Logo
image

আইপিএল আৰম্ভ, গুৱাহাটীত হ’ব টেষ্ট মেচ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ মাৰ্চঃ  বিশ্বৰ কোটি কোটি ক্ৰীড়াপ্ৰেমীৰ সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই শনিবাৰৰে পৰা আৰম্ভ হ’ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলৰ ১৮ সংখ্যক সংস্কৰণ৷ কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেনত শনিবাৰে সন্ধিয়া ক্ৰিকেট প্ৰেমীৰ হৰ্ষ-উল্লাসৰ মাজত ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে প্ৰথমখন উদ্বোধনী মেচত অংশ লয়৷ ২০০৮ চনত আই পি এলৰ উদ্বোধনী মেচত দুয়োটা দলে মুখামুখি হোৱাৰ পাছত সুদীৰ্ঘ ১৭ বছৰৰ মূৰত পুনৰ উদ্বোধনী মেচত মুখামুখি হোৱা দেখা গ’ল কলকাতা আৰু বেংগালুৰুক৷ উল্লেখ্য, এইবাৰৰ আই পি এলৰ দুখনকৈ মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত৷ আই পি এলৰ অন্যতম হেভীৱেট দল ৰাজস্থান ৰয়েলছে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হোম গ্ৰাউণ্ড হিচাপে গ্ৰহণ কৰিছে৷ অসম সন্তান ৰিয়ান পৰাগে ৰাজস্থান ৰয়েলছক সন্মুখৰ পৰা নেতৃত্ব দিব৷ চ্ছ মাৰ্চত কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰাজস্থান ৰয়েলছৰ এইবাৰ মাজত বৰ্ষাপাৰাত প্ৰথমখন মেচ অনুষ্ঠিত হ’ব৷ ইয়াৰ পাছতেই ৩০ মাৰ্চত চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব৷ অৱশ্যে আই পি এলৰ আন এখন মেচো গুৱাহাটীত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ ৬ এপ্ৰিলত কলকাতাৰ ইডেন গাৰ্ডেনত গুজৰাট ছুপাৰ জায়েণ্টছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত এখন মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাম নৱমীৰ পৰিপ্ৰেক্ষিতত আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে কলকাতা আৰক্ষীয়ে আয়োজকক মেচখন অনুষ্ঠিত কৰাত সেউজ সংকেত দিয়া নাই৷ যাৰ বাবে কলকাতাৰ এই মেচখন গুৱাহাটীত অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ শনিবাৰৰে পৰা গুৱাহাটীত আই পি এলৰ অফ লাইন টিকট বিক্ৰীও আৰম্ভ হৈছে৷


ইফালে গুৱাহাটীত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব টেষ্ট ক্ৰিকেট আৰু মহিলা বিশ্বকাপ৷ চলিত বৰ্ষৰ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ সৈতে ভাৰতত টেষ্ট শৃংখলাৰ লগতে তিনিখন মেচৰ এদিনীয়া শৃংখলা আৰু ৫ খন মেচৰ টি-২০ শৃংখলাও অনুষ্ঠিত হ’ব৷ বি চি চি আয়ে এইবাৰ প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামক টেষ্ট ক্ৰিকেট আয়োজনৰ স্বত্ব প্ৰদান কৰিছে৷ আই পি এল আৰম্ভ হোৱাৰ প্ৰাকক্ষণত শনিবাৰে কলকাতাত অনুষ্ঠিত বি চি চি আইৰ এপেক্স কাউঞ্চিলৰ এখন বৈঠকত টেষ্ট শৃংখলাৰ বাবে গুৱাহাটীক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে৷ দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত প্ৰটিয়াছ বাহিনীৰ সৈতে প্ৰথমখন টেষ্ট মেচ অনুষ্ঠিত হ’ব৷ অৱশ্যে দ্বিতীয়খন টেষ্ট মেচ ২২ নম্বেৰৰ পৰা ২৬ নৱেম্বৰৰ ভিতৰত গুৱাহাটীত অনুষ্ঠিত হ’ব৷ প্ৰথমবাৰলৈ টেষ্ট মেচ অনুষ্ঠিত কৰি ইতিহাস ৰচনা কৰিবলৈ আগবঢ়া গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত আন এক ইতিহাস ৰচি প্ৰথম বাৰলৈ অনুষ্ঠিত হ’ব মহিলা এদিনীয়া বিশ্বকাপ৷ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া মহিলা বিশ্বকাপৰ বাবে বি চি চি আয়ে বাছনি কৰিছে গুৱাহাটীক৷ মহিলা বিশ্বকাপৰ উদ্বোধনী মেচখন অনুষ্ঠিত হ’ব বিশাখাপতনমক৷ ইয়াৰ লগতে গুৱাহাটীৰ উপৰি পঞ্জাৱ, মুল্লানপুৰ, ইন্দোৰ আৰু ত্ৰিবান্দমতো বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ বাবে বাছনি কৰিছে বি চি চি আয়ে৷ অৱশ্যে বি বি চি আয়ে গুৱাহাটীত মহিলা বিশ্বকাপৰ কেইখন মেচ অনুষ্ঠিত কৰিব তাক বৰ্তমানেও চূড়ান্ত কৰা নাই৷ নকলেও হ’ব যে চলিত বৰ্ষত অসমবাসীয়ে প্ৰথমবাৰলৈ মহিলা বিশ্বকাপ উপভোগৰ সুযোগ লাভ কৰিব৷ অৱশ্যে ইয়াৰ পূৰ্বেও গুৱাহাটীত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মেচ অনুষ্ঠিত হৈছিল৷