Logo
image

ভাৰতৰ আটাইতকৈ দীৰ্ঘদেহী পৰিয়ালটো

পুনে, ১৮ মাৰ্চঃ  এটা পৰিয়ালৰ আটাইবোৰ সদস্যই অস্বাভাৱিকভাৱে ওখ৷ এনে উদাহৰণ স’ততে পোৱা নাযায়৷ কিন্তু জানি আচৰিত হ’ব যে, পুনেত এটা পৰিয়াল আছে যাৰ প্ৰতিজন সদস্যৰে উচ্ছতা ছফুটতকৈও অধিক৷ পৰিয়ালটোৰ পিতৃ-মাতৃ, দুই কন্যাই উচ্ছতাৰ বাবে গণপৰিবহণ ব্যৱস্থাৰ বাছত উঠিব নোৱাৰে৷ এই পৰিয়ালটোৰ মুৰব্বীজনৰ নাম সৰোদ কুলকাৰ্ণি৷ পত্নীৰ নাম সঞ্জত কুলকাৰ্ণি৷ সৰোদ কুলকাৰ্ণিৰ উচ্ছতা জ্জ ফুট ডেৰ ইঞ্চি৷ আনহাতে, পত্নীৰ উচ্ছতা ৬ ফুট আঢ়ৈ ইঞ্চি৷ ১৯৮৮ চনত বিবাহপাশত আবদ্ধ হোৱাৰ পাছত বিশ্বৰ আটাইতকৈ উচ্ছতাসম্পন্ন দম্পত্তি হিচাপে তেওঁলোকৰ নাম লিমকা বুক অফ ৰেকৰ্ডত অন্তৰ্ভুক্ত হৈছিল৷ পিছত অৱশ্যে, কুলকাৰ্ণি দম্পত্তিৰ সেই অভিলেখ ভংগ কৰি তাৰ স্থান দখল কৰে কেলিফৰ্ণিয়াৰ ষ্টকটনৰ বাসিন্দা অৱেন আৰু লৰী হলকুইষ্টে৷ কিন্তু ভাৰতত কুলকাৰ্ণি দম্পত্তিৰ সেই অভিলেখ আজিলৈকে কোনেও ভংগ কৰিব পৰা নাই৷ উল্লেখ্য যে ভাৰতত মহিলাসকলৰ উচ্ছতা অধিক হ’লে সমস্যাৰ সৃষ্টি হয়৷


কিয়নো উচ্ছতা অনুসৰি পাত্ৰ পোৱাটো মস্কিল হৈ পৰে৷ কুলকাৰ্ণিৰ ক্ষেত্ৰতো একে সমস্যা হৈছিল৷ বিবাহপাশত আবদ্ধ হোৱাৰ বাবে তেওঁ পাত্ৰি বিচাৰি পোৱা নাছিল৷ কিন্তু এদিন মুম্বাইৰ পদপথত সঞ্জতৰ আইতাকে সৰোদক হঠাৎ প্ৰত্যক্ষ কৰে৷ লগে লগে নাতিনীয়েকৰ বিবাহৰ বাবে প্ৰস্তাৱ আগবঢ়ায়৷ সেই অনুসৰি ১৯৮৮ চনত তেওঁলোকৰ যুগ্ম জীৱন আৰম্ভ হয়৷ দুয়োৰে দুই কন্যা সন্তান আছে৷ সন্তান দুগৰাকীও পিতৃ-মাতৃৰ দৰে অস্বাভাৱিক ওখ৷ জ্যেষ্ঠ খন্যা মৃগা কুলকাৰ্ণিৰ উচ্ছতা ৬ ফুট এক ইঞ্চি৷ কনিষ্ঠা কন্যা ছানিয়া কুলকাৰ্ণিৰ উচ্ছতা ৬ ফুট চাৰি ইঞ্চি৷ দুয়োৰে সপোন মডেলিং কৰাৰ৷ দেশজুৰি এই পৰিয়ালটো উচ্ছতাৰ বাবে অভিলেখ গঢ়িলেও দৈনন্দিন জীৱনত তেওঁলোক সন্মুখীন হ’বলগা হয় বিভিন্ন সমস্যাৰ৷ ফুৰা-চকা, বজাৰ-সমাৰ কৰাৰ বাবে তেওঁলোকে গণপৰিবহণৰ কোনো বাছত উঠিব নোৱাৰে৷ বেছিভাগ সময় খোজকাঢ়ি বা স্কুটীৰে যাতায়াত কৰিবলগা হয়৷ অকল সেয়াই নহয় পৰিধান কৰা পোছাক আৰু জোতা-চেণ্ডেল আদিও বিদেশৰ পৰা ক্ৰয় কৰিব লাগে৷ তদুপৰি ঘৰৰ দুৱাৰ-খিৰিকী ৬ ফুটৰ সলনি জ্জ্ব ফুট উচ্ছতাৰ কৰিবলগা হৈছে৷ এই পৰিয়ালটোক লৈ স্বাভাৱিকতে পুনে বাসীও গৰ্ব অনুভৱ কৰে৷ কিয়নো দেশৰ ভিতৰতে আটাইতকৈ উচ্ছতাৰ পৰিয়ালটো থাকে পুনেত৷