Logo
image

লোকসভাত মোদীৰ সন্মুখতে বিজেপিক তুলাধুনা গৌৰৱৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ডিচেম্বৰঃ  ভাৰতৰ স্বাধীনতা সংগ্ৰামত বৰ্তমানৰ শাসনত থকা বিজেপিৰ অৰিহণা কি আছিল আৰু ব্ৰিটিছক ভাৰত ত্যাগ কৰিবৰ বাবে আৰএছএছ-বিজেপিয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল? সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰি আজি লোকসভা উত্তাল কৰি তোলে সাংসদ গৌৰৱ গগৈয়ে৷ লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈয়ে আজি ‘বন্দে মাতৰম’ৰ ১৫০ সংখ্যক বাৰ্ষিকী উপলক্ষে সদনত উদাত্ত ভাষণ দি শাসনাধিষ্ঠিত দলে ৰজাৰ দৰে কেৱল শাসন কৰি জনতাক কেনেদৰে ‘ত্ৰাহি মধুসূদন’ দেখুৱাইছে তাৰ নিৰ্মোহ বিশ্লেষণ দাঙি ধৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ পিছত বিৰোধী দলসমূহৰ হৈ গৌৰৱ গগৈয়ে প্ৰদান কৰা ভাষণতে সাংসদজনে পুনৰ নিজৰ বাগ্মীতা গুণৰ পৰিচয় দি ভাৰতীয় জাতীয় কংগ্ৰেছক উজ্জীৱিত কৰি তোলে৷ ভাষণৰ আৰম্ভণিতে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ৰাজা ৰামমোহন ৰায়, বংকিমচন্দ্ৰ চট্টোপাধ্যায়, স্বামী বিবেকানন্দ, অৰবিন্দ ঘোষ, ক্ষুদিৰাম বসু, ৰবীন্দ্ৰনাথ ঠাকুৰ, সুভাষচন্দ্ৰ বসুৰ দৰে মহান ব্যক্তিসকলে জন্মলাভ কৰা বংগৰ পৱিত্ৰ ভূমিক প্ৰণাম নিবেদন কৰি গগৈয়ে কয়–এই ভূমিয়ে দেশক ৰাষ্ট্ৰীয় সংগীতৰ লগতে ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰমো’ উপহাৰ দিছে৷ তেওঁ নিজৰ ভাষণত ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ বিফলতাৰ পাছত ইংৰাজ শাসক অধিক নিষ্ঠুৰ হৈ পৰা সেই ঐতিহাসিক সময়ৰ কথাও উল্লেখ কৰে৷ এনে পৰিস্থিতিতে ১৮৭২চনত বংকিমচন্দ্ৰ চট্টোপাধ্যায়ে ‘বন্দে মাতৰম’ৰ প্ৰথম দুটা পংক্তি ৰচনা কৰে আৰু সেই দুটি পংক্তি আজি ৰাষ্ট্ৰীয় গীত হিচাপে গোৱা হয়৷ তেওঁ কয় যে প্ৰায় এক দশকৰ পাছত ‘আনন্দমঠ’ত এই শাৰীসমূহত আৰু নতুন শাৰীৰ সংযোজন ঘটে আৰু গীতটো ব্ৰিটিছৰ সাম্ৰাজ্যবাদী অত্যাচাৰৰ বিৰুদ্ধে কৃষক, যুৱক আৰু সাধাৰণ ৰাইজৰ প্ৰেৰণাৰ উৎস হৈ পৰে৷ গগৈয়ে কয় যে ১৯০৫ চনত, লৰ্ড কাৰ্জনে বংগ বিভাজনৰ ঘোষণা কৰাৰ লগে লগে ‘বন্দে মাতৰম’ জন-আন্দোলনৰ এক সেৱালৈ ৰূপান্তৰিত হয়৷ বিভাজনৰ বিৰুদ্ধে উঠা স্বদেশী আন্দোলনে ক্ৰমে গোটেই দেশতে বিয়পি পৰে৷ অৰবিন্দ ঘোষৰ ‘বন্দে মাতৰম’ আৰু ‘যুগান্তৰ’ৰ দৰে আলোচনীয়ে এই গীতটোক ৰাষ্ট্ৰীয় চেতনাৰ এক প্ৰতীক কৰি তোলাৰ কথাও তেওঁ উল্লেখ কৰে৷ তেওঁ আৰু কয় যে প্ৰচাৰ-পত্ৰ, প্ৰকাশন, অনুবাদ আৰু গ্ৰামোফোন ৰেকৰ্ডৰ সহায়ত ‘বন্দে মাতৰম’ পঞ্জাব, মহাৰাষ্ট্ৰ, চেন্নাই, কৰ্ণাটক, তেলেংগানাসহ সমগ্ৰ ভাৰতৰ চুকে-কোণে প্ৰসাৰিত হয়৷ ক্ষুদিৰাম বসু আৰু অন্যান্য বিপ্লৱীসকলৰ বিৰুদ্ধে ব্ৰিটিছে ৰুজু কৰা গোচৰৰ সময়ত ‘বন্দে মাতৰম’ৰ সুৰ আৰু ধবনিয়ে বৃটিছৰাজৰ অন্তৰাত্মাত ভয়ৰ সঞ্চাৰ কৰিছিল৷ ভাষণত গগৈয়ে আঙুলিয়াই দিয়ে যে ‘বন্দে মাতৰম’ৰ জনপ্ৰিয়তা সৰ্বপ্ৰথমে বংগৰ ছাত্ৰসমাজত বিস্তাৰ লাভ কৰে, তাৰ পাছত সৰ্বত্ৰে ইয়াৰ প্ৰভাৱ বিয়পি পৰে৷ ১৯০৭ চনত যেতিয়া ভাৰতীয় ত্ৰিৰংগা প্ৰথমবাৰৰ বাবে উন্মোচন কৰা হৈছিল, তেতিয়া ত্ৰিৰংগাতো ‘বন্দে মাতৰম’ শব্দটিৰ উল্লেখ আছিল৷ ৰবীন্দ্ৰনাথ ঠাকুৰৰ ভতিজা অৱনীন্দ্ৰনাথ ঠাকুৰে এই গীতৰ পৰা অনুপ্ৰাণিত হৈ সৃষ্টি কৰা বহু কাৰুকাৰ্যৰ জৰিয়তে এয়া স্পষ্ট হয় যে স্বাধীনতা সংগ্ৰামত সাহিত্য, সংগীত আৰু কলা–তিনিওটাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ গগৈয়ে সদনত এই কথাও মনত পেলাই দিয়ে যে ‘বন্দে মাতৰম’ক প্ৰথম ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰাৰ কৃতিত্ব কংগ্ৰেছ দলৰহে৷ ১৮৯৬ চনৰ কলকাতা অধিৱেশনত স্বয়ং কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে মধুৰ কণ্ঠেৰে ইয়াক পৰিৱেশন কৰিছিল৷ পাছত ১৯০৫ চনত বাৰাণসীৰ অধিৱেশনত ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰীয় গীত হিচাপে ঘোষণা কৰা হয়৷ সেই সময়ত গীতৰ শাৰীত উল্লেখ থকা বংগ-কেন্দ্ৰিক ‘‘সাত কোটি’’ক ‘‘ত্ৰিশ কোটি’’লৈ পৰিৱৰ্তন কৰি ইয়াক গোটেই ভাৰতৰ জনসংখ্যাৰ প্ৰতিনিধিত্ব প্ৰদান কৰা হয়৷ সদনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে অভিযোগ কৰে যে প্ৰধানমন্ত্ৰীৰ বক্তৃতাত ইতিহাসক পুনৰ্লিখন কৰাৰ এক প্ৰয়াস দেখা গৈছে আৰু আলোচনাক ৰাজনৈতিক ৰং দিয়াৰ চেষ্টা চলাইছে৷ তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে কোনো বিষয়ক লৈ ভাষণ প্ৰদান কৰিলেই নেহৰু আৰু কংগ্ৰেছ দলৰ নাম অহেতুকভাৱে বাৰে বাৰে টানি আনে৷ বিভিন্ন ভাষণৰ উদাহৰণ দি গগৈয়ে কয় যে এই প্ৰৱণতাই যেন ঐতিহাসিক তথ্যক অস্পষ্ট কৰাৰহে চেষ্টা কৰিছে৷ ‘অপাৰেশ্যন সেন্দূৰৰ বিতৰ্কক প্ৰধানমন্ত্ৰী মোদীয়ে নেহৰুৰ নাম কিমানবাৰ লৈছে সেয়া আপোনালোকে শুনিব বিচাৰেনে? তেওঁ অপাৰেশ্যন সেন্দূৰৰ ভাষণত নেহৰুৰ নাম ১৪ বাৰ আৰু কংগ্ৰেছৰ নাম ৫০ বাৰ লৈছে৷ সংবিধানৰ ৭৫সংখ্যক বাৰ্ষিকীৰ ভাষণত নেহৰুৰ নাম ১০ বাৰ আৰু কংগ্ৰেছৰ নাম চ্ছ বাৰ লৈছে৷ ২০২২চনৰ ৰাষ্ট্ৰপতিৰ অভিভাষণৰ সময়ত মোদীয়ে নেহৰুৰ নাম লৈছিল ১৫ বাৰ আৰু ২০২০ চনত লৈছিল ২০ বাৰ– ’ গগৈয়ে কয়৷ গগৈয়ে দৃঢ়তাৰে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে যিমানেই কলংকিত কৰিবলৈ চেষ্টা নকৰক কিয়, বাস্তৱত কিন্তু পণ্ডিত জৱাহৰলাল নেহৰুৰ অৱদানত ক’তো অকণো দাগ লগোৱাতো সম্ভৱ নহয়৷ তেওঁ ইয়াকো স্পষ্ট কৰি দিয়েহি যে ১৯৩৭ চনত মুছলিম লীগে ‘বন্দে মাতৰম’ক বৰ্জন কৰাৰ সিদ্ধান্তৰ সৈতে কংগ্ৰেছে কেতিয়াও একমত নাছিল৷ স্বয়ং মৌলানা আবুল কালাম আজাদে কৈছিল যে তেওঁ ‘বন্দে মাতৰম’ক বাধা দিয়াৰ কোনো যুক্তিয়েই নাই৷ গগৈয়ে মতপোষণ কৰে যে এইয়াই মুছলিম লীগ, হিন্দু মহাসভা আৰু কংগ্ৰেছৰ চিন্তাধাৰাৰ মাজৰ মৌলিক পাৰ্থক্য৷ গগৈয়ে কয়, ‘কংগ্ৰেছৰ ৱৰ্কিং কমিটীৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে যেতিয়াই কংগ্ৰেছৰ বৈঠক বা সভা আদি অনুষ্ঠিত হ’ব তেতিয়াই আৰম্ভণিতে বন্দে মাতৰমৰ প্ৰথম দুটা পংক্তি গোৱা হ’ব৷ এই সিদ্ধান্তৰ মুছলিম লীগে বিৰোধিতা কৰিছিল৷ হিন্দু মহাসভায়ো ইয়াক লৈ আলোচনা কৰিছিল৷ মুছলিম লীগ আৰু হিন্দু মহাসভা দুয়োটা সংগঠনে কংগ্ৰেছক সমালোচনা কৰিছিল৷ ভালকৈ চালে দেখা যায় যে হিন্দু মহাসভা আৰু মুছলিম লীগৰ ৰাজনৈতিক উদ্দেশ্য একেটাই৷


১৯৩৭ চনৰ কথাক লৈ কংগ্ৰেছক সমালোচনা কৰা দলটোৰ ৰাজনৈতিক পূৰ্বসূৰীসকলে ১৯৪২ চনৰ ‘ভাৰত ত্যাগ আন্দোলন’ত ক’ত আছিল, সেই কথা প্ৰথমে উল্লেখ কৰাটো উচিত বুলিও মন্তব্য কৰে গগৈয়ে৷ যেতিয়া ‘বন্দে মাতৰম’ৰ মূল লক্ষ্য, অৰ্থাৎ ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ, গোটেই দেশতে তুংগত আছিল সেই সময়ত প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক পূৰ্বসুৰীসকলে কিয় ভাৰত ত্যাগ আন্দোলনৰ বিৰোধিতা কৰিছিল বুলিও প্ৰশ্ন কৰে৷ গগৈয়ে কয় যে ১৯৫০ চনত সংবিধান সভাই মুছলিম লীগৰ এসময়ৰ আপত্তিক প্ৰত্যাখ্যান কৰি ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰীয় গীতৰ মৰ্যাদা দিয়াৰ সিদ্ধান্ত লয় আৰু ‘জন গণ মন’ক ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিয়া হয়৷ এই সিদ্ধান্তৰ আঁৰত বংগৰ সাংস্কৃতিক প্ৰৱাহ আৰু স্বাধীনতা সংগ্ৰামৰ প্ৰেৰণাৰ পৰা কংগ্ৰেছে আহৰণ কৰা দেশপ্ৰেমৰ ভাৱনা জড়িত আছিল বুলিও তেওঁ কয়৷ বিজেপি দলে বংকিম চন্দ্ৰ চট্টোপাধ্যায় আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ চিন্তা-আদৰ্শক আজিলৈকে উপলব্ধি কৰিব নোৱাৰিলে বুলিও কয়৷ বিজেপি দলক উদ্দেশ্যি তেওঁ কয়, ‘আপোনালোকে ৰবীন্দ্ৰ নাথ ঠাকুৰক বুজিয়েই নাপায়৷ আপোনালোকে সকলোকে বাংলাদেশী সজাই দিয়ে৷ ৰবীন্দ্ৰ নাথ ঠাকুৰে ১৯০৫ চনত সোণাৰ বাংলা লিখিছিল৷ আপোনালোকে ইতিহাস নাজানেই৷ আপোনালোকে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ইতিহাস পঢ়াই নাই৷ আপোনালোকে কোনোৱে সোণাৰা বাংলা গোৱা শুনিলেই বাংলাদেশী বুলি ধৰি লয়৷ সেই গীতটোত বংগ ভংগৰ সময়ৰ যি বেদনা লুকাই আছে তাক আপোনালোকে বুজিবলৈ চেষ্টাই নকৰে৷ সেয়ে দিল্লীত কোনোৱে বাংলা ভাষা ক’লেই আপোনালোকে বাংলাদেশী বুলি কৈ জে’ললৈ পঠিয়াই দিয়ে৷” গগৈয়ে অসমৰ ডি-ভোটাৰৰ সমস্যা ডাবোল ইঞ্জিন থকা সত্ত্বেও যোৱা ১০-ৰৰ বছৰে কিয় সমাধান নহ’ল বুলিও প্ৰশ্ন কৰে৷ বিজেপি দলে ৰাষ্ট্ৰৰ প্ৰকৃত অৰ্থটোকেই বুজি নাপায় বুলিও কয় গগৈয়ে৷ তেওঁ কয় বৈচিত্ৰ্যৰ মাজত ঐক্য নীতিৰে আমাৰ দেশখন গঢ় লৈ উঠিছে আৰু শক্তিশালী ভাৰতত পৰিণত হৈছে যদিও বিজেপিয়ে সেই ধাৰণাটোৰেই বিৰোধিতা কৰিবলৈ উঠি-পৰি লাগিছে৷ গগৈয়ে নিজৰ ভাষণত দেশৰ বৰ্তমান পৰিস্থিতিৰ সৈতে ‘বন্দে মাতৰম’ৰ মূল আদৰ্শক সংযোগ কৰে৷ তেওঁ কয়, ‘‘সভাপতি মহোদয়, যদি আমি ‘বন্দে মাতৰম’ৰ ১৫০তম জন্মবাৰ্ষিকী যথাযথভাৱে পালন কৰিব বিচাৰোঁ, তেন্তে প্ৰথমে দেশবাসীক সুৰক্ষা প্ৰদান কৰিব লাগিব৷’’ তেওঁ স্বাস্থ্য সুৰক্ষাৰ কথাও উল্লেখ কৰি কয় যে দিল্লীৰ পৰা উত্তৰ ভাৰতলৈকে ভয়ংকৰ বায়ু প্ৰদূষণৰ বাবে লক্ষ লক্ষ কৃষক-শ্ৰমিকে আজি ভালকৈ উশাহ ল’ব নোৱৰা পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ‘‘আমাৰ বায়ু বিশুদ্ধ নোহোৱাকৈ আমি দেশৰ সুৰক্ষাৰ কথা কেনেকৈ পাতিব পাৰিম?’’–গগৈয়ে প্ৰশ্ন কৰে৷ তেওঁ সীমা-সুৰক্ষাৰ কথাও উল্লেখ কৰে৷ পেহেলগামৰ দুৰ্ভাগ্যজনক ঘটনাৰ পিছত পাকিস্তানৰ ফিল্ড মাশ্বৰ্ালৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে সঘন উঠা-বহাৰ উল্লেখ কৰি গগৈয়ে কয়, ‘‘আজিকালি পাকিস্তান-আমেৰিকাৰ সম্পৰ্ক নিবিড় হোৱাৰ বিষয়টোক লৈ বিশ্বমঞ্চত আলোচনা চলি আছে, কিন্তু এই বিষয়ে চৰকাৰে কোনো মন্তব্যই নকৰে৷’ ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস হোৱাৰ বিষয়টোও গগৈয়ে সদনত তুলি ধৰে৷ তেওঁ কয়, ‘‘আজি ভাৰতীয় মুদ্ৰাৰ মূল্য ১০০১ ওচৰ চাপি গৈছে৷ প্ৰধানমন্ত্ৰীয়ে এদিন নিজেই কৈছিল যে মুদ্ৰা শক্তিশালী নহ’লে নাগৰিকৰ জীৱন কষ্টময় হয়৷ আজি সেই অৱস্থা বাস্তৱ হৈ পৰিছে৷’ গগৈয়ে তীক্ষ্ণভাৱে কয়, ‘‘আজিৰ বাস্তৱ এয়াই যে দেশত আজি বায়ুমণ্ডল সুৰক্ষিত নহয়, মুদ্ৰা সুৰক্ষিত নহয়, সীমান্ত সুৰক্ষিত নহয়৷ ৰাজধানী দিল্লীত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে৷ জম্মু-কাশ্মীৰ-লাদাখ অঞ্চলক যি ৰাজনৈতিক সুৰক্ষা–সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা আৰু সমান প্ৰশাসনিক অধিকাৰ–সেয়া দিয়া হোৱা নাই৷ এনে পৰিপ্ৰেক্ষিতত আমি ‘বন্দে মাতৰম’ৰ আদৰ্শক কেনেকৈ আগুৱাই লৈ যাম?’’ শেষত গগৈয়ে কয় যে ‘বন্দে মাতৰম’ কেৱল এটা গীত নহয়; এয়া এক যুগচেতনা–ব্ৰিটিছ দমননীতিৰ বিৰুদ্ধে ভাৰতীয় আত্মা এক হোৱাৰ ইতিহাস৷ ইয়াৰ লক্ষ্য আছিল দেশক ঐক্যবদ্ধ কৰা, কোনো নিৰ্দিষ্ট ৰাজনৈতিক দলৰ মতাদৰ্শক বিস্তাৰ কৰা নহয়৷ তেওঁ আৰু কয় যে ‘বন্দে মাতৰম’ৰ মূল চেতনাই হৈছে ইংৰাজ শাসনৰ বিৰুদ্ধে নিৰ্ভীক প্ৰতিৰোধ–কংগ্ৰেছ আৰু ইয়াৰ নেতাসকলে ত্যাগ, সংগ্ৰাম আৰু আন্দোলনৰ জৰিয়তে সেয়া জীয়াই ৰাখিছিল৷ কিন্তু আজি ইয়াৰ নামত ইতিহাসক বিকৃত কৰাৰহে প্ৰয়াস চলোৱা হৈছে৷ তেনে অপচেষ্টাক দেশৰ জনসাধাৰণে সফল হ’বলৈ নিদিয়ে বুলিও কয় গগৈয়ে৷