Logo
image

শিলচৰৰ পৰাই দিল্লীলৈ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ মাৰ্চঃ  মঙলবাৰৰ দিনটো শিলচৰত ব্যস্ত থকাৰ অন্ততঃ বিয়লি নতুন দিল্লী অভিমুখে ৰাওনা হয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ উল্লেখ্য, মঙলবাৰে পুৱাই বিভিন্ন কাৰ্যসূচী লৈ গুৱাহাটীৰ পৰা গৈ শিলচৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷ শিলচৰৰ তৰুণৰাম ফুকন উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ কাৰ্যসূচীত উপস্থিত থকাৰ উপৰি মুখ্যমন্ত্ৰীয়ে এছ এম দেৱ অসামৰিক চিকিৎসালয়ত ক্ৰিটিকেল কেয়াৰ ব্লকৰ শিলান্যাস কৰে৷


মুখ্যমন্ত্ৰীয়ে শিলচৰৰ নতুন আৱৰ্ত ভৱনৰো শিলান্যাস কৰে৷ শিলচৰৰ ৰামকৃষ্ণ মিছন সেৱাশ্ৰমৰ শতবৰ্ষ উদ্‌যাপনতো মুখ্যমন্ত্ৰী উপস্থিত থাকি ভাষণ দিয়ে৷ দিনজোৰা কাৰ্যসূচী শেষ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মা বিয়লি প্ৰায় ৩ বজাত শিলচৰৰ পৰাই নতুন দিল্লী অভিমুখে ৰাওনা হয়৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰৰ মতে মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত কাৰ্যসূচীৰে নতুন দিল্লীলৈ গৈছে৷ বুধবাৰে মুখ্যমন্ত্ৰী নতুন দিল্লীৰ পৰা অসমলৈ উভতি অহাৰ কথা৷