Logo
image

মহাকুম্ভই দেখুৱালে আমাৰ শক্তি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ মাৰ্চঃ  ‘মহাকুম্ভৰ মাধ্যমেৰে বিশ্বই ভাৰতৰ মহা শক্তি দেখিলে৷ মহাকুম্ভত ভাৰতৰ জনগণৰ দৃঢ় বিশ্বাস, সংকল্প প্ৰতিফলিত হ’ল৷’– এই ঘোষণা প্ৰধনমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ মঙলবাৰে সংসদৰ মজিয়াত এনেদৰে মন্তব্য কৰি মোদীয়ে কয়– ‘মহাকুম্ভত জাতীয় চেতনাৰ মাহাত্ম্য দেখা পোৱা গ’ল৷ মহাকুম্ভৰ সফল আয়োজনৰ বাবে আমি জনসাধাৰণ আৰু প্ৰশাসনক ধন্যবাদ জনাইছোঁ৷ দেশৰ বিভিন্ন প্ৰান্তৰ ভক্ত, উত্তৰ প্ৰদেশৰ জনগণ, বিশেষকৈ প্ৰয়াগৰাজৰ বাসিন্দা ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ৷’ বিৰোধীক কটাক্ষ কৰি মোদীয়ে কয়– প্ৰয়াগৰাজ কুম্ভমেলাৰ সাফল্যই ভাৰতৰ সক্ষমতা সম্পৰ্কে প্ৰশ্ন তোলা কিছু লোকৰ মুখ বন্ধ কৰি দিলে৷ এই অনুষ্ঠানটো কেৱল মাত্ৰ আধ্যাত্মিক সমাৱেশ নাছিল, ই আছিল দেশৰ সম্ভাৱনা আৰু সংকল্পৰ এটা শক্তিশালী প্ৰদৰ্শন৷


একেই প্ৰসংগত তেওঁ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কথাও সোঁৱৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়– ‘ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানৰ সময়ত আমাৰ পৰৱৰ্তী ১,০০০ বছৰৰ দেশৰ প্ৰস্তুতি অনুভৱ হৈছিল৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মাত্ৰ এক বছৰৰ ভিতৰতে মহাকুম্ভৰ সফল আয়োজনেসেই দৃষ্টিভংগীকে পুনৰবাৰ শক্তিশালী কৰিলে৷ প্ৰধানমন্ত্ৰীয়ে ভাষণত মহাকুম্ভ তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মাজতো সাদৃশ্য থকা বুলি কয়৷ ১৮৭৫ চনৰ মহাকুম্ভৰ সময়তে দেশৰ স্বাধীনতা সংগ্ৰামে বিশেষ গতি পাইছিল বুলি তেওঁ দাবী কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয়– ‘১৮৭৫ চনৰ স্বাধীনতা সংগ্ৰামেই হওঁক, বীৰ ভগত সিঙৰ বলিদানেই হওঁক বা নেতাজী সুভাষ চন্দ্ৰ বসুৰ দিল্লী চলো অথবা গান্ধীজীৰ ঐতিহাসিক দাণ্ডিমাৰ্চ– এই পৰ্যায়সমূহে ভাৰতৰ স্বাধীনতা আন্দোলনক এক গতি দিলে৷’ প্ৰধানমন্ত্ৰীয়ে মহাকুম্ভক এক গুৰুত্বপূৰ্ণ মুহূৰ্ত বুলিয়েই তুলি ধৰে৷ পিছে প্ৰধানমন্ত্ৰীৰ এই মন্তব্যক তীব্ৰ সমালোচনা কৰে ৰাহুল গান্ধীয়ে৷ তেওঁ কয়– ‘প্ৰধানমন্ত্ৰীয়ে মহাকুম্ভৰ মাহাত্ম্যৰ কথা ক’লেও পদদলিত হৈ নিহত হোৱাসকলক এবাৰো স্মৰণ নকৰিলে৷’