Logo
image

দৃষ্টিশক্তি বৃদ্ধিৰ বাবে এইবোৰ ড্ৰাই ফুড খাওক

মানৱ দেহৰ অতি সংবেদনশীল অংগ হ’ল চকু৷ আমাৰ দৈনন্দিন জীৱনত দৃষ্টিশক্তি অটুত থকাটো অতি প্ৰয়োজন৷ দৃষ্টিশক্তি সঠিক ৰাখিবলৈ কিছুমান প্ৰয়োজনীয় খাদ্য খোৱাটো আৱশ্যক৷ দৃষ্টিশক্তি প্ৰখৰ কৰি ৰাখিবলৈ ভিটামিন এ, চি, ই আৰু লুটেইন সমৃদ্ধ খাদ্য খোৱাটো উচিত৷ দৃষ্টিশক্তি বৃদ্ধিৰ বাবে এইকেইবিধ ড্ৰাইফুড খাওক, অতি শীঘ্ৰে সুফল পাব৷

আখৰোটঃ আখৰোটত বিভিন্ন পুষ্টিকৰ উপাদান পোৱা যায়৷ এইবিধ খাদ্য সামগ্ৰীত ওমেগা-৩, ফেটি এচিড আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ এই খাদ্য বয়সৰ সৈতে সম্পৰ্কিত৷ বিশেষকৈ চকুৰ ৰোগৰ পৰা সকাহ পোৱা যায়৷

কাঠবাদামঃ কাঠবাদাম ভিটামিন ‘ই’ৰে সমৃদ্ধ৷ ই ফ্ৰী ৰেডিকেলছ বিপদৰ পৰা চকুযুৰিক ৰক্ষা কৰে৷ কাঠবাদামে দৃষ্টিশক্তি উন্নতি কৰে৷

কাজু বাদামঃ কাজু বাদামত প্ৰচুৰ পৰিমাণে জিংক আৰু লুটেইন থাকে৷ বয়স বৃদ্ধিৰ লগে লগে চকুত ছানি পৰে৷ কাজু বাদামে চকুৰ ছানি পৰাৰ পৰা সুৰক্ষা দিয়ে৷


পেষ্টাঃ পেষ্টাত পোৱা যায় ভিটামিন ‘ই’৷ আৰু এণ্টিঅক্সিডেণ্ট৷ এইটো চকুৰ কাৰণে ভীষণ উপকাৰী৷

কিছমিছঃ চকুৰ কাৰণে অতি উপকাৰী খাদ্য সামগ্ৰী হ’ল কিছমিছ৷ কিছমিছত আয়ৰণ আৰু কোভোনয়েডৰ দৰে এণ্টিঅক্সিডেণ্ট থাকে৷ এইবিধ খাদ্যই চকুৰ ৰক্ত প্ৰবাহক উন্নত কৰে৷

খেজুৰঃ খেজুৰত পোৱা যায় ভিটামিন ‘এ’ আৰু লুটেইন৷ ইয়াত উপলব্ধ ফাইবাৰে তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে৷ ই মানুহৰ ডায়েবেটিছ সম্পৰ্কীয় চকুৰ সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে৷

এপ্ৰিকটঃ শুকান এপ্ৰিকটত প্ৰচুৰ ভিটামিন ‘এ’ পোৱা যায়৷ ই চকুৰ ৰেটিনাৰ কাৰ্যকাৰিতা উন্নত কৰে৷  ই চকুৰ স্বাস্থ্যৰ উন্নতি কৰে৷