Logo
image

দেশৰ দুই ভেকচিন প্ৰস্তুতকাৰী সংস্থালৈ কেন্দ্ৰৰ ৪,৫০০ কোটি টকাৰ ঋণ

আমাৰ অসম, ২২ এপ্ৰিলঃ দেশৰ দুই ভেকচিন প্ৰস্তুতকাৰী সংস্থা ছেৰাম ইনষ্টিটিউট আৰু ভাৰত বায়’টেকক ৪৫০০ কোটি টকা ঋণ দিয়াৰ কথা ঘোষণা কৰিছে কেন্দ্ৰই৷ ক’ভিডৰ দ্বিতীয় ঢৌৱে পুনৰ সংহাৰ মূৰ্তি ধাৰণ কৰাত ক’ভিডৰ প্ৰতিষেধক ভেকচিনৰ উৎপাদন বঢ়োৱাৰ বাবে জৰুৰীকালীনভাৱে দুই সংস্থাক ঋণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই৷ ইতিমধ্যে ৩০০০ কোটি টকা ঋণ দিয়া হৈছে আদৰ পুনেৱালাৰ সংস্থা ছেৰাম ইনষ্টিটিউটক৷ এই সংস্থাই ক’ভাক্সিন ভেকচিন উৎপাদন কৰে৷ আনহাতে ভাৰত বায়’টেক, যি ক’ভিশ্বিল্ড উৎপাদন কৰে৷ সংস্থাটোক ১৫০০ কোটি টকা ঋণ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই৷ উল্লেখ্য, ভেকচিন পৰ্যাপ্ত পৰিমাণে প্ৰস্তুত কৰিব নোৱাৰাৰ বাবে দেশত ভেকচিন প্ৰদান পৰ্ব প্ৰায় বন্ধ ৰাখিবলগীয়া হয়৷ ইতিমধ্যে ছেৰাম ইনষ্টিটিউটে জনাইছে যে দ্ৰুতগতিত অধিক  ভেকচিন প্ৰস্তুত কৰাৰ বাবে প্ৰচুৰ অৰ্থৰ প্ৰয়োজন৷ সেয়ে কেন্দ্ৰই সংস্থা দুটাক অৰ্থসাহায্য দিয়াৰ সিদ্ধান্ত লৈছে৷