Logo
image

ৰাজস্থান ৰয়েলছক নেতৃত্ব দিব ৰিয়ান পৰাগে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ মাৰ্চঃ অসমৰ যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ বাবে আই পি এলৰ ২০২৪ ছীজনটো আছিল যথেষ্ট উৎসাহজনক৷ ৰাজস্থান ৰয়েলছৰ হৈ খেলা ৰিয়ানে ছীজনটোত ১৬খন খেলত  সংগ্ৰহ কৰিছিল ৫৭৩  ৰান, য’ত  আছিল চাৰিটা অৰ্ধশতক৷ ৰানৰ গড় আছিল ৫০তকৈ অধিক৷ ছীজনটোত ৰিয়ানে দলটোৰ হৈ সৰ্বাধিক আৰু টুৰ্নামেণ্টখনত তৃতীয় সৰ্বাধিক ৰান সংগ্ৰহ কৰিছিল৷ আই পি এলত দেখুওৱা এই প্ৰদৰ্শনে পৰৱৰ্তী সময়ত ৰিয়ানৰ ৰাষ্ট্ৰীয় দলত অভিষেক ঘটোৱাৰ পথো প্ৰশস্ত কৰিছিল৷ ২৩ বছৰীয়া ক্ৰিকেটাৰজনক এইবাৰৰ আই পি এলত দেখা যাব এক অন্য ভূমিকাত৷ ৰাজস্থান ৰয়েলছৰ প্ৰথম তিনিখন খেলত দলটোক নেতৃত্ব দিব ৰিয়ানে৷ আঘাতমুক্ত হৈ নিয়মিত অধিনায়ক সঞ্জু ছেমছন দললৈ উভতিছে যদিও প্ৰথম তিনিখন খেলত তেওঁ দলটোক নেতৃত্ব নিদিয়ে৷ বৃহস্পতিবাৰে ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা এই কথা নিশ্চিত কৰা হৈছে৷ উল্লেখ্য, এইবাৰ ৰাজস্থান ৰয়েলছে প্ৰথম তিনিখন খেল খেলিব ক্ৰমে ছানৰাইজাৰ্ছ হায়দৰাবাদ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে৷ দ্বিতীয় আৰু তৃতীয় খেলখন অনুষ্ঠিত হ’ব গুৱাহাটীত৷


অৰ্থাৎ গৃহ চহৰত ৰিয়ানে দুখন খেলত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিয়াৰ সুযোগ পাব৷ ৰাজস্থান ৰয়েলছৰ ফালৰ পৰা প্ৰকাশ কৰা বিবৃতিত কোৱা হৈছে যে প্ৰথম তিনিখন খেলত কেৱল বেটাৰ হিচাপে দলত থাকিব সঞ্জু  ছেমছন৷ উইকেটকীপিঙো তেওঁ নকৰে৷ চিকিৎসকে তেওঁক উইকেটকীপিং আৰু ফিল্ডিঙৰ অনুমতি নিদিয়া পৰ্যন্ত দলত কেৱল বেটাৰ হিচাপেহে দেখা যাব ছেমছনক৷ বেটিঙৰ সময়ত তেওঁক ‘ইমপেক্ট প্লেয়াৰ’ হিচাপে ব্যৱহাৰ কৰা হ’ব পাৰে৷ সেইবাবে তেওঁক প্ৰথম তিনিখন খেলত অধিনায়কৰ দায়িত্ব দিয়া হোৱা নাই৷ উল্লেখ্য, ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে স্বদেশত অনুষ্ঠিত টুৱেণ্টী২০ শৃংখলাৰ সময়ত আঘাত পাইছিল ছেমছনে৷ তাৰ পাছত তেওঁৰ আঙুলিৰ অস্ত্ৰোপচাৰো কৰা হৈছিল৷ ৰিয়ান পৰাগক দলৰ নেতৃত্ব দিয়া সন্দৰ্ভত ছেমছনে কয় যে দলক নেতৃত্ব দিয়াৰ সামৰ্থ্য থকা কেইবাজনো ক্ৰিকেটাৰ তেওঁলোকৰ আছে আৰু তেওঁলোকৰ মাজৰ অন্যতম হৈছে ৰিয়ান পৰাগ৷ ঘৰুৱা ক্ৰিকেটত অসমক নেতৃত্ব দিয়াৰ অভিজ্ঞতা আছে তেওঁৰ৷ আই পি এলত ৰাজস্থান ৰয়েলছক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত তেওঁ সকলোৰে সহযোগিতা পাব বুলি আশা কৰা হৈছে৷