কাইলৈ অসমৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ‘লাচিত-১’ উৎক্ষেপণ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ জানুৱাৰীঃ আহোম সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যৰ কোনো তুলনা নাই৷ নৰিয়া দেহাৰে মোগলৰ বিৰুদ্ধে শৰাইঘাটৰ যুঁজত মহাবীৰ লাচিতে দেখুওৱা দেশপ্ৰেমে আজিও জাতিটোক উদ্বুদ্ধ কৰি ৰাখিছে৷ অসমীয়াৰ বীৰত্বৰ প্ৰতীক সেই মহাবীৰ লাচিত এতিয়া মহাকাশতো জিলিকি থাকিব৷ কাৰ্যতঃ ইতিহাস ৰচনা কৰি ১২ জানুৱাৰী অৰ্থাৎ সোমবাৰে পোন প্ৰথমবাৰৰ বাবে বিশ্বৰ মহাকাশ গৱেষণাৰ মানচিত্ৰত প্ৰৱেশ কৰিব অসমে৷ উত্তৰ-পূব ভাৰতক প্ৰতিনিধিত্ব কৰি অসমে মহাবীৰ লাচিতৰ নামেৰে নামকৰণ কৰি নিৰ্মাণ কৰা প্ৰথমটো কৃত্ৰিম উপগ্ৰহ ‘লাচিত-১’ সোমবাৰে মহাকাশলৈ উৎক্ষেপণ কৰা হ’ব৷ অসমৰ মহাকাশ অভিযানৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত-ৰৰ সম্পূৰ্ণ নাম হৈছে– Live Amateure Communication Hub For Innovative Technologies-one৷ অৱশ্যে লাচিত-১ উপগ্ৰহটো অসম চৰকাৰৰ দ্বাৰা নিৰ্মিত নহয়৷ ৰাজ্যৰ ব্যক্তিগতখণ্ডৰ উচ্চ শিক্ষা প্ৰতিষ্ঠান অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থীয়ে ‘লাচিত-১’ মহাকাশ অভিযানক নেতৃত্ব দিছে৷ সোমবাৰে পুৱা ১০.১৭ বজাত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা এই কৃত্ৰিম উপগ্ৰহটোক উৎক্ষেপণৰ বাবে সময়সূচী চূড়ান্ত কৰা হৈছে৷ হায়দৰাবাদস্থিত মহাকাশ অভিযান্ত্ৰিক সংস্থা ধ্ৰুৱ স্পেচৰ প’লাৰ এক্সেছ-১ [Polar Access-১] কাৰ্যসূচীৰ অধীনত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ PSLV-DL-১৬২ প্ৰণালীৰ [ৰকেট] মাধ্যমেৰে লাচিত-১ উপগ্ৰহটো উৎক্ষেপণ কৰা হ’ব৷ ধ্ৰুৱ স্পেচৰ সহ প্ৰতিষ্ঠাপক তথা মুখ্য অভিযান্ত্ৰিক বিষয়া অভয় ইগুৰে প্ৰকাশ কৰা মতে ধ্ৰুৱ স্পেচৰ প’লাৰ এক্সেছ-১ কাৰ্যসূচীৰ অধীনত অসমৰ ডনবস্ক’ বিশ্ববিদ্যালয়ে নেতৃত্ব দিয়া ‘লাচিত-১’ উপগ্ৰহটোৰ নিৰ্মাণত উত্তৰ-পূৰ্বাঞ্চলৰ ৫ খন ৰাজ্য ক্ৰমে অসম, মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰৰ ৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক জড়িত আছে৷ ধ্ৰুৱ স্পেচে এই অভিযানত মুঠ ৪টা উপগ্ৰহ, ৫টা পৃথকীকৰণ প্ৰণালী আৰু একাধিক স্থল ষ্টেচন সমন্বিত ‘ষ্টেক’ নিৰ্মাণ কৰিছে৷ এই সামুহিক অভিযানে দুৰ্যোগ যোগাযোগ, পৰিৱেশ নিৰীক্ষণ, শিক্ষা আৰু বাণিজ্যিক ভূ-পৰ্যবেক্ষণ আদি ক্ষেত্ৰক সামৰি লোৱা বুলিও ধ্ৰুৱ স্পেচৰ ফালৰ পৰা কোৱা হৈছে৷
উত্তৰ-পূৰ্বাঞ্চলক প্ৰতিনিধিত্ব কৰি লাচিত-১ উপগ্ৰহ উৎক্ষেপণৰ অভিযানটোক অসম ডনবস্ক’ বিশ্ববিদ্যালয়ে নেতৃত্ব প্ৰদান কৰিছে৷ এই উপগ্ৰহ অভিযানৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে বাস্তৱ মহাকাশ প্ৰকল্পত কাম কৰাৰ সুযোগ লাভ কৰাই নহয়, অসমৰ নতুন প্ৰজন্মৰ বাবে ভৱিষ্যতৰ মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে৷ লাচিত-১ উপগ্ৰহৰ অভিযানত ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ইলেক্টিªকেল এণ্ড ইলেক্টªনিক্স ইঞ্জিনীয়াৰিং বিভাগৰ দুজন ছাত্ৰ বিশেষভাৱে জড়িত৷ লাচিত-১ উপগ্ৰহটোৰ মুখ্য কাম হৈছে 'Store-and-forward' যোগাযোগ ব্যৱস্থাৰ প্ৰদৰ্শন৷ ইয়াক এটা মহাকাশীয় ডাকবাচক বুলি ভাবিব পাৰে৷ ই এখন গ্ৰাউণ্ড ষ্টেচনৰ পৰা এটা সৰু বাৰ্তা গ্ৰহণ কৰে, উপগ্ৰহৰ ভিতৰত সঞ্চয় কৰে আৰু পৃথিৱীৰ কক্ষপথত ঘূৰি অন্য এটা স্থানৰ ওপৰত আহিলে সেই বাৰ্তাটো পুনৰ প্ৰেৰণ কৰে৷ এই প্ৰযুক্তিয়ে উত্তৰ-পূবৰ সমগ্ৰ অঞ্চলটোৰ বাবে ভৱিষ্যতৰ জীৱন ৰক্ষাকাৰী হিচাপে ভূমিকা গ্ৰহণৰ সম্ভাৱনা আছে৷ বান বা ভূমিস্খলনৰ দৰে জৰুৰী পৰিস্থিতিত যেতিয়া সাধাৰণ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰে, তেতিয়া LACHIT-১ জৰুৰী সেৱাসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ বিকল্প সংযোগ হিচাপে কাম কৰিব পাৰে৷ এমেচাৰ ৰেডিঅ’ ফ্ৰিকুৱেন্সিত চলা এই উপগ্ৰহটো বিশ্বব্যাপী লাইচেন্সপ্ৰাপ্ত অপাৰেটৰসকলৰ বাবে খোলা থাকিব৷ এই মিছনৰ দ্বাৰা লাভৱান হোৱাৰ বাবে Dhruva Space, National Institute of Amateur Radio আৰু ডনবস্ক’ বিশ্ববিদ্যালয়ৰ সহযোগত দুৰ্যোগ যোগাযোগ আৰু জৰুৰী সঁহাৰি বিষয়ত প্ৰশিক্ষণ কাৰ্যসূচী চলোৱা হ’ব৷ উল্লেখ্য, ধ্ৰুৱ স্পেচৰ এই অভিযানৰ অংশ হিচাপে ভুৱনেশ্বৰৰ চি ভি ৰমন গ্ল’বেল ইউনিৰ্ভাচিটীৰ সহযোগত ওড়িশাৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ CGUSAT-১, বেংগালুৰুৰ দয়ানন্দ সাগৰ বিশ্ববিদ্যালয়ে নিৰ্মাণ কৰা কৰ্ণাটকৰ কৃত্ৰিম উপগ্ৰহ DSAT-১ নেপাল একাডেমী অৱ ছায়েন্স এণ্ড টেকন’লজী আৰু নেপাল অন্তৰীক্ষ প্ৰতিষ্ঠানে MUNALSAT উপগ্ৰহ উৎক্ষেপণ কৰিব৷ একেদৰে গুজৰাটৰ লক্ষ্মণ জ্ঞানপীঠ বিদ্যালয়ৰ উপগ্ৰহৰ SANSKARSAT, তামিলনাডুৰ OrbitAIO ১ উপগ্ৰহ AAYULSAT আৰু তেলেংগনাৰ THYBOL-৩ উপগ্ৰহ উৎক্ষেপণ কৰা হ’ব৷






