Logo
image

বিজেপি চৰকাৰৰ ললিপপ

অসমৰ ৬টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটো এটা যথেষ্ট পুৰণা দাবী৷ কেন্দ্ৰ তথা অসমত ভাৰতীয় জনতা পাৰ্টী [বিজেপি] নেতৃত্বাধীন চৰকাৰে শাসনভাৰ লোৱাৰ পাছত ইয়াক লৈ পূৰ্বতকৈ অধিক ৰাজনীতি কৰি থকা দেখা গৈছে৷ বিজেপি নেতৃত্বাধীন চৰকাৰে বিগত ৩টা নিৰ্বাচন, অৰ্থাৎ ২০১৪ চনৰ লোকসভা নিৰ্বাচন, ২০১৬ চনৰ বিধানসভা নিৰ্বাচন আৰু ২০১৯ চনৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰিলে ৬ মাহৰ ভিতৰত  মৰাণ, মটক, চুতীয়া, তাই-আহোম, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল উক্ত নিৰ্বাচনকেইটাত৷ বিজেপি দলে অসমত অধিকসংখ্যক ভোট পোৱাৰ ই অন্যতম কাৰক বুলি বিভিন্ন ৰাজনৈতিক নেতা তথা চিন্তাবিদসকলে ঠাৱৰ কৰিছে৷ 

জনজাতিকৰণৰ দাবী বিভিন্ন সময়ত উত্থাপন হৈ আহিছে আৰু কোঁচ-ৰাজবংশীসকলৰ এই দাবী ৭০ দশকৰ পৰাই দেখা পোৱা যায়৷ ঠিক তেনেকৈ সেই সময়ৰ কংগ্ৰেছ নেতৃত্বৰ এক বিশেষ দৃষ্টিভংগীৰ বাবে তাই-আহোমসকলে স্বাধীনতাৰ পূৰ্বৰে পৰা তাই-আহোম আৰু অন্যান্য জনজাতিসমূহে স্বাধীনোত্তৰ ভাৰতত তেওঁলোকৰ নিজৰ ৰাজনৈতিক শক্তি আৰু নিজৰ সম্প্ৰদায়টো কিমান দূৰ সুৰক্ষিত হ’ব, এই কথাও চিন্তা-চৰ্চা কৰিছিল বুলি ইতিহাসে কয়৷ সেইবাবে ভাৰত আৰু পাকিস্তানৰ নিচিনাকৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এখন সুকীয়া ৰাষ্ট্ৰ গঠন কৰাটো স্থানীয় জনজাতি সংগঠনসমূহে স্বাধীনতাৰ পূৰ্বতে দাবী কৰিছিল৷ যি কি নহওক,  এই দাবীসমূহে বিভিন্ন সময়ত গুৰুত্ব পায় আৰু এই দাবী প্ৰতিপন্ন কৰিবলৈ এই জনগোষ্ঠীকেইটাৰ জাতীয় সংগঠন আৰু অন্যান্যসকলে বিভিন্ন সময়ত আন্দোলন কৰাৰ লগতে চৰকাৰৰ লগত আলোচনা আদি কাৰ্যসূচী যোৱা সময়ছোৱাত লৈ অহাৰ কথা অসমৰ সকলোৱে জানে৷  ১৯৯১ আৰু ১৯৯৬ চনৰ কালছোৱাত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই জনজাতিকৰণ সম্পৰ্কীয় অসম কেবিনেটৰ অনুমোদন আৰু অসম বিধানসভাৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি প্ৰক্ৰিয়াটো আৰম্ভ কৰিছিল৷ ১৯৯৬ চনৰ নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত শইকীয়াই কোঁচ-ৰাজবংশীসকলক এক অধ্যাদেশযোগে অনুসূচিত  জনজাতিৰ মৰ্যাদা প্ৰদান কৰাবলৈ সক্ষম হৈছিল৷ কিন্তু এই অধ্যাদেশ তিনিবাৰকৈ জাৰি হোৱাৰ পৰৱৰ্তী সময়ত ইয়াক বাতিল কৰা হয়৷ অধ্যাদেশকেইখন বাহাল থকা সময়তে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত মাজুলী সমষ্টিৰ পৰা কৰুণা দত্ত নামৰ এজন  ব্যক্তি কোঁচ-ৰাজবংশী হোৱাৰ আলমতে বিধায়ক হিচাপেও নিৰ্বাচিত হ’বলৈ সক্ষম হৈছিল৷ 

যোৱা সময়ছোৱাত অসম চৰকাৰৰ ফালৰ পৰা এই জনগোষ্ঠীসমূহক অনুসূচিত  জনজাতিৰ মৰ্যাদা দিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰলৈ বাৰম্বাৰ আৱেদন, প্ৰস্তাৱ আদি পঠোৱা হৈছিল৷ অসম বিধানসভায়ো এই জনজাতিকৰণৰ সপক্ষে সদনত প্ৰস্তাৱ গ্ৰহণ কৰি ২০১৪ চনৰ ১০ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল৷ ১৯৯৬ চনত অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কে বিধেয়ক সংসদত উত্থাপন হোৱাৰ পৰৱৰ্তী সময়ত বিধেয়কখন সংসদীয় বাছনি কমিটীলৈ বিতং আলোচনা-বিলোচনাৰ বাবে প্ৰেৰণ কৰা হয়৷ অসমৰ বিভিন্ন দল -সংগঠনৰ লগত সংসদীয় বাছনি কমিটীয়ে আলোচনাত মিলিত হয় আৰু তাৰ পৰৱৰ্তী সময়ত কমিটীখনে এক প্ৰতিবেদন দাখিল কৰে৷

এই প্ৰতিবেদনৰ কেতবোৰ পৰামৰ্শ সংক্ষেপত উল্লেখ কৰিব বিচাৰিছো৷ প্ৰতিবেদনত কোৱা হৈছিল যে উচ্ছতম ন্যায়ালয়ৰ  ৰায় অনুসৰি কোনো ৰাজ্যত সংৰক্ষণ ৫০ শতাংশতকৈ অধিক হ’ব নোৱাৰে৷ উল্লেখ্য, অসমৰ ক্ষেত্ৰত সংৰক্ষণৰ হাৰ ৩৭ শতাংশ অৰ্থাৎ ভৈয়াম আৰু পাহাৰীয়া অনুসূচিত জনজাতিৰ বাবে ১৫ শতাংশ, অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ১৫ শতাংশ আৰু অনুসূচিত জাতিৰ বাবে ৭ শতাংশ৷ এচাম লোকে আশংকা কৰিছে  যে, এই ৬টা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে বৰ্তমানে অনুসূচিত জনজাতিৰ মৰ্যাদা থকাসকলৰ ক্ষতি হ’ব৷ কিন্তু এই ৬টা জনগোষ্ঠী বৰ্তমানে অ’বিচি হিচাপে চিহ্নিত হৈ আছে আৰু  তেওঁলোকে ১৫ শতাংশ সংৰক্ষণৰ সুবিধা পাই আছে৷ যদি তেওঁলোকক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হয় তেনেহ’লে অ’বিচিৰ উক্ত ১৫ শতাংশৰ পৰা এটা বৃহৎ অংশ কোনো অসুবিধা নোহোৱাকৈ কৰ্তন কৰিব পৰা যাব৷ তাৰ উপৰি উচ্ছতম ন্যায়ালয়ে বান্ধি দিয়া ৫০ শতাংশৰ পৰিপ্ৰেক্ষিতত অসমত আৰু অতিৰিক্ত ১৩ শতাংশ সংৰক্ষণৰ সুবিধা আছে৷ সেইবাবে বৰ্তমানৰ অনুসূচিত জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাটো সুনিশ্চিত কৰিব পৰা যায়৷ 

এই ক্ষেত্ৰত চৰকাৰে গ্ৰুপ অৱ মিনিষ্টাৰ্ছ কমিটী অথবা  অন্যান্য কমিটীৰ কিয় পৰামৰ্শ বিচাৰি আছে, সেই কথাটো বোধগম্য নহয়৷ তদুপৰি, চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে, ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত ভাৰতৰ মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্তৰ মতামত নোপোৱাৰ বাবে প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পৰা হোৱা নাই৷ কিন্তু সংসদীয় বাছনি কমিটীখনে ইতিপূৰ্বে স্পষ্ট ভাষাত উল্লেখ কৰি থৈছে যে, অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত ভাৰতৰ মহাপঞ্জীয়ক তথা লোকপিয়ল আয়ুক্তৰ মতামত বাঞ্ছনীয় যদিও বাধ্যতামূলক নহয়৷ তৎসত্ত্বেও এই অজুহাতত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে এই ৬টা জনগোষ্ঠীক যোৱা ৬ বছৰে প্ৰতাৰণা কৰি আছে৷

মূল কথাটো হ’ল– অসমৰ এই ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবী পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দি বিজেপি দলে কংগ্ৰেছ দলক পৰাস্ত কৰি ক্ষমতালৈ আহিল৷ কিন্তু তাৰ পিছত এই দাবী পূৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকে নানা অজুহাত দেখুৱাই প্ৰক্ৰিয়াটো বিলম্ব কৰি আছে৷ তাৎপৰ্যপূৰ্ণ দিশটো হ’ল যে, বিগত সময়ত কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ কেইটামান জনগোষ্ঠীকে ধৰি ভাৰতৰ কিছু জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিছে৷ কিন্তু অসমৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰে বোধহয় জনজাতিকৰণৰ বিষয়টোক লৈ আৰু অধিক সময় ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ পৰা বিৰত আছে৷  মই ভাবোঁ– অসমৰ এই ৬ জনগোষ্ঠীয়ে এতিয়া বুজিবলৈ বাকী নাই যে তেওঁলোকক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি, বিজেপি দলৰ কূটনীতি অনুসৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ বাদে আন একো নহয়৷