Logo
image

কৰ’নাবন্দী দেশ

◾সেনাক সাজু হৈ থকাৰ নিৰ্দেশ

◾অক্সিজেনৰ সংকট অব্যাহত

আমাৰ অসম, ২১ এপ্ৰিলঃ এফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মমতা বেনাৰ্জীৰ সৈতে যুঁজি আছে আৰু আনফালে ভাৰতীয় সেনাবাহিনীয়ে উপায়হীন হৈ ক’ভিডৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ কঁকালত টঙালি বান্ধিছে৷ পাকিস্তানৰ বিৰুদ্ধে কাৰ্গিলৰ যুদ্ধত মুঠতে যিমান সৈনিকৰ মৃত্যু হৈছিল, এতিয়া ক’ভিডত দেশত দৈনিক তাতকৈ অধিক লোকৰ মৃত্যু হৈ আছে বুলি সেনাবাহিনীৰ এজন প্ৰাক্তন মুৰব্বীয়ে সংবেদনশীল মন্তব্য কৰাৰ পিছদিনাই দেশৰ শোচনীয় ক’ভিড পৰিস্থিতিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু কৰা হৈছে ভাৰতীয় সেনাবাহিনীক৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ ফলত এতিয়া দেশৰ ক’ভিড পৰিস্থিতি ইমানেই ক্ষণভংগৰ হৈ পৰিছে যে, অতি বেয়া পৰিস্থিতিৰ সন্মুখীন হোৱা ৰাজ্যত সেনাবাহিনী নমোৱাৰ বিকল্প নোহোৱা হৈছে৷ এনে পৰিস্থিতিত ক’ভিডৰ সংক্ৰমণ আৰু মৃত্যুক এখন যুদ্ধ হিচাপে গ্ৰহণ কৰি সেনাবাহিনীৰ দ্বাৰা তাৰ মোকাবিলা কৰাৰ বাবে পৰিকল্পনা সাজু কৰা হৈছে৷ এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত এখন উচ্ছস্তৰীয় বৈঠক অনুষ্ঠিত কৰা হৈছে, য’ত ভাগ লৈছে দুটা  বাহিনীৰ মুৰব্বী, প্ৰতিৰক্ষা সচিব অজয় কুমাৰ, চিফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে৷ 

সেই বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি সেনাবাহিনীয়ে দেশৰ বিভিন্ন হাস্পতালত ক’ভিডৰ জৰুৰীকালীন আন্তঃগঠনি নিৰ্মাণ কৰিব৷ অৱসৰপ্ৰাপ্ত সেনাবাহিনীৰ চিকিৎসক, অভিযন্তা, অন্যান্য কাৰিকৰী বিভাগৰ লোককো দেশৰ হাস্পতাল আৰু ক’ভিড কেন্দ্ৰত ব্যৱহাৰ কৰা হ’ব আৰু সেনাৰ অভিযন্তাই নিৰ্মাণ কৰিব ক’ভিড কেন্দ্ৰ তথা ক’ভিড হাস্পতাল৷ এই দিশত ডি আৰ ডি অ’ই সাহায্য প্ৰদান কৰিব৷ যি ৰাজ্যত ক’ভিড পৰিস্থিতি অধিক শোচনীয়, তেনে ৰাজ্যত আগতীয়াকৈ সেনা বাহিনী নমোৱা হ’ব৷ এই বৈঠকখনত নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিং, স্থলসেনাৰ মুৰব্বী এম এম নৰৱনে, সেনাবাহিনীৰ মেডিকেল ছাৰ্ভিচৰ মুৰব্বী ভাইচ এডমিৰেল ৰজত দত্ত, প্ৰতিৰক্ষা সচিব, ডি আৰ ডি অ’ৰ অধ্যক্ষ জি সীতশ ৰেড্ডীও উপস্থিত থাকে৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে দৈনিক যুদ্ধত লাগি থাকোতেই দেশৰ ক’ভিড পৰিস্থিতি যে ৰসাতলে গ’ল সেই বিষয়ে ধৰিবই পৰা নাছিল মোদী চৰকাৰে৷ মোদীয়ে সেই যুঁজ এতিয়াও বাদ দিয়া নাই আৰু ইতিমধ্যে পশ্চিম বংগত ১৮খন নিৰ্বাচনী সভা অনুষ্ঠিত কৰা প্ৰধানমন্ত্ৰীয়ে আৰু ৪ খন নিৰ্বাচনী সভা অনুষ্ঠিত কৰি বৃহৎ জনসমাৱেশেৰে পশ্চিম বংগৰ পৰিস্থিতিক অধিক অবনতি ঘটাবলৈ বদ্ধ পৰিকৰ হৈ আছে৷ এনে সময়তে সৰ্বাধিক অৱনতি ঘটা ৰাজ্য মহাৰাষ্ট্ৰ‌ই কাইলৈৰ পৰা সমগ্ৰ ৰাজ্যত কঠোৰতম লকডাউন জাৰি কৰিবলৈ প্ৰস্তুত হৈছে৷ দিল্লী আৰু ৰাজস্থানৰ পাছত ঝাৰখণ্ড, মিজোৰাম আৰু চণ্ডীগড়েও আজি লকডাউন বলবৎ কৰিছে৷ ঝাৰখণ্ডত অহা ২২ এপ্ৰিলৰ পৰা ২৯ এপ্ৰিললৈ আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশ চণ্ডীগড়ত বুধবাৰৰ পৰা লকডাউন ঘোষণা কৰা হৈছে৷ 

এইবাৰৰ ক’ভিড সংক্ৰমণৰ ক্ষেত্ৰত সবাতোকৈ ভয়ংকৰ বিষয় হৈছে অধিক ক্ষতিগ্ৰস্ত ৰাজ্যত অক্সিজেনৰ চৰম নাটনি৷ ক’ভিড ৰোগীক প্ৰচুৰ অক্সিজেনৰ প্ৰয়োজন হৈছে অথচ দেশত অক্সিজেন নাই৷ দিল্লীৰ মেক্স হাস্পতাল, গংগাৰাম হাস্পতালে জনাইছে, তেওঁলোকৰ ভৰাঁলত কেইঘণ্টামানৰ অক্সিজেনহে অৱশিষ্ট আছে৷ তদ্ৰুপ অৱস্থা মহাৰাষ্ট্ৰ, ৰাজস্থান, কৰ্ণাটক, পঞ্জাব, ঝাৰখণ্ড, মধ্যপ্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ৷ এই পৰিস্থিতিত অক্সিজেন যোগান দিবলৈ অসমৰ্থ হৈ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে ৰাজ্যসমূহক অক্সিজেন ব্যৱহাৰত নিয়ন্ত্ৰণ আনিবলৈ নিৰ্দেশ জাৰি কৰাৰ দৰে অদ্ভূত নিৰ্দেশ দিছে৷ কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যক ভৎৰ্সনা কৰি উচ্ছতম ন্যায়ালয়ে প্ৰশ্ন কৰিছে–তোমালোকে মৃত্যুমুখী ৰোগীক অক্সিজেনৰ বাবে অপেক্ষা কৰিবলৈ ক’বা নেকি? বিগত ২৪ ঘণ্টাত দেশত ২,৫৯,১৭০জন ক’ভিডত আক্ৰান্ত হৈছে আৰু ১,৭৬১জনৰ মৃত্যু হৈছে৷ সৰ্বাধিক শোচনীয় পৰিস্থিতি হোৱা মহাৰাষ্ট্ৰত ২৪ ঘণ্টাত আক্ৰান্ত হৈছে ৫৮,৯২৪জন আৰু মৃত্যু হৈছে ৩৫১জনৰ৷ কেৱল মুম্বাই চহৰতে ৭,২১৪জন আজি আক্ৰান্ত হৈছে আৰু ৩৫ জনে প্ৰাণ হেৰুৱাইছে৷