
প্ৰট’কলৰ বাবেই হয়তো অমিত শ্বাহে গামোচা নিপিন্ধিলে
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ মাৰ্চঃ ৰাজ্যত অব্যাহত আছে গামোচা বিতৰ্ক৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ ভূমিতে গামোচাক অপমান কৰা বুলি অভিযোগ উঠিছে৷ তাৰ মাজতে ন বিজেপি ৰাণা গোস্বামীয়ে অমিত শ্বাহৰ পক্ষত থিয় হৈছে৷ তেওঁ কয়– অমিত শ্বাহে গামোচা গলত নোলোৱাক লৈ বিতৰ্ক কৰাৰ অৱকাশ আছে নেকি? তেখেত দেশৰ এজন গৃহমন্ত্ৰী৷ দেশৰ গৃহমন্ত্ৰীৰ সুৰক্ষাৰ যথেষ্ঠ কথা আছে৷ প্ৰট’কলৰ বাবেই হয়তো গৃহমন্ত্ৰী অমিত শ্বাহে নিপিন্ধিলে গামোচা৷ ৰাণা গোস্বামীৰ এনে মন্তব্যৰ পাছত অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়– যদি এনে প্ৰট’কল থাকে, গৃহমন্ত্ৰীজন ইয়ালৈ নহাই ভাল৷ অমিত শ্বাহৰ এনে প্ৰট’কল থাকিলে ইয়ালৈ অহা উচিত নহয়৷ আগলৈ তেওঁ আহিলে কি কি কৰিব পাৰি, কি কি কৰিব নোৱাৰি জনাই দিব লাগে৷ ৰাণা গোস্বামীয়ে যিখিনি কথা কৈছোঁ মই ভাবোঁ সত্য নহয়৷ কিয়নো, পিছদিনা তেওঁ গামোচা লোৱা দেখিছোঁ৷ তেওঁ আৰু কয়– গামোচাৰ বিৰুদ্ধে প্ৰতিবাদ হ’ব লাগিছিল ৰে’ল ষ্টেচনত৷ গামোছাৰ জি আই টেগ থকাৰ পাছতো অসমলৈ কেনেকৈ বস্তাই বস্তাই গামোচা আমদানি হৈ আছে? তাৰ বাবে কোন দোষী চিনাক্ত কৰিবলৈ এছ আই টি গঠন কৰি দিব লাগিছিল৷ গৌৰৱ গগৈৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰেৰণ কৰাৰ দৰে গুজৰাটলৈ প্ৰেৰণ কৰিব লাগিছিল এছ আই টি৷ কোন ঠাইৰ পৰা গামোচাসমূহ আহিছে তদন্ত কৰা হ’লে ভাল পালোহেঁতেন৷
কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত আক্ৰ*মণ, উদ্বিগ্ন ভূপেন বৰা
‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ কংগ্ৰেছ নেতা-কৰ্মীৰ ওপৰত বিজেপিৰ গুণ্ডাবাহিনীৰ ধাৰাবাহিক আতিশায্য আৰু আক্ৰমণ অব্যাহত থকাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই৷ বিজেপিৰ একাংশ সমৰ্থকে আইন নিজৰ হাতত লৈ সমগ্ৰ অসমত কংগ্ৰেছ কৰ্মীৰ ওপৰত যিধৰণৰ অত্যাচাৰ চলাইছে এই ঘটনাই অসমত যে গৃহমন্ত্ৰীৰ অস্তিত্ব শূন্য সেই কথাকেই প্ৰমাণ কৰিছে৷ এক বিবৃতিত ভূপেন বৰাই এই অভিযোগ কৰিছে৷ বৰাই কয় যে জোনাই সমষ্টিৰ বগৰী চাপৰি এলেকাটোত শেহতীয়াকৈ পঞ্চায়তৰ প্ৰস্ততি সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা কংগ্ৰেছৰ প্ত জনকৈ নেতা-কৰ্মীক বিজেপিৰ গুণ্ডাবাহিনীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰি আহত কৰিছে আৰু কংগ্ৰেছ কৰ্মীসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছে৷ অসম প্ৰদেশ কংগ্ৰেছৰ এছচি বিভাগৰ সম্পাদক বিক্ৰম ৰামছিয়াৰী, মুককচেলেং ব্লক কংগ্ৰেছৰ সভাপতি তুলিৰাম দলে, ধেমাজি জিলা ব্লক কংগ্ৰেছৰ সভাপতি ৰহিম পেগুকে ধৰি প্তজন কংগ্ৰেছ নেতা-কৰ্মীক বিজেপিৰ গুণ্ডাবাহিনীয়ে সভা চলি থকাৰ সময়তে নিৰ্মমভাৱে প্ৰহাৰ কৰিছে৷ এই ঘটনা স্থানীয় বিধায়ক ভুৱন পেগুৰ পৃষ্ঠপোষকতাতে হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ এই সমগ্ৰ ঘটনা কংগ্ৰেছ দলৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাৰ বাবেই বিজেপি কৰ্মীয়ে সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপিত হৈছে৷ অসমৰ মুখ্যমন্ত্ৰী তথা গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা আইন-শৃংখলা নিয়ন্ত্ৰণত যে সম্পূৰ্ণ ব্যৰ্থ সেই কথাকে প্ৰমাণ কৰিছে৷ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানো আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত বাৰে বাৰে ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিততে এতিয়া শাসকীয় বিজেপি দলে কংগ্ৰেছ কৰ্মীসকলক আক্ৰমণৰ লক্ষ্য কৰি আহিছে৷ ইমানৰ পিছতো পৰিস্থিতি পৰ্যালোচনা কৰাৰ পৰিৱৰ্তে আৰক্ষী সঞ্চালক প্ৰধানে হাত সাবতি বহি থকাতো চৰম লজ্জাজনক৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই অসম আৰক্ষীৰ এনে পক্ষপাতিত্বমূলক ভূমিকাক তীব্ৰ গৰিহণা দিয়াৰ লগতে কংগ্ৰেছ কৰ্মীসকলক অধিক শক্তিশালীভাৱে আৰু একত্ৰিত হৈ ৰাইজৰ হকে মাত মতাৰ লগতে বিজেপি চৰকাৰৰ অনিয়ম-অনাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ আহ৩ান জনাইছে৷