Logo
image

সংসদত বিল গেট্‌ছ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৯ মাৰ্চঃ  গেট্‌ছ ফাউণ্ডেশ্বনৰ অধ্যক্ষ তথা মাইক্ৰ’ছফ্‌টৰ প্ৰাক্তন চিইঅ’ বিল গেট্‌ছে আজি সংসদ ভৱনত উপস্থিত হয়৷ তেওঁ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাৰ সৈতে সংসদ ভৱনত এক বিশেষ বৈঠকত বহে৷ জানিব পৰা মতে বিল গেট্‌ছ ফাউণ্ডেশ্বনে ভাৰতৰ স্বাস্থ্যখণ্ড, কৃষি, শিক্ষা, জলবায়ু  পৰিৱৰ্তন আদি বিষয়ত কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে৷ এই সন্দৰ্ভত শীঘ্ৰেই কেন্দ্ৰীয় চৰকাৰৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে৷ যোৱা তিনিবছৰত গেট্‌ছে তিনিবাৰকৈ ভাৰত ভ্ৰমণলৈ আহিছে৷


কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ চৌহানক যোৱা ১৭ মাৰ্চত তেওঁ কৃষি ভৱনত সাক্ষাৎ কৰিছে৷ কেন্দ্ৰীয় কৃষিমন্ত্ৰীৰ সৈতে গেট্‌ছে কৃষি আৰু গ্ৰামীণ উন্নয়নৰ সন্দৰ্ভত বিভিন্ন কথা আলোচনা কৰিছে৷ কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱকো তেওঁ ইতিমধ্যে সাক্ষাৎ  কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতো বিকশিত ভাৰত ২০৪৭ লৈ আলোচনা কৰিছে৷ বৃহস্পতিবাৰে গেট্‌ছে অন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুকো সাক্ষাৎ কৰিব৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাৰ কাৰ্যালয়ৰ পৰা গেট্‌ছৰ সাক্ষাতৰ সন্দৰ্ভত এনেদৰে কোৱা হৈছে– ‘গেট্‌ছ ফাউণ্ডেশ্বনে মানসিক স্বাস্থ্য, টিকাকৰণ, চেনিটাইজেশ্বনৰ খণ্ডত কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে৷ দেশৰ স্বাস্থ্যখণ্ডৰ উচ্ছাকাংক্ষী লক্ষ্য দেখি তেওঁ উৎসাহী হৈ পৰিছে৷