Logo
image

হুইস্কী নহ’লে ৰাতি নুপুৱায় এটা ষাঁড়ৰ!

আমাৰ অসম, ২২ এপ্ৰিলঃ খোজ-কাটল, আচৰণ অতি ৰাজকীয়৷ বয়স মাত্ৰ ৮ বছৰ হ’লেও ৰাজকীয় আচৰণৰ বাবে গৰাকীয়ে  নাম ৰাখিছিল চুলতান৷ নামৰ দৰে চাল-চলন আৰু খোৱা-লোৱাৰ অভ্যাসো তাৰ ‘চুলতান’ৰ দৰে৷ এটা ষাঁড়গৰুৰ কথা কোৱা হৈছে৷ ৬ ফুট উচ্ছতা আৰু ১৪ ফুট দৈৰ্ঘ্যৰ এই ষাঁড়টোৰ ওজন প্ৰায় ১০০০ কিলোগ্ৰাম৷ আচৰিত যে চুলতান নামৰ ষাঁড়টোৰ প্ৰিয় পানীয় হুইস্কী৷ হুইস্কী নাপালে যেন চুলতানৰ ৰাতি নুপুৱায়৷ প্ৰতি সন্ধিয়া চুলতানক গৰাকীয়ে যোগান ধৰিব লাগে এবটল হুইস্কী৷ আচৰিত যে হাৰিয়ানাৰ এই ষাঁড়টোৰ দাম ২০ কোটি টকালৈকে উঠিছে৷ কিন্তু বিভিন্ন বৈশিষ্ট্য আৰু গুণেৰে ভৰা চুলতানক বেচিবলৈ অসন্মত তাৰ  নৰেশ কুমাৰ নামৰ গৰাকীজন৷ ইতিমধ্যে ভাৰতৰ কেইবাখনো প্ৰতিযোগিতাত ভাগ লৈ চুলতানে বহু পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছে৷