Logo
image

দিল্লীত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ

‘আমাৰ অসম’ৰ বিশেষ সেৱা, নতুন দিল্লী, ২৭ মাৰ্চঃ  দেশৰ বিভিন্ন স্থানত এতিয়াই উৎকট গৰম পৰিবলৈ আৰম্ভ কৰিছে৷ দেশৰ ৰাজধানী দিল্লীত মাৰ্চ মাহৰ শেষতেই এপ্ৰিলৰ দৰে গৰম হ’বলৈ আৰম্ভ কৰিছে৷ কাৰণ দিল্লীত বুধবাৰেই সৰ্বোচ্ছ তাপমাত্ৰা ৪২ ডিগ্ৰী চেলছিয়াছ হয়গৈ৷ দিল্লীৰ পীতমপুৰাত বুধবাৰে তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ হয়৷ বৃহস্পতিবাৰে দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৮ ডিগ্ৰী চেলছিয়াছ হয়৷


গতিকে দিল্লীৰ বাসিন্দাসকলে এতিয়াই গৰম অনুভৱ কৰিবলৈ আৰম্ভ কৰিছে৷ মহাৰাষ্ট্ৰৰ কেইবাখনো স্থানত বুধবাৰে তাপমাত্ৰ ৪০-৪২ ডিগ্ৰী চেলছিয়াছ হয়৷ উত্তৰ প্ৰদেশ, বিহাৰ আৰু ৰাজস্থানতো গৰম লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে৷ অহা দিনকেইটাত এই ৰাজ্য তিনিখনত গৰমৰ প্ৰকোপ আৰু অধিক বৃদ্ধি পাইছে৷ কিন্তু মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে গৰম সৰ্বাধিক হৈছে৷ পঞ্জাব আৰু হাৰিয়ানাতো বৃহস্পতিবাৰে গ্ৰীষ্ম প্ৰৱাহ বলে৷ দক্ষিণ ভাৰতৰ তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ কিছুমান স্থানত গৰম অব্যাহত আছে৷