পূৰ্বৰ অভিলেখ ভংগ কৰি ২৪ কোটি টকাৰ ৰাজহ সংগ্ৰহ বাক্সা বন বিভাগৰ
'আমাৰ অসম'ৰ বৰমাৰ প্ৰতিবেদক, ৮ এপ্ৰিলঃ বন বিভাগৰ বিৰুদ্ধে সততে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত পূৰ্বৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে বাক্সা বন বিভাগে।
জানিব পৰা মতে বাক্সা জিলাত থকা শিল-বালি মহল, অবৈধ খনন আৰু চোৰাং কাঠ ব্যৱসায়ীৰ পৰা ২০২৪-২৫ বিত্তীয় বৰ্ষত বাক্সা বন বিভাগে সংগ্ৰহ কৰে প্ৰায় ২৪ কোটি ২৮ লাখ টকা। বিগত বছৰত ৰাজহ সংগ্ৰহৰ পৰিমান আছিল ৭ কোটি টকা। ইয়াৰ বিপৰীতে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহৰ পৰিমান তিনিগুণতকৈ অধিক হোৱা কাৰ্যই চৰকাৰৰ ৰাজহ সংগ্ৰহৰ পুঁজিত যথেষ্ট খিনি অৰিহনা যোগাবলৈ সক্ষম হৈছে।
বৰ্তমানৰ জিলা বন প্ৰাধিকৰন বিষয়া (ডি এফ অ') প্ৰদীপ কুমাৰ ভূঞাই জিলাখনত জলন্ত সমস্যা ৰূপে দেখা দিয়া হাতী-মানুহৰ সংঘাত ৰোধ কৰাৰ কাৰণে যথেষ্টখিনি কষ্ট স্বীকাৰ কৰি ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত আপোচ বিহীন ভাবে কাম কৰি থকা বুলি বিভাগটোৰ কেইবাগৰাকী বিষয়া-কৰ্মচাৰীৰ পৰা জানিব পৰা গৈছে। যাৰ বাবে ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজহ সংগ্ৰহৰ পুঁজি বহুখিনি বেছি হোৱা বুলি মন্তব্য কৰে জিলা বন বিভাগৰ লোকে।
২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত আৰু অধিক ৰাজহ সংগ্ৰহ কৰাৰ কাৰণে আপোচ বিহীন ভাবে কাম কৰি যাব বুলি মন্তব্য কৰে জিলা বন প্ৰাধিকৰণ বিষয়া (ডি এফ অ') প্ৰদীপ কুমাৰ ভূঞাই। চৰকাৰৰ কৰ ফাকি দি বনজ সম্পদ চোৰাং ভাবে সৰবৰাহ কৰা যি কোনো লোককে সাৰি যাব নিদিয়ে বুলি মন্তব্য কৰে তেওঁ। এই ক্ষেত্ৰত জিলাখনত বনবিভাগৰ শক্তি বৃদ্ধিৰ বাবে কৰ্মচাৰীৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে জিলা বন প্ৰাধিকৰন বিষয়া গৰাকীয়ে।






