Logo
image

ডিব্ৰুগড়, গুৱাহাটীত একে সময়তে বহিল কেবিনেট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ মাৰ্চঃ ইতিহাস সৃষ্টি কৰি বৃহস্পতিবাৰে একে সময়তে ডিব্ৰুগড় আৰু গুৱাহাটীত অনুষ্ঠিত হ’ল কেবিনেট বৈঠক৷ অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড়ক গঢ়ি তোলাৰ যি চেষ্টা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে, তাৰে অংশ হিচাপে আজি চহৰখনত থকা মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত হয় কেবিনেট বৈঠক৷ ইয়াৰ পূৰ্বেও ডিব্ৰুগড়ত ২বাৰকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ ১৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনৰ মাজতে ৮ দিন বন্ধ থকাৰ পাছত ২১ মাৰ্চত  পুনৰ অনুষ্ঠিত হ’ব বিধানসভা৷ ফলত মুখ্যমন্ত্ৰীসহ একাংশ মন্ত্ৰী ডিব্ৰুগড়ত অনুষ্ঠিত কেবিনেট বৈঠকত সো-শৰীৰে উপস্থিত থকাৰ বিপৰীতে অন্য একাংশ মন্ত্ৰী দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে কেবিনেট বৈঠকত অংশ লয়৷ চাৰিদিনীয়া ডিব্ৰুগড় ভ্ৰমণ লৈ মুখ্যমন্ত্ৰী ড॰ শৰ্মা আজি দিনৰ প্ৰায় ৩ বজাত ডিব্ৰুগড়ত উপস্থিত হয়৷ ৪ বজাৰ পৰা ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ উপৰি মন্ত্ৰীসকল ক্ৰমে ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, ডাঃ ৰণোজ পেগু, যোগেন মোহন, পীয়ূষ হাজৰিকা, বিমল বৰা, জয়ন্তমল্ল বৰুৱা, প্ৰশান্ত ফুকন আৰু ৰূপেশ গোৱালা উপস্থিত থাকে৷


আনহাতে, দিছপুৰৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে এই কেবিনেট বৈঠকত উপস্থিত থকা মন্ত্ৰীসকল ক্ৰমে– অশোক সিংঘাল, অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, কৌশিক ৰাই, ইউ জি ব্ৰহ্ম আৰু নন্দিতা গাৰ্লোছা৷ শুকুৰবাৰৰ বিধানসভাৰ কাৰ্যসূচীত উপস্থিত থাকি চৰকাৰী পক্ষৰ কাম-কাজ পৰিচালনাৰ দায়িত্ব এইসকল মন্ত্ৰীৰ ওপৰত অৰ্পণ কৰা হৈছে৷ ১৭ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণেৰে কোক্‌ৰাঝাৰত আৰম্ভ হোৱা বাজেট অধিৱেশন ২১ মাৰ্চত অনুষ্ঠিত হোৱাৰ উপৰি ২৪ আৰু ২৫ মাৰ্চতো অনুষ্ঠিত হ’ব৷ ২৫ মাৰ্চত অন্ত পৰিব বিধানসভাৰ বাজেট অধিৱেশন৷ বিধানসভাৰ অধিৱেশনৰ মাজতে গুৱাহাটীৰ বাহিৰত সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ ফলত মন্ত্ৰীসকল দুভাগত বিভক্ত হৈ কেবিনেট বৈঠকত অংশ ল’বলগীয়া হয়৷ যাৰ বাবে গুৱাহাটী আৰু ডিব্ৰুগড়ত একে সময়তে অনুষ্ঠিত হয় কেবিনেট বৈঠক৷