Logo
image

লাডাখত চীনৰ দখল মানি ল’লে দিল্লীয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ মাৰ্চঃ  চীনে লাডাখৰ ভাৰতীয় ভূখণ্ড দখল কৰি দুখন ‘কাউণ্টি’ বা জিলা গঠন কৰাৰ ঘটনা সত্য বুলি অৱশেষত স্বীকাৰ কৰিলে মোদী চৰকাৰে৷ লোকসভাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে ক’লে– ‘চীনে অবৈধভাৱে লাডাখত ভাৰতৰ ভূখণ্ড দখল কৰি দুখনকৈ কাউণ্টি গঠন কৰিছে৷ কিন্তু ভাৰতে সেই চীনা কাউণ্টিক স্বীকৃতি প্ৰদান কৰা নাই৷ ভাৰতে কূটনৈতিকভাৱে  চীনৰ ওচৰত এই ঘটনাৰ প্ৰতিবাদ কৰিছে৷’ চীনে ভাৰতৰ সাৰ্বভৌমত্ব লংঘন কৰি লাডাখত ভাৰতীয় ভূখণ্ড অধিকাৰ কৰি হুটান প্ৰান্তত দুখনকৈ জিলা গঠন কৰাৰ বিষয়ে মোদী চৰকাৰ জ্ঞাত হয় নে নহয় বুলি কৰা লিখিত প্ৰশ্নৰ উত্তৰত সদনত বাজেট অধিৱেশনকালত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীজনে কয়– ‘সেই অঞ্চলত চীনে ভাৰতীয় ভূখণ্ডত অবৈধভাৱে অধিকাৰ কৰাটো ভাৰতে কোনোপধ্যে মানি নলয়৷ চীনে দুখনকৈ জিলা গঠন কৰাৰ পদক্ষেপে ভাৰতৰ সেই অঞ্চলটোৰ ক্ষেত্ৰত থকা দীৰ্ঘকালীন স্থিতিৰ সাল-সলনি নঘটায়৷ যিদৰে ভাৰতৰ সাৰ্বভৌমত্ব ক্ষুন্ন কৰাটো নতুন দিল্লীয়ে মানি নলয়, সেইদৰে চীনৰ জিলা গঠনৰ অবৈধ পদক্ষেপো নতুন দিল্লীয়ে স্বীকৃতি নিদিয়ে৷ ভাৰতে চীনৰ ওচৰত এই বিষয়ে কূটনৈতিকভাৱে দৃঢ় প্ৰতিবাদ জনাইছে৷’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গালৱান সংঘৰ্ষৰ পাছত ২০২০ চনৰ ১৯ জুনত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত কৈছিল, চীনে ভাৰতৰ ভূমি দখল কৰা নাই আৰু কোনো চীনা নাগৰিক ভাৰতীয় ভূমিখণ্ডৰ ভিতৰত নাই৷ উল্লেখ্য, ১৫ জুনত গালৱান উপত্যকাত ভাৰত আৰু চীনৰ সেনাৰ মাজত এক অভূতপূৰ্ব সংঘৰ্ষ হৈছিল৷ বন্দুক আৰু গুলী ব্যৱহাৰ নকৰাকৈ লাঠী, শিলগুটি আৰু গজাল লগাই লোৱা লাঠীৰে কোবাই চীনৰ সেনাই ২০ জন ভাৰতীয় সেনাক হত্যা কৰিছিল৷ চীনৰ সেনাৰ ক্ষতি হ’লেও কেইজন সেনা নিহত হৈছিল, সেয়া আজিও গোপন হৈ থাকিল৷ ইয়াৰ পাছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বাৰম্বাৰ চীনে লাডাখৰ বহু অংশ দখল কৰি লোৱা বুলি অভিযোগ তুলি থাকিলেও মোদী চৰকাৰে তেওঁৰ দাবী নাকচ কৰিছিল৷ আনকি প্ৰধানমন্ত্ৰী মোদীয়ে সংসদতো চীনে ভাৰতীয় ভূখণ্ড দখল নকৰা বুলি প্ৰকাশ কৰিছিল৷ স্বয়ং প্ৰধানমন্ত্ৰীয়ে সৰ্বদলীয় বৈঠকত প্ৰকাশ কৰা তথ্য আৰু সদনত দিয়া ভাষণ যে মিছা আছিল সেয়া এতিয়া চৰকাৰৰ বক্তব্যতে প্ৰমাণিত হৈছে৷