Logo
image

আকাশমাৰ্গৰ পৰা সুনীতাৰ ‘ভাৰত দৰ্শন’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ এপ্ৰিলঃ মহাকাশত উৰি উৰি দৈনন্দিন কাম-কাজ আৰু বৈজ্ঞানিক গৱেষণা সাবলীলভাৱে সম্পাদন কৰিলেও পৃথিৱীলৈ উভতি অহাৰ পাছত দুৰ্বল হৈ পৰা মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু সংগী  বুছ উইলমোৰে লাহে লাহে শৰীৰৰ শক্তি ঘূৰাই পাইছে৷ মহাকাশ কেন্দ্ৰত দুৰ্ঘটনাবশতঃ দীৰ্ঘায়িত হৈ পৰা ২৮৬ দিনীয়া অভিযানৰ পাছত ১৮ মাৰ্চত পৃথিৱীলৈ প্ৰত্যাৱৰ্তন ঘটোৱা দুই নভোচৰ এতিয়া ৰিহেবিলিটেচন চেণ্টাৰত পূৰ্বৰ দৰে শাৰীৰিক সক্ষমতা ঘূৰাই অনাৰ গভীৰ অনুশীলনত ব্যস্ত৷ তাৰ মাজতে পৃথিৱীলৈ প্ৰত্যাৱৰ্তনৰ ত্ৰয়োদশ দিনত সাংবাদিকৰ মুখামুখি হৈ পিতৃগৃহ ভাৰতলৈ অচিৰেই অহাৰ ইচ্ছা প্ৰকাশ কৰিলে ভাৰতীয় বংশোদ্ভৱ সুনীতা উইলিয়ামছে৷ উল্লেখ্য, সুনীতাৰ প্ৰয়াত পিতৃ দীপক পাণ্ডিয়া আছিল বৃত্তিত চিকিৎসক৷ তেওঁ গুজৰাটৰ পৰা গৈ আমেৰিকাৰ স্থায়ী বাসিন্দা হৈছিল আৰু শ্লভাক-মাৰ্কিন উৰ্ছুলিনা ব’নিক জীৱনসংগীনি হিচাপে কাষ চপাই লৈছিল৷ সেই অনুসৰি মামাৰ ঘৰ শ্ল’ভেনিয়াৰ সৈতেও সুনীতাৰ আছে অভিন্ন সম্পৰ্ক৷


৪৫ দিনীয়া কঠোৰ ৰিহেব প্ৰগ্ৰেমৰ মাজতে মহাকাশৰ পৰা উভতি অহাৰ পাছত প্ৰথমবাৰলৈ সাংবাদিকৰ মুখামুখি হোৱা সুনীতাক স্বাভাৱিকতে কৰা হৈছিল ভাৰত সম্পৰ্কীয় অধিক প্ৰশ্ন৷ সুনীতাই ক’লে–‘ভাৰত অপূৰ্ব৷ যিমানবাৰ আমি হিমালয়ৰ ওপৰেৰে পাৰ হৈছিলো, প্ৰত্যেকবাৰেই চমৎকাৰ কেতবোৰ দৃশ্য দেখিছিলো৷ মই আগতেওঁ কৈছো, হিমালয়ৰ ওপৰত ঢৌৰ পাছত ঢৌ দেখিছিলো৷ এয়া তেনে যেন লাগিছিল, যিদৰে প্লেটৰ [টেক্‌টনিক] সংঘৰ্ষ হৈছিল আৰু ভাৰতৰ উত্তেৰ হিমালয়ৰ সৃষ্টি হৈছিল৷ বিভিন্ন ৰঙেৰে ৰঙীন সেই দৃশ্যপট৷’ তেওঁ পুনৰ কয়–‘যেতিয়া পূবৰ পৰা আগবাঢ়ি যাওঁ, ক্ৰমে গুজৰাট, মুম্বাই চকুত পৰে, উপকূলত ঘূৰি ফুৰা মাছমৰীয়া নাৱৰ সৈতে সেয়া অপূৰ্ব ভাৰত৷’ আনহাতে অচিৰেই ভাৰতলৈ আহিবলৈ ইচ্ছা প্ৰকাশ কৰা সুনীতা উইলিয়ামছে কয়–‘মই অচিৰেই মোৰ পিতৃগৃহ ভাৰতলৈ যাম বুলি ভাবিছো৷ মোক ভাৰতীয় বুলি কৈ যি উল্লসিত, তেওঁলোকক সাক্ষাৎ কৰিবলৈ মই উদগ্ৰীব হৈ আছো৷ মই ভাৰতলৈ যাম আৰু ইছৰোলৈ নিশ্চিতভাৱে যাম৷’