Logo
image

স্বাভাৱিক জীৱনৰ বাবে ৪৫ দিন ৰিহেবত থাকিব সুনীতা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ মাৰ্চঃ  একেৰাহে ৯ মাহ মহাকাশ ষ্টেচনত বাস কৰাটো যিমান কষ্টসাধ্য, পৃথিৱীলৈ উভতি অহাৰ পাছত নভোচৰৰ স্বাভাৱিক জীৱনলৈ ঘূৰি অহাটো সমানেই কষ্টসাধ্য৷ বুধবাৰে ভাৰতীয় সময় অনুসৰি পুৱতি নিশা ৩.২৭ বজাত ফ্লৰিডাৰ টালাহাছিৰ সমূদ্ৰত অৱতৰণ কৰা সুনীতা উইলিয়ামছ আৰু সংগী নভোচৰ বুছ উইলমোৰক স্বাভাৱিক জীৱনলৈ ওভোতাই অনাৰ বাবে ৪৫ দিন ‘ৰিহেব’ত ৰাখিব নাছাই৷ এই ৪৫ দিনীয়া স্বাস্থ্য উদ্ধাৰৰ পৰিচৰ্যা  কাৰ্যসূচীৰ অন্ততহে দুই মহাকাশচাৰী স্বাভাৱিক জীৱন যাত্ৰালৈ উভতি আহিব৷ অৱশ্যে সুনীতা-উইলমোৰৰ সৈতে একেলগে অহা নিক হগ আৰু আলোকজেণ্ডাৰ গৰ্বানুভৰ বাবে ইমান দীৰ্ঘদিনীয়া ‘ৰিহেব’ সূচীৰ প্ৰয়োজন নহ’বও পাৰে৷

মহাকাশৰ মধ্যাকৰ্ষণহীন অৱস্থাত দীৰ্ঘদিন বাস কৰি পৃথিৱীলৈ উভতি অহাৰ পাছত সকলো মহাকাশচাৰীয়েই বহু শাৰীৰিক সমস্যাত ভোগে৷ সাধাৰণতে মহাকাশযাত্ৰীৰ মহাকাশ ষ্টেচনত থকাৰ সূচী ছমাহৰ হয়৷ মধ্যাকৰ্ষণহীন অৱস্থাত দৈনন্দিন জীৱনযাত্ৰা আৰু কাম-কাজ কৰিব পৰাকৈ যিহেতু মানৱদেহ তৈয়াৰ হোৱা নাই, সেয়ে ৬ মাহ বা ততোধিক সময় মহাকাশ ষ্টেচনত থাকি অহাৰ পাছত সকলো নভোচৰেই বিভিন্ন শাৰীৰিক সমস্যা সৃষ্টি হোৱা স্বাভাৱিক৷ মহাকাশ ষ্টেচনৰ ‘মাইক্ৰ’গ্নেভিটি’ অৱস্থাত নভোচৰৰ শৰীৰৰ তৰল পদাৰ্থ মস্তিষ্কলৈ বৈ জমা হ’বলৈ ধৰে৷ মধ্যাকৰ্ষণহীন পৰিস্থিতিত থকাৰ ফলত হাড়ৰ ওজন কমে, হাড় ভংগুৰ হৈ পৰে, যাক ‘অস্তিয়োপোৰোছিছ’ৰ নামান্তৰ বুলি ধৰা হয়৷ মাংসপেশী সংকুচিত হৈ পৰে মহাকাশত নভোচৰে ভোগা ‘স্পেচ ছিকনেছ’ পৃথিৱীলৈ উভতি অহাৰ পাছতো থাকি যায়৷ মহাকাশত থকা অৱস্থাত চকুৰ মণিৰ আকাৰ, ৰেটিনাৰ আকাৰ সলনি হয় আৰু ফলত দৃষ্টিশক্তিও হ্ৰাস পায়৷ ভৰিৰে খোজ নকঢ়াৰ বাবে ভৰিৰ পতা কোমল হৈ শিশুৰ দৰে সংবেদনশীল হৈ পৰে৷ ইয়াক ‘বেবী ফিট’ বুলি কোৱা হয়৷ 


এনে শাৰীৰিক বিসংগতিক লৈ ২০১৫-১৬ চনত ৩৪০ দিন মহাকাশত থকা নভোচৰ স্কট কেলীৰ শাৰীৰিক পাৰ্থক্য পৃথিৱীত থকা ভাতৃ মাৰ্ক কেলীৰ সৈতে তুলনা কৰি দীৰ্ঘ গৱেষণা কৰা হৈছিল৷ তেতিয়া স্কটৰ শৰীৰত ডিএনএ-ৰ মিউটেচন বা গঠনগত স্থায়ী পৰিৱৰ্তন ধৰা পৰিছিল৷ তেওঁৰ শৰীৰত মাইক্ৰোবায়োমত নতুন বেক্টেৰিয়া জন্ম হোৱাও ধৰা পৰিছিল৷ এনে সকলো প্ৰভাৱ আৰু বিসংগতি দূৰ কৰি স্বাভাৱিক অৱস্থালৈ অনাৰ বাবে ক্ৰু-ড্ৰেগন মহাকাশযানৰ পৰা সুনীতা উইলিয়ামছ আৰু ৩ সতীৰ্থক হেলিকপ্টাৰত তুলি নি তাৎক্ষণিকভাৱে শাৰীৰিক পৰীক্ষা কৰি প্ৰয়োজনীয় স্বাস্থ্যসেৱা প্ৰদান কৰা হৈছে৷ কোনো অসুস্থতা নাথাকিলে তেওঁলোকক ৪৮ ঘণ্টাৰ ভিতৰত হিউষ্টনত থকা জনছন স্পেচ চেণ্টাৰলৈ লৈ যোৱা হ’ব৷ তাত আছে নভোচৰৰ ক্ৰু কোৱাৰ্টাৰ৷ সেই কোৱাৰ্টাৰতে তেওঁলোকে দীৰ্ঘদিন পৰিচৰ্যা কৰা হ’ব শৰীৰক পৃথিৱীৰ পৰিৱেশৰ সৈতে মিলাই ল’বলৈ৷ সেই পৰ্যায়টোৱেই ‘ৰিহেব’ বা স্বাস্থে্যাদ্বাৰ৷ প্ৰায় সম্পূৰ্ণ স্বাভাৱিক অৱস্থা ঘূৰাই পোৱাটো নিশ্চিত হ’লে সুনীতা তথা সতীৰ্থক তেওঁলোকৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ সংবাদ মাধ্যমৰ সন্মুখীন কৰা হ’ব৷ অৱশ্যে সুনীতা উইলিয়ামছ আৰু বুছ উইলমোৰৰ অভিযান ব্যতিক্ৰমী হোৱাৰ বাবে তেওঁলোকক আগতীয়াকৈ সংবাদ মাধ্যম মুখামুখি কৰা হ’ব পাৰে৷ এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ সৰ্বাধিক দৈৰ্ঘ হ’ব পাৰে ৪৫ দিন৷ ইয়াৰ পাছতহে তেওঁলোকে মিছন ছাৰ্জেণ্টৰ অনুমতি পালে পৰিয়ালৰ সৈতে মিলিত হ’ব পাৰিব৷