
ডিব্ৰুগড়ক কৃত্ৰিম বানমুক্ত কৰাৰ বাবে ৪৫ কোটি টকা
ডিব্ৰুগড়ক কৃত্ৰিম বানমুক্ত কৰাৰ বাবে ৪৫ কোটি টকা
‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ২১ মাৰ্চঃ ডিব্ৰুগড় কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ৪৫ কোটি টকা অনুমোদন জনাইছে ৰাজ্য চৰকাৰে৷ আজি ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত মহানগৰৰ কৃত্ৰিম বান সমস্যাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে জানিবলৈ দি কয়, কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ডিব্ৰুগড় মহানগৰত বৃহৎ নলাৰ নিৰ্মাণৰ কাম চলি আছে৷ এই প্ৰকল্পটোৰ বাবে ৪৫ কোটি টকা অনুমোদন জনোৱা হৈছে৷ এই বৃহৎ নলাটো নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে অতিৰিক্ত কেঁচা নলা নিৰ্মাণ কৰা হ’ব৷ ইয়াৰ লগে লগে পকা নলা নিৰ্মাণৰ কামো আৰম্ভ হ’ব৷ তদুপৰি, বহুকেইটা আঁচনি হাতত লোৱা হৈছে৷ এই বছৰতে ডিব্ৰুগড়ৰ ৰাইজে ফলাফল লাভ নকৰিব, দুবছৰ সময়ৰ প্ৰয়োজন হ’ব৷ আনহাতে এই বৈঠকত বিগত বৰ্ষৰ ২৩ ডিচেম্বৰত এই সন্দৰ্ভত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ কাৰ্যকৰীকৰণৰ বিষয়ে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে প্ৰস্তুত কৰা প্ৰতিবেদন পাৱাৰ পইণ্ট প্ৰদৰ্শনৰ দ্বাৰা বিতংভাৱে বুজ ল’লে মুখ্যমন্ত্ৰীয়ে৷ এইক্ষেত্ৰত সংশ্লিষ্ট বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে কাম-কাজসমূহ সময় নিৰ্ধাৰিতভাৱে সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে বৰ্তমানে থকা ১৫টা কালভাৰ্ট পুনৰনিৰ্মাণ কৰাৰ বাবে লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে৷ তেওঁ লগতে মুৰুলীধৰ জালান বাছ টাৰ্মিনাছৰ পৰা চেঁচালৈ ৪৫ কোটি টকা ব্যয়সাপেক্ষে জ্ঝ, ৩৮৫ মিটাৰ দৈৰ্ঘ্যৰ এটা নতুন কেঁচা নলা নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে আৰু এই নলাটো পৰৱৰ্তী সময়ত পকী নলালৈ পৰিৱৰ্তন কৰা হ’ব বুলিও তেওঁ কয়৷ আনহাতে, ডিব্ৰুগড় পৌৰসভাৰ মূল নলাৰ জাৱৰ নিষ্কাষণৰ ক্ষেত্ৰত প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয় কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷ এই নলা নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় দলং তথা ওলোমা দলঙৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ৰছ কালভাৰ্ট নিৰ্মাণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ৰে’লৱে কতৃৰ্পক্ষৰ সৈতে আলোচনা কৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ তেওঁ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে৷ ডিব্ৰুগড় চহৰত কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যবস্থা গ্ৰহণ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷ তদুপৰি, নলা নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়োজনীয় ভূমি অধিগ্ৰহণৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈও তেওঁ জিলা আয়ুক্তক পৰামৰ্শ আগবঢ়ায়৷ এইক্ষেত্ৰত তেওঁ ৰূপায়ণকাৰী সংস্থাৰ জৰিয়তে কাম-কাজসমূহ সময় নিৰ্ধাৰিতভাৱে সম্পন্ন কৰাৰ যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগসমূহক নিৰ্দেশনা প্ৰদান কৰে৷ এই বৈঠকত শক্তি আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ সৈকত পাত্ৰৰ উপৰি অতিৰিক্ত মুখ্য সচিব চৈয়দ্দিন আব্বাচী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড॰ কে কে দ্বিবেদী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন প্ৰমুখ্যে সংশ্লিষ্ট বিভাগসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷ আনহাতে ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমৌ বিধানসভা সমষ্টিত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ অগ্ৰগতি সন্দৰ্ভতো আন এক পৰ্যালোচনা বৈঠকত মিলিত হয়৷ এই বৈঠকত জিলাখনৰ চিকিৎসা মহাবিদ্যালয় আৰু কৰ্কট প্ৰতিষ্ঠানত নতুন এপ্ৰোছ ৰোড, ফকলাই বিলৰ জলাশয়ৰ উন্নয়ন সাধন, বাৰিষাকালত বানৰ গতিপথ সলোৱাৰ বাবে প্ৰস্তাবিত মথাউৰি, নতুন জিলা কাৰাগাৰ নিৰ্মাণ আদি বিষয়সমূহৰ ক্ষেত্ৰত থকা সমস্যাসমূহৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক সমস্যাৰাজি নীৰসনৰ অৰ্থে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷ আনহাতে, প্ত কোটি টকাতকৈ অধিক পুঁজি ব্যয়সাপেক্ষে সমষ্টিটোত ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্পসমূহৰ বিষয়েও আজিৰ বৈঠকত আলোচনা কৰা হয়৷ বৈঠকত মুখ্যমন্ত্ৰীয় লোকনিৰ্মাণ [পথ], লোকনিৰ্মাণ [গৃহ], জলসম্পদ, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, শক্তি, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, শিক্ষা, কৃষি, উদ্যোগ আৰু বাণিজ্য, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ অধীনত চলি থকা আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লয়৷ মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ জিলাত চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰো বৈঠকত পৰ্যালোচনা কৰে৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ [গ্ৰামীণ] অধীনত এতিয়ালৈকে কিমান গৃহ নিৰ্মাণ হৈছে, এই আঁচনিৰ নিৰ্ধাৰিত লক্ষ্য আৰু এই লক্ষ্য কিমান দূৰ বাস্তৱত পূৰণ হ’ল সেই বিষয়েও তেওঁ পৰ্যালোচনা কৰে৷ তদুপৰি, তেওঁ এম জি এনৰেগাৰ অধীনত সমষ্টিটোত কৰ্মদিন সৃষ্টিআৰু প্ৰকল্প ৰূপায়ণ কিদৰে চলাই থকা হৈছে সেই সম্পৰ্কে সংশ্লিষ্ট বিভাগৰ পৰা বুজ লয়৷ মুখ্যমন্ত্ৰীয়ে পঞ্চদশ বিত্তীয় আয়োগৰ অনুমোদিত আঁচনিৰ বিপৰীতে ৰূপায়িত কাম-কাজৰ লগতে মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ [গ্ৰামীণ] অগ্ৰগতিৰ সন্দৰ্ভতো পৰ্যালোচনা কৰে৷ পৰ্যালোচনাকালত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত সমষ্টিটোত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণৰ অগ্ৰগতি তথা আভা পৰিচয়-পত্ৰ সৃষ্টিৰ লগতে ‘আভা কাৰ্ড’ৰ সংখ্যা বৃদ্ধিত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে৷ বিভাগটোৰ অধীনত সমষ্টিটোত ৰূপায়িত বিভিন্ন আঁচনিৰ লগতে টিকাকৰণ অভিযান, প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ হাৰ, প্ৰাতিষ্ঠানিক প্ৰসৱৰ হাৰ আদিৰো পৰ্যালোচনা কৰে৷ মুখ্যমন্ত্ৰীয়ে লগতে সমগ্ৰ শিক্ষা অভিযানৰ অধীনত বিদ্যাৰ্থী আৰু শিক্ষকৰ নিয়মীয়া উপস্থিতিৰ খতিয়ান লোৱাৰ লগতে এই সম্পৰ্কীয় পৰিসংখ্যাসমূহৰো বুজ লয়৷ মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ্থীৰ উপস্থিতি বৃদ্ধিৰ বাবে যথোচিত ব্যৱস্থা লোৱাৰ দিশত পদক্ষেপ ল’বলৈও কয়৷ তেওঁ লগতে নিযুত মইনা আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতিৰো বুজ লয়৷ আজিৰ এই বৈঠকতে সমষ্টিটোত কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় সম্পৰ্কতো আলোচনা কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ কৃষি খণ্ডৰ প্ৰতি যুৱ প্ৰজন্মৰ আগ্ৰহ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে৷ আগন্তুক দুই-তিনি বছৰৰ ভিতৰত আৰু অধিক যুৱক-যুৱতী কৃষিকাৰ্যত জড়িত হ’ব৷ সেইবাবে কৃষি খণ্ডত জলসিঞ্চনৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে অসমৰ খেতিপথাৰসমূহত জলসিঞ্চনৰ ব্যৱস্থা কিদৰে বঢ়াব পৰা যায় সেই সম্পৰ্কত অধ্যয়ন কৰিবলৈও মুখ্যমন্ত্ৰীয়ে কয়৷ আজিৰ এই পৰ্যালোচনা বৈঠকত পি এম কিষানৰ অধীনত সমষ্টিটোত খেতিয়কৰ পঞ্জীয়ন, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানত কিমান আবেদন গ্ৰহণ কৰা হ’ল সেই বিষয়েও তেওঁ বুজ লয়৷ আজিৰ এই বৈঠকত অৰুণোদয় ৩.০১ূপায়ণৰ অগ্ৰগতি সম্পৰ্কতো আলোচনা কৰা হয়৷ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত ৰূপায়িত আঁচনি পৰ্যালোচনা কৰি গোটা আৱৰ্জনা সংগ্ৰহ আৰু নিষ্কাষণ প্ৰকল্পৰ অগ্ৰগতিৰ মুখ্যমন্ত্ৰীয়ে বুজ লয়৷ বৈঠকত জিলা আয়ুক্তই পুনৰ শ্ৰেণীভুক্ত কৰা ভূমিৰ বিষয়টো উত্থাপন কৰে আৰু তাৰভিত্তিত মুখ্যমন্ত্ৰীয়ে যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে৷ তেওঁ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ অগ্ৰগতি আৰু তাৰ লগত জড়িত সমস্যাসমূহ নিৰক্ষণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে লাইবিল ভেকুৰি চাপৰি মথাউৰিৰ ওপৰত পথ নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে৷ আনহাতে আজিৰ এই বৈঠকত তেওঁ ডিমৌ আৰু বকতা নেমুগুৰি থানাৰ আৰক্ষীৰ মানৱ সম্পদ, পথ দুৰ্ঘটনাৰ পৰিসংখ্যা, নিয়মিত গোচৰ নিষ্পত্তিৰ হাৰ, শিশু আৰু মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰৰ হাৰ, বাল্যবিবাহ ৰোধ কৰাৰ দিশত পদক্ষেপ আৰু নতুন অপৰাধ আইন কিদৰে সমষ্টিটোত ৰূপায়িত হৈছে সেই বিষয়েও বুজ লয়৷ এই বৈঠকত বিধায়ক সুশান্ত বৰগোহঁাইৰ উপৰি বিশেষ মুখ্য সচিব চৈয়দ্দিন আব্বাচী, অতিৰিক্ত মুখ্য সচিব অজয় কুমাৰ তিৱাৰী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ড॰ কে কে দ্বিবেদী, জিলা আয়ুক্ত আয়ুষ গাৰ্গ, আৰক্ষী অধীক্ষক qwজ্যোতি বৰা প্ৰমুখ্যে সংশ্লিষ্ট বিভাগসমূহৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷