Logo
image

বদৰিকাশ্ৰম যাত্ৰা

কুৰি শতিকাৰ নৱম-দশকৰ কথা৷ সঠিক তাৰিখটো পাহৰিলোঁ৷ সৰুকালৰ পৰাই ঘূৰি ফুৰাৰ চখটো মোৰ অলপ বেছি৷ তেতিয়া দীঘলীপুখুৰীৰ পাৰৰ কটন কলেজ অধ্যাপক নিবাসত থাকোঁ৷ মই, মোৰ পৰিবাৰ আৰু কলেজত পঢ়ি থকা আমাৰ জীয়াৰী দুজনী৷ এদিন আলোচনা চলিল– অক্টোবৰৰ পূজাৰ ছুটীত ক’লৈ ফুৰিবলৈ যোৱা হ’ব৷ ডাঙৰ জীয়াৰী চিন্ময়ীয়ে ক’লে, তাইৰ হেনো কলেজৰ শিক্ষামূলক ভ্ৰমণ আছে, গতিকে আমাৰ লগত যাব নোৱাৰে৷ বাকী আমি তিনিটাই ঠিক কৰিলোঁ যে আমি বদ্ৰীনাথলৈ অৰ্থাৎ বদৰিকাশ্ৰমলৈ যাম৷ সিদ্ধান্ত মতে কামত আগবাঢ়িলোঁ৷ প্ৰথমতে গুৱাহাটী-দিল্লী আৰু তাৰিখ মিলাই লৈ দিল্লী-গুৱাহাটীৰ ৰে’লৰ টিকট ক্ৰয়৷ তেতিয়াৰ দিনত অনলাইন বুকিং ব্যৱস্থাৰ প্ৰৱৰ্তনেই হোৱা নাই৷ গতিকে থিতাতে হোটেল আদি বন্দৱস্ত কৰি লোৱা প্ৰথাৰ ওপৰত ভৰসা কৰিয়েই যাত্ৰাৰ দিনটোলৈকে অপেক্ষা কৰি থাকিলোঁ৷

যথা সময়ত যাত্ৰাৰ দিন সমাগত হ’ল আৰু কাপোৰ-কানিৰ টোপোলা লৈ ৰে’ল ষ্টেচনত উপস্থিত হ’লোঁ৷ যাবলগীয়া ৰে’লখন প্লেটফৰ্মত ৰৈ আছিলেই৷ আৰক্ষিত টিকটৰ নম্বৰ অনুযায়ী আমি দুখলপীয়া বাতানুকূল দবাৰ নিৰ্দিষ্ট আসন অধিকাৰ কৰিলোঁ৷ ৰে’ল চলিল আৰু পিছদিনা সন্ধিয়া দেশৰ ৰাজধানীৰ বৃহৎ ৰে’ল ষ্টেচনটোৰ বাইছ নম্বৰ প্লেটফৰ্মত নামি পৰিলোঁ৷ ৰাতিটো পাহাৰগঞ্জ এলেকাৰ হোটেল এখনত কটালোঁ আৰু বদ্ৰীনাথৰ পৰা ঘূৰি আহিও তাতেই থাকিম বুলি কৈ আমি দিল্লীৰ আইএছবিটি অভিমুখে অটোৰিক্সা এখনত উঠি ল’লোঁ৷

এইবাৰ যাত্ৰা হৰিদ্বাৰমুখে৷ ছমহীয়া প্ৰশিক্ষণ এটিৰ বাবে ১৯৭৩ চনত দেৰাডুনলৈ যাওঁতে পুৱাই হৰিদ্বাৰ পাইছিলোঁ৷ মোৰ সহযাত্ৰী বাঙালী ভদ্ৰলোকজনে মোৰ ফালে চাই চিঞৰি উঠিছিল,– ‘দেখুন, দেখুন হৰিদ্বাৰ’৷ খিৰিকীৰে মূৰ উলিয়াই চাইছিলোঁ হিন্দুসকলৰ পৱিত্ৰ নদী গংগা, পাৰৰ ‘হৰ কী পৌৰি’৷ এই বিষয়ৰ বৰ্ণনা লেখাটোৰ পাছলৈকে এৰিছোঁ৷

দিল্লীৰ আইএছবিটিত হৰিদ্বাৰমুখী বাছত উঠি ছয় ঘণ্টাৰ মূৰত হৰিদ্বাৰত নামিলোঁ৷ বাছৰ পৰিচালকৰ পৰামৰ্শ অনুযায়ী হোটেল এখনত উঠিলোঁ৷ গা-পা ধুই দুপৰীয়াৰ আহাৰৰ বাবে খোৱা মেজত বহি দেখোঁ, বিশুদ্ধ নিৰামিষ আহাৰ– বেছ চাফ-চিকুণ৷ আমাৰ বিশেষ আপত্তি নাছিল যদিও সৰু জীয়াৰীয়ে আমিষ আহাৰৰ বিষয়ে সুধিলে৷ সুধিবহে পালে, ল’ৰাজনে এনে এটা উত্তৰ দিলে যে আমি শুনি স্তম্ভিত হ’লোঁ৷ ল’ৰাটোৱে কৈছিল যে আমিষ আহাৰ অৰ্থাৎ মাছ, মাংস, কণী শব্দকেইটা উচ্ছাৰণ কৰাটোও পাপ৷ আমি তাতেই তাপ মাৰিলোঁ আৰু পিছৰ কেইদিন ক’তো সেই শব্দকেইটা উচ্চাৰণ নকৰিলোঁ৷ ই এক ধৰ্মীয় বিশ্বাস, পৰম্পৰা৷ ই এক সংস্কাৰ আৰু এই সংস্কাৰ শেষত সংস্কৃতিৰ উপাদান হৈ পৰে৷

যিয়েই নহওক, হোটেলৰ স্বত্বাধিকাৰীৰ পৰামৰ্শ অনুযায়ী বদ্ৰীনাথলৈ যোৱা বাছৰ অগ্ৰিম টিকট কৰি হোটেল পালোঁহি৷ পিছদিনা পুৱা তিনি বজাতে উঠি গা-পা ধুই চাৰি বজাত যাত্ৰা কৰিবলগীয়া বাছৰ এক, দুই আৰু তিনি নম্বৰ আসনত বহিলোঁ৷ বাছখনে ঠিক চাৰি বজাতেই যাত্ৰা আৰম্ভ কৰিলে৷ ট্ৰেভেল এজেণ্টে আমাক দিয়া তথ্য অনুসৰি আমাৰ যাত্ৰাপথ হ’লঃ  হৰিদ্বাৰ-হৃষী¸কেশ-দেৱপ্ৰয়াগ-শ্ৰীনগৰ-ৰুদ্ৰপ্ৰয়াগ-কৰ্ণপ্ৰয়াগ-নন্দপ্ৰয়াগ-চামোলি-যোশীমথ-বদ্ৰীনাথ৷

গংগাৰ পাৰে পাৰে আৰম্ভ হ’ল আমাৰ চৈধ্যঘণ্টীয়া যাত্ৰা৷ বাছখনৰ আসনসমূহ আজিকালিৰ দৰে বৰ আৰামদায়ক নহয় যদিও বয়সস্থ চালকজনৰ দক্ষতা শলাগিবলগীয়া৷ হৃষিকেশ পাৰ হোৱাৰ পাছৰ পৰাই আৰম্ভ হ’ল অঁকোৱা-পকোৱা পথ৷ আমি ক্ৰমে ওপৰলৈ গৈ আছোঁ– আৰোহণ৷ তলত সৰ্পিল গংগা– সুনীল একা-বেঁকা সলিলৰাশি-ভূগোলৰ বহীৰ পাতত নীলা চিয়াহীৰে আঁকি থোৱা মানচিত্ৰৰ নদীখনহে যেন৷

দেৱপ্ৰয়াগত বাছখন ৰ’ল৷ পৰিচালকে ঘোষণা কৰিলে, – ‘কুৰি মিনিট বাছখন ৰ’ব, ইচ্ছা কৰিলে আপোনালোকে চাহ-পানী এটুপি খাই ল’ব পাৰে’৷ পৰিচালকে আৰু এটি শলাগিবলগীয়া কাম কৰিলে৷ মহিলা যাত্ৰীসকলৰ উদ্দেশ্যি ক’লে, ‘আপোনালোকে বাহিৰলৈ যাব খোজে যদি সেইফালে ব্যৱস্থা আছে৷’ যাত্ৰাপথত মহিলাসকলে সাধাৰণতে এই বিষয়টোত অসুবিধাৰ সন্মুখীন হয়৷ যি নহওক, চাহ-পানী খাই আকৌ বাছত উঠিলোঁ৷



হিমালয় পৰ্বত– গিৰিৰাজ হিমালয়৷ এই পৰ্বতৰ দেহাটোতেই সিঁচৰতি হৈ আছে হিন্দুসকলৰ পৱিত্ৰ তীৰ্থস্থান৷ গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ, বদ্ৰীনাথ, গোমুখ আৰু কত কিমান৷ ভূ-বিজ্ঞানীসকলে কয়,–  অনেক কাল পূৰ্বে হিমালয় পৰ্বত বুলি হেনো কোনো পৰ্বতেই নাছিল৷ আছিল মাথোঁ লাখ লাখ মাইল বিস্তৃত এক বিশাল আকাৰৰ খাল৷ এই খালৰ নাম আছিল টেথিছ৷ কালক্ৰমত নানা ভূ-আন্দোলনৰ ফলত এই টেথিছ খালৰ গৰ্ভৰ পৰা লাহে লাহে উঠি আহিল বিশাল এই হিমালয় পৰ্বত৷

এইবাৰ আমি লাহে লাহে আগবাঢ়িলোঁ জিম কৰবেট নামৰ ভাৰতীয় চাহাবজনৰ মানুহ খোৱা বাঘ চিকাৰৰ বিচৰণভূমি ৰুদ্ৰপ্ৰয়াগ অঞ্চললৈ৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়তেই কিবা অজ্ঞাত কাৰণত ভাৰত এৰি গৈ আফ্ৰিকাৰ কেনিয়াত থাকিবলৈ লৈছিল যদিও জিম কৰবেট আছিল হাড়ে-হিমজুৱে ভাৰতীয়৷ নহ’লেনো তেওঁ ‘মাই ইণ্ডিয়া’ৰ দৰে গ্ৰন্থ লিখিব পাৰেনেঞ্জ পাঠকৰ জ্ঞাতাৰ্থে জনাবলৈ মন গৈছে যে ইংৰাজী ভাষাত লিখিত জিম কৰবেটৰ ৰচনা সমগ্ৰ কটন কলেজৰ ভূগোল বিভাগৰ অধ্যাপক মোৰ শিক্ষাগুৰু বিৰাজ চৌধুৰী ছাৰে অসমীয়ালৈ কেতিয়াবাই অনুবাদ কৰি থৈছে৷

আবেলি ডেৰমান বজাত ৰুদ্ৰপ্ৰয়াগ পালোঁগৈ৷ ভাত খোৱা জিৰণি পঞ্চল্লিছ মিনিট৷ ভাত-পানী খাই উঠি আকৌ বাছত উঠিলোঁ৷ এইবাৰ পথৰ ঢাল আগৰ ছোৱাতকৈ অধিক থিয় আৰু বেছি একা-বেঁকা৷ আগতেই উল্লেখ কৰিছোঁ, অভিজ্ঞ চালকজনে বেছ দক্ষতাৰে গাড়ীখন চলাই নিছে৷ বিপৰীত ফালৰ পৰা গাড়ী আহিলে কেতিয়াবা আমাৰখন পিছুৱাই দিব লগা হয়৷ তেতিয়া তলৰ ফালে চালে বুকু কঁপি উঠে, কাৰণ বহু হাজাৰ ফুট তলত অলকানন্দা৷ অলকানন্দা হ’ল গংগাৰ উপনৈ– সৰ্পিল গতিৰে, কুলু-কুলু ধবনিৰে বৈ আছে অবিৰাম গতিত৷ এই অলকানন্দাৰ পাৰতেই অৱস্থিত বদ্ৰীনাথ ধাম৷

বদ্ৰীনাথ পাওঁতে সন্ধিয়া ছয় বাজিল৷ বাছৰ পৰা নমাৰ লগে লগে ভৰিৰ পৰা মূৰলৈ সিৰসিৰাই গ’ল৷ ইয়াৰ কাৰণ হ’ল, বাহিৰত তাপমাত্ৰা তেতিয়া তিনি ডিগ্ৰী চেলছিয়াছ৷ হোটেলৰ মানুহ বাছ আস্থানত ৰৈয়েই আছিল৷ জাৰত কঁপি কঁপি হোটেল উঠিলোঁগৈ৷ হোটেলখন নতুনকৈ সাজিছে৷ সেয়েহে বোধহয় আমাক অলপ বেছি আদৰ-সাদৰ কৰিছে৷ স্বত্বাধিকাৰীৰ পৰা আৰম্ভ কৰি কৰ্মচাৰীলৈকে আটাইবোৰ লোকেই নম্ৰ, ভদ্ৰ– সংস্কৃত যেন লাগিল৷

গাড়োৱালীসকল স্বভাৱতেই নম্ৰ, ভদ্ৰ, শান্ত প্ৰকৃতিৰ৷ এয়া তেওঁলোকৰ সংস্কৃতি, জীৱনবোধ৷ আচলতে ঠাইভেদে, অঞ্চলভেদে মানুহৰ মানৱীয় আচৰণ পৃথক পৃথক হোৱা দেখা যায়৷ হিউমেন বিহেভিয়াৰৰ এনে বিভিন্ন আৰু বিচলন নিৰ্ভৰ কৰে নানা প্ৰাকৃতিক আৰু জলবায়ৱীয় কাৰকৰ ওপৰত৷ কিছুমান ঠাইৰ মানুহ স্বভাৱতে ৰূঢ়, কিছুমান ঠাইৰ মানুহ আকৌ স্বভাৱতেই নম্ৰ৷ মানুহৰ সামাজিক আচৰণৰ ভিন্নতা বিষয়টো এক গৱেষণাৰ বিষয়৷

হোটেলৰ কৰ্মচাৰী এজনে মোক ভূগোলৰ শিক্ষক বুলি জানি এদিন ৰাতি দৃশ্য এটি দেখুৱাবলৈ মাতি লৈ গ’ল৷ সেই নিশাটো আছিল জোনাক নিশা৷ বহু দূৰত এটি পৰ্বতৰ শৃংগ– ওপৰৰ অংশটো বগা৷ বোধহয় বৰফেৰে সম্পূৰ্ণ ঢাক খাই আছে৷ শৃংগটোৰ ফালে আঙুলিয়াই দি তেওঁ মোক ক’লে, – আপুনি নি(য় জানে যে সেয়া কৈলাশ, য’ত হৰ-গৌৰী বাস কৰে৷ তেওঁ মোক আকৌ কৈ গ’ল,– আপুনি বিশ্বাস কৰে নে নকৰে নাজানো, কিন্তু এইটো সত্য যে বছৰৰ প্ৰতিটো শিৱ চতুৰ্দশীৰ নিশা এই কৈলাশ পৰ্বতৰ পৰা ৰিণিকি ৰিণিকি ভাহি আহে শংখ-ঘণ্টাৰ সুললিত ধবনি৷ মাজনিশাৰ পাছত একান্তমনে শিৱক প্ৰাৰ্থনা জনাই কাণ পাতিলেই শুনা যায় সেই ধবনি৷

এই সৰল-নিমাখিত মানুহজনৰ কথাখিনি শুনি মই অভিভূত হৈ পৰিলোঁ৷ কিমান সৰল হ’লে মানুহ এজনে সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে এনে কথা ক’ব পাৰে, তাকেই ভাবিলোঁ৷ বদ্ৰীনাথ আৰু কৈলাশ শৃংগৰ মাজৰ আকাশমাৰ্গীয় দূৰত্ব প্ৰায় ২০০ কিলোমিটাৰ, ভূ-পৃষ্ঠৰ ওপৰেৰে গ’লে ইয়াতকৈ অনেক বেছি হ’ব৷ উচ্চতাৰ তাৰতম্য অৱশ্যে বহুত বেছি নহয়৷ যিমান অধিক প্ৰাবল্যৰ শব্দ হ’লেও দুশ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি মানুহৰ কাণত নোসোমায়৷ কিন্তু মানুহজনৰ দুটা বিশেষত্ব শলাগিবই লাগিব৷ প্ৰথমটো হ’ল, তেওঁৰ অটল ধৰ্মবিশ্বাস আৰু দ্বিতীয়টো তেওঁৰ স্বভাৱজনিত সৰলতাখিনি৷ গতিকে, সঁচা-মিছাৰ প্ৰশ্নৰ অৱতাৰণা কৰি মই তেওঁৰ মনত দুখ দিয়াৰ পৰা বিৰত থাকিলোঁ৷ আমি তাত তিনিটা দিন আছিলোঁ আৰু সেই গোটেইকেইদিন তেওঁ ছাঁটোৰ দৰে আমাৰ লগত ঘূৰি ফুৰিছিল৷ আমাৰ সৰু ছোৱালীজনীক তেওঁ কিমান যে আদৰ কৰিছিল

তিনিদিন পাছত আমাৰ ঘৰমুৱা যাত্ৰা আৰম্ভ হ’ল৷ আকৌ সেই একেখন বাছ, একে চালক, আকৌ ৰুদ্ৰপ্ৰয়াগ৷ পিছদিনা হৰিদ্বাৰ হৈ দিল্লী পালোঁহি৷ দিল্লীত দুদিনমান থাকি ৰে’লেৰে আকৌ গুৱাহাটী৷

আকৌ অকণমান ঘূৰি যাওঁ ৰুদ্ৰপ্ৰয়াগৰ কথালৈ৷ আমি নিশ্চিত যে অনেক পাঠকেই জিম কৰবেটৰ মেন ইটিং লিঅ’পাৰ্ড অৱ ৰুদ্ৰপ্ৰয়াগ গ্ৰন্থখন পঢ়িছে৷ মূল ইংৰাজীখন নপঢ়িলেও বহুতে নি(য় বিৰাজ চৌধুৰীয়ে কৰা সুন্দৰ অসমীয়া অনুবাদ পঢ়িছে৷ তাত উল্লেখ আছে অপৰিসীম শাৰীৰিক তথা মানসিক কষ্টৰ অন্তত ১৯২৬ চনৰ কোনো এক এন্ধাৰ নিশা দহ বজাত কৰবেটে ৰুদ্ৰপ্ৰয়াগৰ নাহৰফুটুকীটো বধ কৰিছিল৷ এই কামটো কৰোঁতে তেওঁ আমগছ এজোপাত চাং এখন সাজি লৈ তাতে বহি চিকাৰলৈ খাপ লৈছিল৷ পাছলৈ উত্তৰ প্ৰদেশ চৰকাৰে [তেতিয়া উত্তৰাখণ্ডৰ সৃষ্টি হোৱা নাই] সেই আমগছজোপা অতি যত্নেৰে সংৰক্ষণ কৰিছিল৷ গছজোপা এতিয়া আছেনে নাই নাজানো৷

ঘূৰি অহাৰ পাছত গোটেই যাত্ৰাটোৰ বিষয়ে আমাৰ ভূগোল বিভাগৰ শিক্ষকৰ জিৰণীকোঠাত যেতিয়া ক’লোঁ, বিৰাজ চৌধুৰী ছাৰে টপৰাই মোক প্ৰশ্ন কৰিলে– ‘জিম কৰবেটে যিডাল গছত উঠি নাহৰফুটুকীটো মাৰিছিল, সংৰক্ষিত সেই গছডাল চাই আহিলানে বাৰুঞ্জ’ নাই চোৱা বুলি ক’বলৈহে পালোঁ, ছাৰে মোক যিটোহে ধমকি মাৰিলে, ‘ৰুদ্ৰপ্ৰয়াগলৈ গৈও তুমি সেই বিখ্যাত গছডাল চাই নাহিলা৷’ জিম কৰবেটৰ প্ৰতি ইমানেই আছিল বিৰাজ চৌধুৰী ছাৰৰ অনুৰাগ৷ ছাৰ নিজেও আছিল এজন সুনিপুণ চিকাৰী৷

বদ্ৰীনাথ পাওঁতে সন্ধিয়া ছয় বাজিল৷ বাছৰ পৰা নমাৰ লগে লগে ভৰিৰ পৰা মূৰলৈ সিৰসিৰাই গ’ল৷ ইয়াৰ কাৰণ হ’ল, বাহিৰত তাপমাত্ৰা তেতিয়া তিনি ডিগ্ৰী চেলছিয়াছ৷ হোটেলৰ মানুহ বাছ আস্থানত ৰৈয়েই আছিল৷ জাৰত কঁপি কঁপি হোটেল উঠিলোঁগৈ৷ হোটেলখন নতুনকৈ সাজিছে৷ সেয়েহে বোধহয় আমাক অলপ বেছি আদৰ-সাদৰ কৰিছে৷