
অহা বছৰ ১০ লাখ গামোচা ক্ৰয় কৰিব ৰাজ্য চৰকাৰে
‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৮ মাৰ্চঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে দিছপুৰস্থিত জনতা ভৱন পৰিসৰৰ লোকসেৱা ভৱনৰ সভাকক্ষৰ পৰা জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে এক বৈঠকত মিলিত হয়৷ বৈঠকত ১৯ মাৰ্চত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যখনৰ ৩,৮৮,৩৫৮গৰাকী হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধনৰাশিৰ অনুমোদন-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণৰ সম্পৰ্কত পৰ্যালোচনা কৰে৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে পলাশবাৰী সমষ্টিৰ ৰামপুৰত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় অনুষ্ঠানৰ পাছতে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টি সামৰি বিভিন্ন জিলা আৰু সমজিলা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া সভাত হিতাধিকাৰীসকলক অঁাচনিখনৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশিৰ অনুমোদন-পত্ৰ বিতৰণৰ ব্যৱস্থা কৰিবলৈ জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলক নিৰ্দেশ দিয়ে৷ তেওঁ কয় যে বিভাগৰ ফালৰ পৰা এই অনুষ্ঠানসমূহত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া মন্ত্ৰী, সাংসদ, বিধায়ক তথা বিশিষ্ট ব্যক্তিৰ তালিকা ইতিমধ্যে জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকললৈ প্ৰেৰণ কৰা হৈছে৷ মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠান আয়োজনৰ প্ৰস্তুতিৰ অগ্ৰগতি সম্পৰ্কত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ পৰা বিতংভাৱে বুজ লোৱাৰ লগতে এই অনুষ্ঠানৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে এই বৈঠকতে জিলাসমূহত গামোচা বিতৰণ কাৰ্যসূচীৰ বিষয়েও আলোচনা কৰে৷ এই কাৰ্যসূচীৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বজাৰত যাতে শিপিনীসকলে গামোচাৰ উচিত মূল্য পায় তাৰ বাবে ৰাজ্য চৰকাৰে ‘স্বনিৰ্ভৰশীল নাৰী’ শীৰ্ষক আঁচনিখন গ্ৰহণ কৰিছে৷
তেওঁ কয় যে ৰাজ্য চৰকাৰে প্ৰত্যক্ষভাৱে শিপিনীসকলৰ পৰা গামোচা ক্ৰয় কৰাৰ বাবে এই আঁচনিখন গ্ৰহণ কৰিছে৷ ৰাজ্য চৰকাৰে প্ৰতি বছৰে এটা নিৰ্দিষ্ট দামত গামোচা ক্ৰয় কৰিলে বজাৰতো শিপিনীসকলে গামোচাৰ উচিত মূল্য পোৱাটো নিশ্চিত হ’ব৷ গামোচাৰ বজাৰখন মধ্যভোগীমুক্ত কৰাৰ বাবে এই আঁচনিখন গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ তেওঁ কয় যে চৰকাৰে যিদৰে নূন্যতম সমৰ্থনমূল্যত ধান আৰু সৰিয়হ ক্ৰয় কৰিছে তেনেদৰেই এই আঁচনি জৰিয়তে শিপিনীসকলেও গামোচাৰ উচিত মূল্য পোৱাটো নিশ্চিত কৰিব বিচাৰিছে৷ চৰকাৰে এই বছৰ ৬.প্ত লাখ গামোচা ক্ৰয় কৰিবলৈ সক্ষম হৈছে আৰু অহা বছৰ ১০ লাখ গামোচা ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও তেওঁ সদৰী কৰে৷ জিলা আয়ুক্তসকলক শিপিনীসকলৰ পৰা প্ৰত্যক্ষভাৱে গামোচা ক্ৰয় কৰি চৰকাৰী কাৰ্যসূচীত এই গামোচাৰ ব্যৱহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে৷ ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যতো গামোচাৰ সমাদৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে বহিঃৰাজ্যৰ মুখ্যমন্ত্ৰীসকলক অসমৰ পৰা গামোচা ক্ৰয়ৰ বাবে অনুৰোধ জনাইছে বুলি কয়৷ মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতে প্ৰত্যেকটো অসম ভৱনতে এটা গামোচা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হ’ব বুলি কয়৷ তেওঁ কয় যে প্ৰতিখন আঁচনিৰ অন্তৰালত এটা দৰ্শন থাকে, ‘স্বনিৰ্ভৰ নাৰী’ আঁচনিৰ দৰ্শন হৈছে শিপিনীসকলে প্ৰস্তুত কৰা গামোচাৰ যাতে উচতি মূল্য লাভ কৰে তাক নিশ্চিত কৰা৷¸ এই দৰ্শন আগত ৰাখি চৰকাৰে ১০ লাখ গামোচাৰ বজাৰ সৃষ্টি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ কয়৷ বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জে বি এক্কা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব কে কে দ্বিবেদী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কীৰ্তি জল্লীৰ লগতে উচ্ছ পদস্থ বিষয়াসকল উপস্থিত থাকে৷