Logo
image

নুমলীগড়ৰ বৰদিহিঙীয়াত বিশ্ব ঘৰচিৰিকা দিৱস উদযাপন

'আমাৰ অসম'ৰ নুমলীগড়ৰ প্ৰতিবেদক, ২০ মাৰ্চঃ বিশ্ব ঘৰচিৰিকা দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নুমলীগড়ৰ বৰদিহিঙীয়া নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক পৰিৱেশ সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত কমাৰগাঁও বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন কাকতিয়ে ছাত্ৰ-ছাত্ৰী সকলক বিশ্ব ঘৰচিৰিকা দিৱসৰ লগত সংগতি ৰাখি  সমাজৰ কৰণীয় সম্পৰ্কে বক্তব্য আগবঢ়ায়।


সভাত মহেশ্বৰ ৰবিদাসে কয় যে, গ্ৰাম্যাঞ্চল সমূহত আজিকালি খেৰ বাঁহৰ ঘৰ নাইকিয়া হৈ আহিছে, ঘৰচিৰিকা চৰাইৰ বাসস্থান আৰু খাদ্য কমি অহাত এই চৰাই বিধ ক্ৰমে লুপ্তপ্ৰায় হৈছে। বৰদিহিঙীয়া নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক মহেন দলেই আঁতধৰা সভাত অৱসৰপ্ৰাপ্ত শিক্ষক মুখেশ্বৰ শইকীয়া, প্ৰাক্তন গাওঁ প্ৰধান লোকেশ্বৰ হাজৰিকা, আৰণ্যকৰ প্ৰকল্প বিষয়া আৰিফ হুছেইন উপস্থিত থাকে।