Logo
image

পাকিস্তানত ফেচবুক, ৱাট্‌ছএপ নিষিদ্ধ

আমাৰ অসম, ১৯ এপ্ৰিলঃ মৌলবাদী সংগঠন তেহৰিক-ই-লাব্বাইকৰ প্ৰতিবাদ-বিক্ষোভত উত্তাল হৈ আছে পাকিস্তান৷ যোৱা সোমবাৰৰ পৰা কাৰ্যতঃ পাকিস্তানৰ জন-জীৱন বিপৰ্যস্ত হৈ আছে৷ এনে অৱস্থাত দেশখনত অব্যাহত থকা হিংসা দমনৰ বাবে পাক চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সেই অনুসৰি পাকিস্তানত ফেচবুক, ৱাটছএপ, টুইটাৰ, টিকটক, ইউ টিউব আদি সামাজিক মাধ্যমসমূহৰ সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে পাক চৰকাৰে৷ একেদৰে মৌলবাদী সংগঠন তেহৰিক-ই-লাব্বাইকক পাক চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছে৷ আনহাতে পাকিস্তানত চলি থকা হিংসাৰ মাজত দেশখনত আবদ্ধ হৈ পৰিছে পঞ্জাবৰ পৰা তীৰ্থ ভ্ৰমণলৈ যোৱা প্ৰায় ১ হাজাৰ ভাৰতীয় তীৰ্থযাত্ৰী৷