Logo
image

গুৱাহাটীৰ খানাপাৰা-যোৰাবাট সংযোগী পথছোৱাত তীব্ৰ যান-জঁট

'আমাৰ অসম'ৰ গুৱাহাটীৰ সংবাদঃ  গুৱাহাটীৰ খানাপাৰা-যোৰাবাট সংযোগী পথছোৱাত বিগত কেইদিন ধৰি হোৱা তীব্ৰ যান-জঁটৰ ফলত বিশেষকৈ গুৱাহাটী অভিমুখী যাত্ৰীসকলে অভাৱনীয় দুৰ্ভোগ ভুগিবলগীয়া হৈছে। প্ৰায় ৪ কিলোমিটাৰৰ এই পথচোৱা অতিক্ৰম কৰিবলৈ ২ৰ পৰা ৪ ঘণ্টা আৰু কেতিয়াবা ততোধিক সময়ৰ প্ৰয়োজন হৈ আছে। বহুদিন ধৰি বন্ধ হৈ থকাৰ পাছত খনাপাৰাত পথ মেৰামতিৰ কাম পুনৰ আৰম্ভ হয় যদিও অতি লেহেমীয়া গতিত এই কাম চলি থকাৰ বাবেই এনে অভাৱনীয় যান-জঁটৰ সৃষ্টি হৈছে।


পূৰ্ণ গতিত কাম চলি থকাৰ সময়ত এনে যান-জঁটৰ সৃষ্টি হোৱা নাছিল। বিগত কেইদিন দিনে-নিশাই একেই পৰিস্থিতি অব্যাহত থকাৰ পাছত মংগলবাৰেও গোটেই নিশা যাত্ৰীসকলে এই পথটোৰে যাতায়তৰ ক্ষেত্ৰত অভাৱনীয় সমস্যাৰ সন্মুখীন হোৱাৰ পাছত আজি পুৱাৰ পৰাও এই একে পৰিস্থিতিৰ সৃষ্টি হয়। এনে অস্বাভাৱিক যান-জঁটৰ ফলত ছাত্ৰ-ছাত্ৰী, চৰকাৰী-বেচৰকাৰী খণ্ডৰ কৰ্মচাৰীৰ উপৰিও ৰে'ল-বিমান আদিৰ যাত্ৰী সময়মতে কৰ্মক্ষেত্ৰ, ষ্টেচন অথবা বিমানবন্দৰত উপস্থিত হ'ব নোৱাৰাত অভাৱনীয় বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে।