উক্তি-বক্ৰোক্তি
- ভাৰত-ৰাছিয়াৰ সম্পৰ্ক অধিক মজবুত কৰাৰ বাবে শান্তিৰ নোবেল পোৱাৰ যোগ্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প৷
– পেণ্টাগনৰ প্ৰাক্তন বিষয়া মাইকেল ৰুবিন
-ইমান কেজুৱেলী ভাৰতৰত্ন নহয়, ভাৰতৰত্নৰ বাবে জুবিন গাৰ্গৰ বিষয়ে ডকুমেণ্টেশ্বন কৰি বিধানসভাত প্ৰস্তাৱ লৈ প্ৰেৰণ কৰা হ’ব৷
– মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
-সস্তীয়া ৰাজনীতি এৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ভয় খুৱাই জাতি উদ্ধাৰ কৰিব নোৱাৰি৷
– প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই
-হিমন্ত বিশ্ব শৰ্মাৰ দৰে ইমান নিষ্ঠুৰ, অহংকাৰী মুখ্যমন্ত্ৰী ভাৰতৰ ভিতৰতে দেখা নাই৷ মুখ্যমন্ত্ৰীয়ে চৰকাৰী কৰ্মচাৰীক ব্যক্তিগত সম্পদ বুলি ভাবে৷
– প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ
-মই বিচাৰোঁ ২০২৭ চনৰ বিশ্বকাপত ৰোহিত শৰ্মা আৰু বিৰাট কোহলিয়ে অ’পেনিং কৰক, ঋতুৰাজে ৩ নম্বৰত আৰু শ্ৰেয়স আয়াৰে ৪ নম্বৰত বেটিং কৰক৷
– প্ৰাক্তন ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিন
-মই ভাৰতৰ হৈ ভাল প্ৰদৰ্শন কৰিছিলো বুলি মই অনুভৱ কৰো৷ এইটোৱেই মোৰ বিশ্বাস বা আত্মবিশ্বাস, মানুহে যি বুলি ভাবে ভাবিব পাৰে৷ মই কান্ধৰ আঘাত পোৱাৰ বাবে বৰ্তমান ভাৰতৰ হৈ খেলিব পৰা নাই৷ নহ’লে মই ভাবো, ভাৰতৰ বগা বলৰ দুয়োটা ফৰ্মেটতে খেলিব পাৰিম৷
– ক্ৰিকেটাৰ ৰিয়ান পৰাগ
-গুৱাহাটীৰ পৰা দেশৰ আগশাৰীৰ চহৰলৈ বিমানৰ টিকটৰ ভাৰা ৪৮ হাজাৰ টকা পৰ্যন্ত হৈছে৷ জৰুৰীকালীনভাৱে যাবলগীয়া উত্তৰ পূবৰ বিমান যাত্ৰীৰ বাবে এই বৰ্ধিত ভাৰাৰ বোজা চম্ভলা কঠিন হৈ পৰিছে৷
– আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য
-দিল্লীৰ প্ৰদূষণৰ বিষয়টো ‘লিগেছী প্ৰব্লেম’, আগৰ পৰা থাকি যোৱা সমস্যা৷ বিজেপিয়ে পূৰ্বৰ চৰকাৰতকৈ দ্ৰুত গতিৰে এই সমস্যা সমাধানৰ কৰি আহিছে৷ কিন্তু আমি দিল্লীত লকডাউন দিব নোৱাৰো৷ একেলগে কাম-কাজো চলি থাকিব লাগিব৷
– দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা
-শাসনত থকা দলে এতিয়া জৱাহৰলাল নেহৰুক কেৱল বিস্মৃতিৰ গৰ্ভলৈ ঠেলি দিব বিচৰাই নহয়, তেওঁৰ সকলো অৱদান ধ্বংস কৰাৰ বাবে অহৰ্নিশে কাম কৰি আছে৷
– কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী






