈকে স্কুলখন শৈক্ষিক দিশত আগবঢ়া আছিল৷ শ্ৰেণীকোঠাৰ সুব্যৱস্থা নথকাৰ বাবে ছাত্ৰ-ছাত্ৰী অনুপস্থিত থাকে বুলি অভিযোগ অভিভাৱকৰ৷


বয়সৰ লেখেৰে ৫৩ বছৰত ভৰি দিয়া বিদ্যালয়খনৰ সোণালী জয়ন্তী এইবাৰ উদ্‌যাপন কৰা হৈছে৷ য’তে ত’তে ইংৰাজী মাধ্যমৰ বিদ্যালয় খোলাৰ ফলত তৰুণ ৰাম ফুকন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাইছে৷ আনহাতে, ১০ৰ পৰা ২৫ কিঃমিঃ দুৰৰ অসমীয়া গাঁওসমূহৰ পৰা আহিব লগা হোৱাৰ বাবে বহু ছাত্ৰ ছাত্ৰীয়ে আধাতে স্কুল এৰিছে৷ দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰীসকলে গাড়ী ভাড়াৰ অভাৱত আধাতে শিক্ষা শেষ কৰিবলগীয়া হৈছে৷ পঞ্চাশ বছৰ পাৰ হোৱা স্কুলখনৰ প্ৰতি আৰম্ভণিতে অসম সাহিত্য সভাৰ শিলচৰ শাখাই গুৰুত্ব দিছিল যদিও বৰ্তমান সাহিত্য সভাৰ শাখাই কোনো খা খবৰ নলয়৷ স্কুলখনৰ উন্নতিৰ হকে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে কোনো গুৰুত্ব দিয়া নাই বুলিও অভিযোগ উত্থাপিত হৈছে৷ স্কুলখনৰ সোণালী জয়ন্তী উৎসব উদ্‌যাপনৰ দুদিন আগতে শিক্ষা মন্ত্ৰী ৰনোজ পেগু শিলচৰত উপস্থিত হৈছিল যদিও তেৱোঁ স্কুলখনৰ খবৰ নল’লে৷ সোণালী জয়ন্তী উৎসবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে আহিব, সেই কথা শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে গম পাইছিল নে নাই, সেই বিষয়ে প্ৰশ্ন উত্থাপিত হৈছে৷ ৰাইজে বৰাক উপত্যকাৰ একমাত্ৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰা আৰু শৈক্ষিক পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ জৰুৰী হস্তক্ষেপ কামনা কৰিছে৷