Logo
image

ৰাজ্যত জিএছটি সংগ্ৰহৰ অভিলেখ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ মাৰ্চঃ  হিতাধিকাৰী আঁচনি নামত ৰাজ্য চৰকাৰে ঋণৰ ওপৰত ঋণ লৈ জনতাৰ মূৰত সুদৰ বোজা জাপি দিয়াৰ সময়তে কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা সংগৃহীত কৰৰ পৰিমাণ বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে৷ চলিত বিত্তীয় বৰ্ষৰ ১১টা মাহতে অসমত সংগৃহীত কেন্দ্ৰীয় কৰৰ পৰিমাণ ১২ শতাংশ বৃদ্ধি পাইছে৷ তথ্য অনুসৰি বিগত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ফেব্ৰুৱাৰী মাহপৰ্যন্ত অসমত সংগৃহীত মুঠ জিএছটিৰ পৰিমাণ আছিল ১৪,০৫৮ কোটি টকা৷ আনহাতে, চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ ফেব্ৰুৱাৰীপৰ্যন্ত ৰাজ্যত সংগৃহীত মুঠ জিএছটিৰ পৰিমাণ হৈছে ১৫,৭০৭ কোটি টকা৷ অৰ্থাৎ বিগত  ১১ মাহত অসমত সংগৃহীত জিএছটিৰ হাৰ ১২ শতাংশ বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি দেশৰ ৩৮খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত সৰ্বাধিক জিএছটি সংগৃহীত ৰাজ্যৰ তালিকাত অসমৰ স্থান হৈছে ২০ নম্বৰত৷ অৰ্থাৎ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ বিপৰীতে জিএছটি সংগ্ৰহত অসম আছে শীৰ্ষত৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, কেন্দ্ৰীয় কৰ অৰ্থাৎ জিএছটি সংগ্ৰহৰ হাৰ অসমত বিগত ১১টা মাহত ১২ শতাংশপৰ্যন্ত বৃদ্ধি পোৱাৰ  বিপৰীতে উক্ত সময়ছোৱাত চুবুৰীয়া অৰুণাচল প্ৰদেশত জিএছটি ১০ শতাংশলৈ, মেঘালয়ত ৬ শতাংশলৈ আৰু নাগালেণ্ডত ৫ শতাংশলৈ হ্ৰাসহে পাইছে৷


সেই অনুসৰি চলিত বিত্তীয় বৰ্ষৰ ফেব্ৰুৱাৰী পৰ্যন্ত মেঘালয়ত ১,৯২৪ কোটি টকা, ত্ৰিপুৰাত ১,০৩৪ কোটি টকা, অৰুণাচল প্ৰদেশত ১,০২৭ কোটি টকা, মণিপুৰত ৬৪২ কোটি টকা, নাগালেণ্ডত ৫৯৭ কোটি টকা আৰু মিজোৰামত ৪৬৬ কোটি টকা মুঠ জিএছটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ বিত্ত মন্ত্ৰণালয়ৰ তথ্যত লগতে প্ৰকাশ পোৱা অনুসৰি বিগত ৫টা বছৰত কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা চেণ্ট্ৰেল জিএছটি হিচাপে সংগ্ৰহ কৰে সৰ্বমুঠ ১৮,৪১৬.৭০ কোটি টকা কৰ৷ সেই হিচাপে ২০১৯-২০ বিত্তীয় বৰ্ষত অসমৰ সামগ্ৰী আৰু সেৱাৰ ওপৰত সংগৃহীত চেণ্ট্ৰেল জিএছটিৰ পৰিমাণ আছিল ৩০৫০.০৮ কোটি টকা৷ একেদৰে ২০২০-২১ বৰ্ষত ইয়াৰ পৰিমাণ ২৯৮৬.৩৪ কোটি টকালৈ হ্ৰাস পাই যদিও পুনৰ ২০২১-২২ বিত্তীয় বৰ্ষত চেণ্ট্ৰেল জিএছটিৰ পৰিমাণ ৩,৬৪০.৮৮ কোটি টকালৈ বৃদ্ধি পায়৷ উক্ত বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে কেন্দ্ৰীয় চৰকাৰে অসমৰ পৰা সংগৃহীত কৰৰ পৰিমাণ প্ৰতিবছৰেই বৃদ্ধি পাই আহিছে৷ সেই অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত ৪,০০০.৮২ কোটি টকা চিজিএছটি সংগ্ৰহ হোৱাৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত সংগৃহীত চেণ্ট্ৰেল জিএছটিৰ পৰিমাণ ৪,৭৩৮.৫৮ কোটি টকালৈ বৃদ্ধি পায়৷ এক দেশ এক কৰ ব্যৱস্থাৰ অধীনত কেন্দ্ৰীয় নৰেন্দ্ৰ মোদী চৰকাৰে ২০১৭ চনৰ জুলাই মাহৰ পৰা জিএছটি অৰ্থাৎ সেৱা আৰু পণ্য কৰ প্ৰৱৰ্তন কৰিছিল৷ অৱশ্যে, প্ত বছৰলৈ কেন্দ্ৰীয় চৰকাৰে অসমক জিএছটি ক্ষতিপূৰণ হিচাপে সাহায্য প্ৰদান কৰিছিল যদিও ২০২৩ চনৰ শেষৰ পৰা কেন্দ্ৰই ক্ষতিপূৰণ বন্ধ কৰি দিয়াত অসম চৰকাৰে এতিয়া ৰাজহ ঘাটি জোৰা মৰাৰ বাবে ঋণ ল’বলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে৷