Logo
image

আমেৰিকাৰ পৰা আমদানি কৰা গাড়ীত অতিৰিক্ত ২৫ শতাংশ শুল্ক ট্ৰাম্পৰ

পেৰিছ, ২৭ মাৰ্চঃ ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ স্বাস্থ্যক লৈ প্ৰায় পশ্চিমৰ সংবাদ মাধ্যমে বিভিন্নধৰণৰ বাতৰি পৰিৱেশন কৰি আহিছে৷ বহুবাৰ তেওঁলোকে পুটিনৰ স্বাস্থ্য একেবাৰে বেয়া আৰু সোনকালেই তেওঁৰ মৃত্যু হ’ব বুলি দাবী কৰিছিল৷ কিন্তু উক্ত বাতৰিৰ পাছতো পুটিনে উত্তৰ কোৰিয়া, চীন আৰু আন আন দেশ ভ্ৰমণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে৷ পুটিন গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা বুলি পশ্চিমীয়া সংবাদ মাধ্যমে দাবী কৰি অহাৰ পাছত এইবাৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ পুটিনে কৰে একে দাবী৷ তেওঁৰ মতে অতি সোনকালেই ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ মৃত্যু হ’ব৷


ফ্ৰান্সৰ ৰাজধানী পেৰিছত সাংবাদিকৰ আগত তেওঁ এই দাবী কৰে৷ বুধবাৰে ফ্ৰান্সৰ ৰাষ্ট˜পতি ইমানুৱেল মেক্ৰঁ’ৰ সৈতে  আলোচনাত মিলিত হোৱাৰ পাছত জেলেনস্কিয়ে সাংবাদিকৰ এটা প্ৰশ্নৰ উত্তৰত কয়– ‘পুটিনৰ সোনকালেই মৃত্যু হ’ব৷ এয়া মই লাভ কৰা গোপন খবৰ৷ পুটিনৰ মৃত্যু হোৱাৰ পাছতে যুদ্ধও শেষ হ’ব৷’ উল্লেখ্য, যোৱা কেইবামাহৰ পৰা পুনৰ পুটিনৰ স্বাস্থ্যক লৈ চৰ্চা অব্যাহত আছে৷ পুটিনে কাহি উঠা আৰু হাত-ভৰি কঁপি উঠাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পাছতে তেওঁৰ স্বাস্থ্যক লৈ এনেধৰণৰ চৰ্চা অব্যাহত আছে৷ তাৰ মাজতে জেলেনস্কিয়ে এই দাবী কৰে৷