Logo
image

ভৱানীপুৰত ছয়দিনীয়া বিহু নাচ, বিহু বাদ্যৰ কৰ্মশালাৰ সামৰণি

'আমাৰ অসম'ৰ ভৱানীপুৰৰ প্ৰতিবেদকঃ ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰিত ভৱানীপুৰ ৰঙালী বিহু সন্মিলনৰ স্থায়ী সমিতি আৰু বিহু শিল্পী সন্থাৰ আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা ছয়দিনীয়া বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালাৰ বুধবাৰে সফলতাৰে সামৰণি পৰে। উল্লেখ্য যে কৰ্মশালাৰ অন্তিম দিনা বিয়লি ৪ বজাৰ পৰা নিশা ৯ বজালৈ ভৱানীপুৰৰ বিহু শিল্পী অসীম মেধিৰ পৰিচালনাত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাত দুই শতাধিক বিহুৱতী আৰু ঢুলীয়া প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ দিয়ে অসমৰ বিশিষ্ট বিহু শিল্পী বাপুজী কোঁৱৰ, বিপ্লৱ গগৈ আৰু অংকুৰণ দাসে।


তদুপৰি প্ৰশিক্ষণথলীত প্ৰশিক্ষাৰ্থী আৰু প্ৰশিক্ষক সকলে দীৰ্ঘ সময় ধৰি মুকলি বিহু পৰিবেশন কৰি বিহু নাচ, বিহুনাম, ঢোল, পেঁপা, গগণাৰ মাতেৰে মুখৰিত হৈ পৰে। আনহাতে অসীম মেধিৰ পৰিচালনাত ৪ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা ছয়দিনীয়া বিহু নাচ আৰু বিহু বাদ্যৰ কৰ্মশালাত প্ৰশিক্ষক হিচাপে থাকে বাপুজী কোঁৱৰ, বিপ্লৱ গগৈ, অংকুৰণ দাস, দৃষ্টি নেনা, ছয়নিকা সুত্ৰধৰ, সুচিত্ৰ দাস, হৰজিৎ ডেকা।

উল্লেখ্য যে বুধবাৰে সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলৰ মাজত প্ৰমাণপত্ৰ সমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে কৰ্মশালাৰ পৰিচালক, প্ৰশিক্ষক উদ্যোক্তা আৰু নিমন্ত্ৰিত অতিথি ক্ৰমে- বিশিষ্ট বিহু শিল্পী ৰামচৰণ কলিতা, প্ৰাক্তন ছাত্ৰ নেতা কিশোৰ কুমাৰ ডেকা, ছাত্ৰ নেতা দীপক ঠাকুৰীয়া, সমাজকৰ্মী সুভাষ তালুকদাৰ, নিতুল দাস, হৰষ দাস, সাংবাদিক ৰাণা ডেকা, নৃত্য আৰু অভিনয় শিল্পী প্লাৱিতা ডেকাই। আনহাতে বিহু কৰ্মশালাৰ ওপৰত বক্তৃতা প্ৰদান কৰে অতিথিদ্বয় কিশোৰ কুমাৰ ডেকা আৰু ৰামচৰণ কলিতাই।