
নৱগঠিত শিমলীতোলা পঞ্চায়তত অন্তৰ্ভুক্তিক লৈ অসন্তুষ্টি টিপলাইবাসীৰ
'আমাৰ অসম'ৰ টিপলাইৰ প্ৰতিবেদক, ৯ এপ্ৰিলঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ বৃহত্তৰ টিপলাই অঞ্চলত শাষক বিৰোধীৰ কোনো দলীয় কৰ্মীৰ মাজত নাই কোনো ধৰণৰ উৎকণ্ঠা। উল্লেখ্য, ৭ মে' তথা দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৭৪ নং শিমলীতোলা পঞ্চায়তৰ লগত ৭৯ নং টিপলাই গাঁও পঞ্চায়তখনৰ সমষ্টি পুনৰ গঠনৰ সময়ত ভাঙি দি টিপলাই পঞ্চায়তৰ প্ৰাণকেন্দ্ৰ স্বৰূপ টিপলাই ৩য় খণ্ডৰ ৭, ৮ আৰু ৯ নং ৱাৰ্ড শিমলীতোলা পঞ্চায়তৰ লগত সংলগ্ন কৰি দিয়ে।
যাৰ পৰিপেক্ষিতত টিপলাইৰ তিনিওটা ৱাৰ্ডৰ সাধাৰণ ভোটাৰৰ লগতে দলীয় কৰ্মীসকলৰ মাজত পঞ্চায়ত নিৰ্বাচনক লৈ বিশেষ তৎপৰতা পৰিলক্ষিত হোৱা নাই। উল্লেখযোগ্য যে ৱাৰ্ডৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ লগতে জিলা পৰিষদৰ সদস্যৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে দুই এজনে নিজাববীয়াকৈ তৎপৰতা চলাইছে যদিও দলীয় ভাৱে কোনো সভা সমিতি বৰ্তমানলৈ অনুষ্ঠিত কৰা পৰিলক্ষিত হোৱা নাই। আনহাতে বিগত সময়ত অঞ্চলটোৰ পৰা নিৰ্বাচিত হোৱা কোনো এজন জনপ্ৰতিনিধিয়ে পঞ্চায়ত খনৰ সামগ্ৰীক উন্নয়নৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে।
আনহাতে উন্নয়নৰ নামত দুই এটা আঁচনি ৰূপায়ন কৰিছিল যদিও সেয়া কোনো চকুত লগা ধৰণৰ নাছিল। চৰকাৰী বিভিন্ন কাৰ্যসূচী ৰূপায়নৰ নামত ৰাজকোঁষৰ ধন একাংশ নিৰ্বাচিত জনপ্ৰতিনিধিয়ে কুক্ষিগত কৰি নিজৰ ভেটি সুদৃঢ় কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। আনপিনে কেন্দ্ৰ আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ থকাৰ পাছতো ১৫ নং দুধনৈ বিধানসভা সমষ্টিটো কংগ্ৰেছৰ দখলত থকাৰ বাবে সমষ্টিটোৰ পৰা জয়ী হোৱা বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে যোৱাটো ৪ বছৰে সমষ্টি উন্নয়নৰ বাবে একো এটাই নকৰিলে বুলি সমষ্টিটোৰ চৌদিশে অভিযোগ উঠিছে।
আনহাতে দেশৰ হৃদপিণ্ড স্বৰূপ গ্ৰাম্যঞ্চলৰ উন্নয়নৰেহে দেশৰ প্ৰকৃত উন্নয়ন আৰু বিকাশ সম্ভৱ কিন্তু একাংশ স্বাৰ্থলোভী জনপ্ৰতিনিধিৰ বাবে সঠিক আঁচনি ৰূপায়ন নকৰি ৰাজকোঁষৰ ধন কুক্ষিগত কৰা জনপ্ৰতিনিধি চিনাক্তকৰণ কৰি কোনো প্ৰলোভনত ভুল নগৈ ৰাইজৰ উন্নয়ন সাধন কৰিব পৰা জনপ্ৰতিনিধি নিৰ্বাচিত কৰাৰ বাবে সচেতন ৰাইজে সকলো শ্ৰেণীৰ ভোটাৰক আহ্বান জনাইছে।