Logo
image

নিৰ্বাচনী বতাহ বলিছে, মুখ্যমন্ত্ৰী যেন দাতাকৰ্ণ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, পলাশবাৰী আৰু বকোৰ প্ৰতিবেদক, ১৯ মাৰ্চঃ  ৰাজ্যত এইবাৰ ফাগুনৰ মলয়া নবলিল৷ চ’তত একেবাৰে নিৰ্বাচনী বতাহহে বলিল৷ ৰাজ্যত বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ১০ মাহহে বাকী৷ ইয়াৰ মাজতে আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে অহা ২-৫ এপ্ৰিলৰ ভিতৰত ঘোষিত হ’ব পঞ্চায়ত নিৰ্বাচনৰ দিন-বাৰ৷ বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহ’ব বুলিও ওলোৱা প্ৰচাৰক নস্যাৎ কৰি আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে পঞ্চায়ত নিৰ্বাচন পাতিবই লাগিব৷ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহ’লে বিত্তীয় আয়োগৰ গ্ৰাণ্ট বন্ধ হৈ যাব৷ ২৯ মাৰ্চলৈকে যিহেতু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আছে গতিকে ৩১ মাৰ্চলৈকে পঞ্চায়ত নিৰ্বাচনৰ দিন-বাৰ ঘোষণা নহয়৷ কিন্তু ২-৫ এপ্ৰিলৰ ভিতৰত ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰিব বুলি মই নিশ্চিত৷ কাৰ্যতঃ এইবাৰ ৰঙালী বিহুতে ৰাজ্যত চৌদিশে বলিব নিৰ্বাচনী বতাহ৷ যিহেতু নাকৰ আগত পঞ্চায়ত নিৰ্বাচন, ইয়াৰ পাছতে ২০২৬ৰ বিধানসভাৰ মহাৰণ– দুয়োটা নিৰ্বাচনকে ছেমিফাইনেল আৰু ফাইনেল হিচাপে গণ্য কৰি অতি কৌশলী ৰণকৌশললৈ আগবাঢ়িছে বিজেপি দল-চৰকাৰ৷ নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ভোটাৰৰ প্ৰতি চেনেহ বাঢ়িছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দাতাকৰ্ণৰ দৰে মুখ্যমন্ত্ৰীয়ে কেৱল মহিলা আৰু যুৱতীৰ বাবে ১০ হাজাৰ কোটি টকাৰ আঁচনি ঘোষণা কৰিয়েই ক্ষান্ত নাথাকি বাটে-ঘাটে আৰ্তজনৰ দুখৰ খবৰ লৈ তাৎক্ষণিকভাৱে সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷ এনে কাৰ্যসূচীৰ অংশ হিচাপেই আজি মুখ্যমন্ত্ৰীয়ে পলাশবাৰীৰ ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ৰাজ্যজুৰি প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত ৩,৮৮,৩৫৮ গৰাকী হিতাধিকাৰীলৈ গৃহ অনুমোদন পত্ৰ প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ মুখ্যমন্ত্ৰীয়ে এই কেন্দ্ৰীয় অনুষ্ঠানত আনুষ্ঠানিকভাৱে ১০ গৰাকী হিতাধিকাৰীক গৃহ অনুমোদন পত্ৰ প্ৰদান কৰে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে আজি সমগ্ৰ ৰাজ্যখনৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অধীনত পলাশবাৰীৰ ৰামপুৰৰ পৰা গৃহ অনুমোদন পত্ৰ প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰে৷ এই পদক্ষেপৰ অংশ হিচাপে প্ৰথম কিস্তিৰ  ৩৭,৫০০ টকা হিতাধিকাৰীয়ে বেংক একাউণ্ট যোগে লাভ কৰিব৷ এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে প্ৰত্যেকজন দৰিদ্ৰ লোকে গৃহ লাভ কৰাটো চৰকাৰে সুনিশ্চিত কৰিব বিচাৰিছে৷ তেওঁ লগতে কয় যে আগন্তুক সময়ছোৱাত চ্ছ লাখ পৰিয়ালৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ লক্ষ্য সম্পূৰ্ণ কৰিব বিচাৰিছে৷  মুখ্যমন্ত্ৰীয়ে কয় যে নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিছিল যে তৃতীয়বাৰৰ বাবে শাসন ক্ষমতালৈ আহিলে আৰু ৫ কোটি ভাৰতীয় লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ উপলব্ধ কৰোৱা হ’ব৷ ৫ কোটি লোকলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, জ্যেষ্ঠজনক স্বাস্থ্যৰ  বিনামূলীয়া সুবিধা প্ৰদান, কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেঞ্চন আঁচনিৰ লেখীয়া যিবোৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তাক বাস্তৱত ৰূপায়ণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে পদক্ষেপ লৈছে বুলিও তেওঁ কয়৷ সকলো দৰিদ্ৰ লোকে প্ৰধানমন্ত্ৰীৰ সদ্দিচ্ছাৰ বাবে গৃহ লাভ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰতিবছৰে পৰ্যায়ক্ৰমে গৃহ প্ৰদানৰ ব্যৱস্থা কৰি আহিছে৷ চৰকাৰে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত জিঅ’টেগিং কৰি ২০১১ চনত আৰ্থ-সামাজিক সমীক্ষা আৰু ২০১৮ চনত জিঅ’টেগিং কৰি ৪,১১,৭৯৩ গৰাকী হিতাধিকাৰীক নিৰ্বাচিত কৰা হৈছিল৷ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰত্যেক বছৰে ৩ ৰ পৰা ৪ লাখকৈ লোকক গৃহ প্ৰদান কৰি অহা হৈছে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১০ বছৰীয়া শাসনকালত বৰ্তমানলৈকে অসমত ২০,৪৬,৫৫৩ গৰাকী হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ লাভ কৰিবলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অহা বছৰ এপ্ৰিল আৰু ছেপ্টেম্বৰ মাহত ৩ লাখ ৮০ হাজাৰ পৰিয়ালক গৃহ প্ৰদান কৰা হ’ব৷ ইয়াৰ ফলত সৰ্বমুঠ ৪,১১,৭৯৩টা পৰিয়ালে গৃহ লাভ কৰিব বুলি তেওঁ কয়৷ তেওঁ কয় যে কিস্তি অনুযায়ী হিতাধিকাৰী সকলক বেংক একাউণ্টত তেওঁলোকৰ ধন দিয়াৰ ব্যৱস্থা লোৱা হৈছে৷ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে গৃহ লাভ কৰাতো নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে গাঁৱে গাঁৱে গৈ জিঅ’টেগিঙৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কোনো দৰিদ্ৰ পৰিয়াল যাতে বঞ্চিত নহয় আৰু গৃহ প্ৰদানৰ নামত হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহ কৰিব নোৱাৰে সেইটো সুনিশ্চিত কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে৷ ৰাজ্য চৰকাৰে এটা ৱাটছআপ নম্বৰ উপলব্ধ কৰাব আৰু এই নম্বৰত অভিযোগ দাখিল কৰিব পাৰিব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এইবাৰ জিঅ’টেগিঙৰ বাবে বিভাগীয় কৰ্মচাৰীসকলে গাঁৱে গাঁৱে নাযায়৷ ইয়াৰ বাবে জীৱিকা সখীসকলক প্ৰশিক্ষিত কৰা হৈছে৷ তেওঁলোকে নিজৰ গাঁৱৰ পৰা বাহিৰৰ গাঁৱলৈ গৈ প্ৰপত্ৰ পুৰণ কৰি দিয়াৰ লগতে গৃহৰ ছবি তুলিব৷ ইয়াৰ পিছত গাঁৱসভাৰ জৰিয়তে প্ৰকৃত দৰিদ্ৰ পৰিয়ালৰ নাম নিৰ্ধাৰণ কৰা হ’ব৷ খণ্ড উন্নয়ন পৰ্যায়ত ৰাজ্য চৰকাৰে এখন সমিতি গঠন কৰি দিব৷ অনুৰূপভাৱে জিলা পৰ্যায়টো হিতাধিকাৰীসকলৰ নাম বিবেচনা কৰা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে গৃহ লাভ কৰাৰ বাবে নিজৰ ঘৰৰ ছবি তুলি প’ৰ্টেলত দিয়াৰ ব্যৱস্থা কৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় আঁচনিৰ বাবে প্ৰপত্ৰ বিতৰণ কৰি থকা হৈছে৷ পূৰ্ৱে ৪ লাখ লোকক এই আঁচনিৰ জৰিয়তে সামৰি লোৱা হৈছিল যদিও এতিয়া ৩৭ লাখ লোকে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব৷ মুখ্যমন্ত্ৰীয়ে কয় য়ে ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে কেৱল চাউল লাভ কৰি আহিছে৷ ৰেচনকাৰ্ড থকা পৰিয়ালে বজাৰ দৰতকৈ দাইল আৰু চেনী ২৫ টকা কম মূল্যত লাভ কৰাৰ লগতে নিমখত ১০ টকা কম মূল্যত ক্ৰয় কৰিব পাৰিব৷ তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ অধীনত আত্মসহায়ক গোটৰ যোগ্য মহিলাক ১০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে৷ এই ১০ হাজাৰ টকা সঠিককৈ ব্যৱহাৰ কৰিলে বেংকৰ পৰা ২৫ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ ইয়াৰে ১২,৫০০ টকা চৰকাৰে প্ৰদান কৰিব বুলিও তেওঁ কয়৷ এই আঁচনিখন বিহালীত ৰ এপ্ৰিলত আৰম্ভ কৰা হ’ব বুলি তেওঁ কয়৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ড॰ জে বি এক্কাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ভাষণ প্ৰদান কৰে৷ আজিৰ এই অনুষ্ঠানত বিধায়ক হেমাংগ ঠাকুৰীয়া, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কীৰ্তি জল্লী, কামৰূপৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰকে ধৰি আন বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷ ইফালে, মুখ্যমন্ত্ৰীয়ে ইতিপূৰ্বে ঘোষণা কৰিছে যে পহিলা এপ্ৰিলত বিহালী বিধানসভা সমষ্টিত ২৩,০০০ আত্মসহায়ক গোটৰ মহিলাৰ প্ৰত্যেককে ১০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখনৰ শুভাৰম্ভ কৰা হ’ব৷ ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যৰ ২৬-২৭ লাখ মহিলাৰ তালিকা আঁচনিখনৰ বাবে চূড়ান্ত কৰা হ’ব৷ এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ১০ হাজাৰ, দ্বিতীয় বছৰত ২৫ হাজাৰ আৰু তৃতীয় বছৰত ৫০ হাজাৰ টকা আগবঢ়োৱা হ’ব৷ আঁচনিখনত মুঠ ৩২০০ কোটি খৰচ হ’ব৷ বাজেটত ঘোষিত প্ৰথমটো প্ৰতিশ্ৰুতি ৰ এপ্ৰিলৰ দিনাই এনেদৰে কাৰ্যকৰী কৰা হ’ব বুলি আজি সংবাদমেলত মুখ্যমন্ত্ৰীয়ে দাবী কৰে৷ উল্লেখ্য, বিত্তমন্ত্ৰী অজন্তা নেওগে ১০ মাৰ্চত দাখিল কৰা বাজেটত ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা ৩৭.২ লাখলৈ বৃদ্ধি কৰি ইয়াৰ বাবে ১,০০০ কোটি টকা ধাৰ্য কৰিছে৷ নিযুত মইনা আঁচনিৰ অধীনত ১০ মাহৰ বাবে প্ৰতিমাহে একাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে ৰ,০০০ টকা, স্নাতক প্ৰথমবৰ্ষৰ ছাত্ৰীসকলৰ বাবে ৰ,২৫০ টকা, স্নাতকোত্তৰ তথা বিএডৰ প্ৰথমবৰ্ষৰ ছাত্ৰীলৈ ২,৫০০ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে৷ মুঠ ৪.৩ লাখ ছাত্ৰীক এই আঁচনিয়ে সামৰি ল’ব আৰু ইয়াৰ বাবে ৩৯১ কোটি টকাৰ আবণ্টন দিয়া হৈছে৷ তদুপৰি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত অসমৰ চৰকাৰী বিশ্ববিদ্যাল-মহাবিদ্যালয়ৰ পৰা ২০২৫ চনত উত্তীৰ্ণ স্নাতকলৈ এবছৰৰ বাবে প্ৰতিমাহে ২,৫০০ টকাকৈ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে৷ জিলা আয়ুক্তৰ পৰামৰ্শমৰ্মে ২,৫০০ টকাৰ পৰিৱৰ্তে এককালীন বিত্তীয় সাহাৰ্য হিচাপে ২৫,০০০ টকা নিবনুৱাক প্ৰদান কৰা হ’ব৷ তদুপৰি ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থীৰ বাবে লিংগ নিৰ্বিশেষে ২৫,০০০ টকা আৰু দিবাংগ গৱেষক শিক্ষাৰ্থীৰ বাবে ৫০,০০০ টকাৰ এককালীন সাহাৰ্য আগবঢ়োৱা হৈছে৷ আঁচনিখনৰ বাবে ২৫ কোটি টকা ধাৰ্য কৰা হৈছে৷ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত নতুনকৈ ৭৫,০০০ হিতাধিকাৰীক সামৰি  ল’ব৷ ইয়াৰে প্ৰতিজনে ২ লাখকৈ আৰ্থিক সাহায্য লাভ কৰিব৷ যিসকলে বৃত্তিগত ডিগ্ৰী সম্পূৰ্ণ কৰিছে তেওঁলোকে প্ত লাখ টকাকৈ লাভ কৰিব৷ আঁচনিখনত ব্যয় হ’ব ৭৭৩ কোটি টকা৷ বাজেটত খাদ্য সুৰক্ষাৰ সকলো ৰেচনকাৰ্ডধাৰীলৈ ৰাজসাহায্যযুক্ত হাৰত মাহত এক কিলো মচুৰ দাইল, এক কিলো চেনী আৰু এক কিলোকৈ নিমখ যোগানৰ প্ৰস্তাৱ দিয়া হৈছে৷ ঘৰত প্তজনতকৈ সদস্য অধিক হ’লে লাভ কৰিব আৰু এক কেজি মচুৰ দাইল৷ প্ৰতি কেজি মচুক দাইল ২৫ টকাত, প্ৰতি কেজি চেনী ২০ টকাত আৰু প্ৰতি কিলো নিমখ ১০টকাত উপলব্ধ হ’ব৷ ইয়াৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৩৭০ কোটি টকা৷ একেদৰে ৰাজ্যৰ ৬.৭ লাখ চাহ শ্ৰমিকৰ পৰিয়াললৈ এককালীন বিত্তীয় সাহাৰ্য হিচাপে ৫,০০০ টকাকৈ আগবঢ়োৱা হ’ব৷ ইয়াৰ বাবে ব্যয় কৰা হ’ব ৩৪২ কোটি টকা৷


শোণিতপুৰত ১৫ সহস্ৰাধিক হিতাধিকাৰীক আৱণ্টন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ তেজপুৰঃ  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি কামৰূপ জিলাৰ পলাশবাৰীত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানৰ পৰা প্ৰযুক্তিগতভাৱে সমগ্ৰ ৰাজ্যৰ ৩,৮৮,৩৫৮গৰাকী হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ অনুমোদন-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়৷ এই পদক্ষেপৰ অংশ হিচাপে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিত একেধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ সমান্তৰালকৈ আজি শোণিতপুৰ জিলাৰ পিএমএৱাই-জিৰ হিতাধিকাৰীসকলক জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত কৰা কাৰ্যসূচীৰ জৰিয়তে মুঠ ১৫,১৩৮খন অনুমোদন-পত্ৰ বিতৰণ কৰা হয়৷ তেজপুৰ বিধানসভা সমষ্টিৰ বাবে তেজপুৰৰ শ্বহীদ বাকৰিত অনুষ্ঠিত এই অনুষ্ঠানত তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ২,২৩৫গৰাকী হিতাধিকাৰীয়ে অনুমোদন-পত্ৰ লাভ কৰে৷ নদুৱাৰ বিধানসভা সমষ্টিৰ বাবে জামুগুৰিৰ টুপিয়া পাঁচগাঁও সমূহিক ভৱনত অনুষ্ঠিত এই অনুষ্ঠানত নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা,  শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, নদুৱাৰ সম-জিলাৰ সম-জিলা আয়ুক্ত ৰাজ বৰুৱা উপস্থিতিত ২,৯২৯গৰাকী হিতাধিকাৰীয়ে অনুমোদন-পত্ৰ লাভ কৰে৷  বৰচলা বিধানসভা সমষ্টিৰ বাবে ঠেলামৰাৰ বাপুজী ভৱনত বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ উপস্থিতিত ৩,২৪২গৰাকী হিতাধিকাৰীয়ে অনুমোদন-পত্ৰ গ্ৰহণ কৰে৷ একেদৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ বাবে ৰঙাপৰাৰ ফুলবাৰী দুৰ্গা মণ্ডপত অনুষ্ঠিত এই অনুষ্ঠানত ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ উপস্থিতিত ৩,২৮৯গৰাকী হিতাধিকাৰীক অনুমোদন-পত্ৰ প্ৰদান কৰা হয়৷ আনহাতে, ঢেকীয়াজুলিৰ ভোটপাৰা ষ্টেডিয়ামত ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বাবে আয়োজিত এই অনুষ্ঠানত শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত অংকুৰ ভৰালী, সম-জিলা আয়ুক্ত দু্যতিভা বৰাই ৩,৪৪৩গৰাকী হিতাধিকাৰীয়ে অনুমোদন-পত্ৰ গ্ৰহণ কৰে৷

নলবাৰীত ১১,৮৭৬ হিতাধিকাৰীক গৃহ নিৰ্মাণৰ আৱণ্টন

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধিঃ  নলবাৰী জিলাৰ তিনিওটা বিধানসভা সমষ্টিত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ [গ্ৰামীণ] অনুমোদন-পত্ৰ বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়৷ জিলাখনৰ মুঠ ১১,৮৭৬গৰাকী হিতাধিকাৰীক ২০২৪-২৫ বিত্তীয় বৰ্ষত প্ৰদান কৰা হয় গৃহ নিৰ্মাণ অনুমোদন-পত্ৰ৷ সেইমৰ্মে নলবাৰী সমষ্টিৰ ৩৪১৯গৰাকী হিতাধিকাৰীক নতুন গৃহৰ বাবে অনুমোদন-পত্ৰ বিতৰণী অনুষ্ঠান আজি চৰকাৰী গৰ্ডন উচ্ছতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়৷ উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই কল্যাণকামী আঁচনিৰ বাবে প্ৰধানমন্ত্ৰীজনক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অক্লান্ত চেষ্টাৰ বাবেই অসমৰ বৃহৎসংখ্যক হিতাধিকাৰীয়ে এই আঁচনিৰ অধীনত উপকৃত হ’বলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে৷ উল্লেখ্য, আজিৰ এই অনুষ্ঠানত মন্ত্ৰীজনে নিজ হাতেৰে ১০গৰাকীকৈ হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন-পত্ৰ প্ৰদান কৰে৷ অনুষ্ঠানত জিলা আয়ুক্ত বৰ্ণালী ডেকা উপস্থিত থাকে৷ জিলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ [গ্ৰামীণ] অধীনত এতিয়ালৈকে নলবাৰী জিলাত সৰ্বমুঠ ৫০৯৪৫গৰাকী হিতাধিকাৰীক ঘৰ আবণ্টন দিয়া হৈছে আৰু ইয়াৰে ভিতৰত ৪৭২৫৮টা আৱাস নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে৷ আজি নলবাৰী জিলাৰ তিনিওটা সমষ্টিতে আয়োজিত অনুৰূপ অনুষ্ঠানত সমগ্ৰ জিলাৰ ভিতৰত নতুনকৈ সৰ্বমুঠ ১১,৮৭৬গৰাকী হিতাধিকাৰীক আৱাস আবণ্টন-পত্ৰ দিয়া হয় আৰু পৰৱৰ্তী সময়ত আৰু ৬৪৮০ গৰাকী হিতাধিকাৰীক পৰ্যায়ক্ৰমে আবণ্টন-পত্ৰ প্ৰদান কৰা হ’ব৷ উল্লেখ্য, এই আঁচনিৰ অধীনত হিতাধিকাৰীয়ে নিজৰ ঘৰখন নিৰ্মাণ কৰাৰ বাবে মুঠ ১,৩০,০০০টকা তিনিটা কিস্তিত ক্ৰমে- ৩২,৫০০ টকা প্ৰথম কিস্তিত আৰু ৪৮,৭৫০ টকাকৈ দ্বিতীয় আৰু তৃতীয় কিস্তিত নিজৰ বেংক একাউণ্টযোগে পোনপটীয়াকৈ লাভ কৰিব৷ তদুপৰি, এম জি এনৰেগাৰ অধীনত ৯৫ দিনৰ মজুৰিৰ লগতে স্বচ্ছ ভাৰত অভিযানৰ অধীনত অনাময় শৌচালয় নিৰ্মাণৰ বাবে সহায়তা, জল জীৱন মিছনৰ অধীনত বিশুদ্ধ খোৱাপানীৰ যোগান আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ অধীনত ৰন্ধন গেছৰ সংযোগ লাভ কৰিব৷ নলবাৰী সমষ্টিৰ এতিয়ালৈকে ১৬২৩৬গৰাকী হিতাধিকাৰীক ইতিমধ্যেই ঘৰ আবণ্টন দিয়া হৈছে আৰু আজি নতুনকৈ ৩৪১৯গৰাকী হিতাধিকাৰীয়ে আবণ্টন লাভ কৰে৷ ঠিক সেইদৰে টিহু সমষ্টিৰ অধীনস্থ ১৪৯১৩ গৰাকী হিতাধিকাৰীয়ে ইতিমধ্যে ঘৰৰ আবণ্টন লাভ কৰিছে আৰু আজি নতুনকৈ ৩৭৭৩গৰাকীয়ে আবণ্টন লাভ কৰে৷ বৰক্ষেত্ৰী সমষ্টিতো ১৯৭৯৬গৰাকী হিতাধিকাৰীয়ে এতিয়ালৈকে ঘৰৰ আবণ্টন লাভ কৰিছিল আৰু আজি নতুনকৈ ৪৬৭৪গৰাকীক গৃহ আবণ্টন প্ৰদান কৰা হয়৷ আজি নলবাৰী সমষ্টিৰ অনুষ্ঠানত নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ, বিজেপিৰ নলবাৰী জিলা সমিতিৰ সভাপতি জয়ন্ত বুজৰবৰুৱা উপস্থিত থাকে৷ উল্লেখ্য, টিহু সমষ্টিৰ অনুমোদন-পত্ৰ বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাবে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত থকাৰ সমান্তৰালকৈ বৰক্ষেত্ৰী সমষ্টিত অনুষ্ঠিত হোৱা অনুৰূপ অনুষ্ঠানত জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা উপস্থিত থাকে৷

কলিয়াবৰ আৱণ্টন-পত্ৰ বিতৰণ মন্ত্ৰী কেশৱ মহন্তৰ

‘আমাৰ অসম’ৰ কলিয়াবৰৰ প্ৰতিবেদকঃ  কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ হিতাধিকাৰীসকললৈ আজি স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই আৱাসগৃহৰ অনুমোদন-পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত পলাশবাৰী সমষ্টিত অনুষ্ঠিত ৰাজ্যিকপৰ্যায়ৰ অনুষ্ঠানটি হিতাধিকাৰীসকলৰ বাবে পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা অনুষ্ঠানটিত কলিয়াবৰ সম-জিলা প্ৰশাসনে কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত হিতাধিকাৰীসকললৈ আবণ্টন-পত্ৰ বিতৰণ কৰা হয়৷ কুঁৱৰীটোলৰ মুক্তিযুঁজাৰু স্মৃতি ভৱনত আয়োজিত এই অনুষ্ঠানত কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ২২টা গাঁও পঞ্চায়তৰ সৰ্বমুঠ ৪০৬৭গৰাকী হিতাধিকাৰীৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণৰ আবণ্টন-পত্ৰ বিতৰণ কৰা হয়৷ কলিয়াবৰ সম-জিলা আয়ুক্ত লিজা তালুকদাৰ, সহকাৰী আয়ুক্ত হিমাশ্ৰী ডেকা, নৱ পেগু,  অভিজাত বৰা, খণ্ড উন্নয়ন বিষয়া শিল্পা দত্ত উপস্থিত থাকে৷