Logo
image

‘উদ্ধত’ গ্ৰক নিষিদ্ধ হৈ যাব পাৰে ভাৰতত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ মাৰ্চঃ  ছ’চিয়েল মিডিয়া তেতিয়ালৈকে এজন গ্ৰাহকৰ বাবে ভাল, যেতিয়ালৈকে তেওঁ বন্ধু বা ফল’ৱাৰৰ পৰা সমৰ্থন পাই থাকে৷ লাইক, কমেণ্ট পাই থকালৈকে সকলো বন্ধুৱেই ভাল, সমালোচনা আহিলেই সহজ উপায়– ব্লক৷ কিয়নো সমালোচনা শুনাটো বৰ কষ্টকৰ৷ সাধাৰণ নেটিজেনৰ ক্ষেত্ৰত যি হয়, তেনে অৱস্থা হৈছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰো৷ অৱশ্যে ছ’চিয়েল মিডিয়াৰ পৰা প্ৰত্যক্ষভাৱে নাজল-নাথল অৱস্থা হোৱা নাই মোদী চৰকাৰৰ৷ বিপদ আহিছে ইলন মাস্ক  মালিকানাধীন কৃত্ৰিম বুদ্ধিমত্তা গ্ৰকৰ পৰা৷ বজাৰত নতুনকৈ আৱিৰ্ভাব ঘটা এক্সএআইৰ চাটবট মডেল গ্ৰক-৩য়ে তেনেই উদং কৰি পেলাইছে বিজেপিৰ সযত্নপালিত ভাৱমূৰ্তি৷ কোনো নাম-গোন্ধ নোহোৱা ব্যৱহাৰকাৰীয়ে গ্ৰকক বিজেপিৰ বিষয়ে প্ৰশ্ন কৰিছে, আৰএছএছৰ স্বাধীনতা আন্দোলনত অৱদানৰ বিষয়ে প্ৰশ্ন কৰিছে অথবা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত প্ৰশ্ন কৰিছে– গ্ৰকে অকপটভাৱে উত্তৰ দিছে৷ তেনে গ্ৰাহকে সেই অকপট উত্তৰ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে আৰু বিজেপিৰ, আৰএছএছৰ, প্ৰধানমন্ত্ৰী মোদীৰ ‘প্ৰকৃত তথ্য’ক লৈ হাঁহিৰ জোঁৱাৰ উঠিছে, নিন্দাৰ ধুমুহা বৈছে৷ তেনেবোৰ প্ৰসংগৰ বাতৰি এতিয়া দেশৰ মূলসূঁতিৰ সংবাদ মাধ্যমত প্ৰায় দুৰ্লভ৷ এই ঘটনাই ছ’চিয়েল মিডিয়াত পাৰ্গত বিজেপিক একপ্ৰকাৰ নাজল-নাথল অৱস্থাত পেলাইছে৷ কষ্ট কৰি তৈয়াৰ কৰা ভাৱমূৰ্তি ধূলিৰ লগত মিলি গৈছে৷ সেয়ে একোজন সাধাৰণ ছ’চিয়েল মিডিয়া গ্ৰাহকৰ দৰেই কেন্দ্ৰীয় চৰকাৰৰো এনে সমালোচনা, অস্বস্তিকৰ বিষয়ৰ পৰা আঁতৰি পৰাৰ উপায়– ব্লক৷


পিছে এজন ছ’চিয়েল মিডিয়াৰ গ্ৰাহকে আন এজনক যিদৰে নিমিষতে ব্লক কৰি দিব পাৰে, ৰিপ’ৰ্ট কৰিব পাৰে, এখন চৰকাৰৰ বাবে তেনেদৰে নিষিদ্ধ কৰাটো সম্ভৱ নহয়৷ একে সময়তে চৰকাৰৰ বাবে তেনে সমালোচনা সহ্য কৰি থকাটোও সহজ নহয়৷ সেয়ে ‘উদ্ধত’ আচৰণ কৰাৰ অভিযোগত, অকথ্য কোৱাৰ অভিযোগত আৰু প্ৰৰোচনামূলক তথ্য দিয়াৰ অভিযোগত ইলন মাস্কৰ গ্ৰকৰ মুখ বন্ধ কৰিবলৈ আগবাঢ়িছে মোদী চৰকাৰ৷ গ্ৰকে অশালীন শব্দ কোৱাৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ মোদী চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে গ্ৰক আৰু এক্সৰ কতৃৰ্পক্ষৰ সৈতে আলোচনা কৰিছে৷ সংবাদ মাধ্যমত মোদী চৰকাৰে এক্সক জাননী দিয়া বুলি প্ৰকাশ পালেও তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ে জাননী প্ৰেৰণৰ কথা অস্বীকাৰ কৰিছে৷ মন্ত্ৰণালয়ৰ এটা সূত্ৰই দাবী কৰা মতে তেওঁলোকে এই বিষয়টো পৰীক্ষা কৰিছে আৰু গ্ৰক তথা এক্স কতৃৰ্পক্ষৰ সৈতে অনানুষ্ঠানিক আলোচনা কৰিছে৷ কিন্তু এয়া গ্ৰকক ভাৰতত নিষিদ্ধ কৰাৰ প্ৰথম খোজ বুলি চৰ্চা হৈছে৷ যদিহে ইলন মাস্কৰ গ্ৰকে উদ্ধত আচৰণ পৰিহাৰ নকৰে, অৰ্থাৎ বিজেপি, আৰ এছ এছ, মোদীৰ বিষয়ে এনে উত্তৰ দিয়া বন্ধ নকৰে তেন্তে নিকট ভৱিষ্যতত গ্ৰক ভাৰতত নিষিদ্ধ হৈয়ো যাব পাৰে৷ অশালীন শব্দৰ বিৰুদ্ধে চৰকাৰী প্ৰতিবাদ এক অজুহাতহে, চৰকাৰৰ মূল উদ্দেশ্য হৈছে বিজেপি, আৰ এছ এছ, মোদীৰ প্ৰকৃত তথ্যৰ প্ৰচাৰ বন্ধ কৰা৷