
তেঁতেলীৰ উপকাৰিতা
তেঁতেলীৰ নাম শুনিলেই জিভালৈ পানী আহে৷ এইবিধ ফল বিভিন্ন পুষ্টিকৰ উপাদানেৰে ভৰা৷ থলুৱাভাৱে উপলব্ধ হোৱা তেঁতেলীৰো আছে বহু ঔষধি গুণ৷ তেঁতেলীত খনিজ পদাৰ্থ, কেলছিয়াম, আইৰণ, শৰ্কৰা, ভিটামিন ‘চি’ আদি উপাদান থাকে৷ তেঁতেলী কেঁচা-পকাৰ উপৰিও ছাটনি, চৰ্বত, আচাৰ প্ৰস্তুত কৰি খাব পাৰি৷ পকা তেঁতেলী সংৰক্ষণ কৰি বহুদিনলৈ খাব পৰা যায়৷ কিন্তু আচৰিত যেন লাগিলেও এই কথা ষোল্লঅনাই সঁচা যে দক্ষিণ এছিয়াৰ সকলোতকৈ মূল্যৱান খাদ্যৰ ভিতৰত তেঁতেলী হৈছে অন্যতম৷ প্ৰতি ১০০ গ্ৰাম পকা তেঁতেলীত ২.৯ গ্ৰাম খনিজ পদাৰ্থ, ৬৬.৪ গ্ৰাম শৰ্কৰা, ১৭০ মিলিগ্ৰাম কেলছিয়াম, ১০.৯ মিলিগ্ৰাম আইৰণ, ৬০ মাইক্ৰ’গ্ৰাম কেৰ’টিন, ৩ মিলিগ্ৰাম ভিটামিন ‘চি’ থাকে৷ পুৰণা তেঁতেলী বীজাণুনাশক৷ গৰ্ভাৱস্থাত প্ৰসূতিয়ে তেঁতেলী খাবলৈ বিচাৰে৷ চিকিৎসা শাস্ত্ৰয়ো এইক্ষেত্ৰত উপকাৰ সাধে বুলি দাবী কৰে৷ গৰ্ভাৱস্থাত তেঁতেলী খোৱাটো নিৰাপদ বুলি খাদ্য বিশ্লেষকসকলেও মত পোষণ কৰিছে৷ অৱশ্যে নিৰ্দিষ্ট পৰিমাণৰ তেঁতেলীহে খাব লাগে৷ কোষ্ঠকাঠিন্যৰ পৰা মুক্তি দিয়ে তেঁতেলীয়ে৷ তেঁতেলীত থকা পটাছিয়াম আৰু আইৰণে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে৷
তেঁতেলীত টাৰ্টাৰিক এছিড থাকে৷ তেঁতেলীৰ পাত ডায়েৰিয়াৰ ক্ষেত্ৰত মহৌষধ বুলি আয়ুৰ্বেদিক চিকিৎসা শাস্ত্ৰত উল্লেখ আছে৷ তদুপৰি তেঁতেলী গছৰ ছাল পেটৰ বিষৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে উপশম পোৱা যায়৷ মস্তিষ্কৰ বাবেও উপকাৰী এই তেঁতেলী৷ সহজ কথাত ক’বলৈ গ’লে এইবিধ ফলৰ গছৰ পাত, ছাল, কেঁচা-পকা ফল, গুটি সকলোবোৰেই উপকাৰী৷ তেঁতেলীৰ কেঁচাপাতত যথেষ্ট পৰিমাণ এমাইনো এছিড থাকে৷ তেঁতেলীপাতৰ ৰসে চৰ্দি-কাহ, পাইলছ আৰু প্ৰস্ৰাৱৰ জ্বলা-পোৰাত বিশেষ ঔষধৰ কাম কৰে৷ তেঁতেলীৰ গুটিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে৷ তেঁতেলীত উচ্ছমাত্ৰাত ফাইবাৰ থাকে, যি চৰ্বি নাশ কৰাত সহায় কৰে আৰু ওজন কমায়৷ বদহজম হ’লে পকা তেঁতেলী একাপ পানীত তিয়াই সামান্য নিমখ, চেনি বা গুড় মিশ্ৰণ কৰি খালে বদহজম দূৰ হয়৷