Logo
image

যোৰহাটৰ প্ৰাৰ্থী হ’ব হিমন্তবিশ্ব !

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মেঃ  সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ ফলাফলে ২০২৬ চনৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ পথ প্ৰশস্ত কৰি তুলিলে৷ আজি যোৰহাট জিলা বিজেপিয়ে ২৬-ত অনুষ্ঠিতব্য নিৰ্বাচনত যোৰহাট সমষ্টিক প্ৰতিদ্বন্দিতা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক মুকলি  আহ্বান জনোৱাৰ বিপৰীতে গুৱাহাটীত স্বয়ং মুখ্যমন্ত্ৰীজনে এই ইংগিত দিয়ে৷ অৱশ্যে, সেই সিদ্ধান্ত দলে ল’ব বুলি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সদৰী কৰে৷ উল্লেখ্য, সুদীৰ্ঘ কালৰ মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছৰে পৰা যোৰহাট বিধানসভা সমষ্টিৰ ওপৰত চকু দিয়া বুলি চৰ্চিত হৈছিল৷ বিশেষকৈ গুৱাহাটীৰ পাছতে যোৰহাটৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে সঘনে যোৰহাট ভ্ৰমণৰ কাৰ্যসূচী গ্ৰহণ কৰি মুখ্যমন্ত্ৰীজনে এনে ধাৰণাৰ সৃষ্টি কৰিছিল৷ কিন্তু ২০২৪ চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক প্ৰায় ডেৰলাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰি মুখ্যমন্ত্ৰীজনক পশ্চাৎগমন কৰায়৷ সেইসময়ত স্বয়ং মুখ্যমন্ত্ৰীজনে সাংবাদিকক কৈছিল যে বৰ্তমান পৰিস্থিতিত যোৰহাটত প্ৰতিদ্বন্দিতা কৰাটো সহজ নহ’ব৷  কিন্তু এবছৰৰ ব্যৱধানতে অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনে দৃশ্যপট সলনি কৰি পেলালে৷ এই নিৰ্বাচনত বিজেপিয়ে অনাকাংক্ষিত ফলাফল প্ৰদৰ্শন কৰাই নহয়, কংগ্ৰেছৰ দুৰ্গস্বৰূপ তিতাবৰ সমষ্টিও নিজৰ দখললৈ নিয়ে৷ উল্লেখ্য, যোৰহাট জিলাৰ ১৬টা জিলা পৰিষদ সমষ্টিৰ আটাইকেইটায়ে বিজেপি-মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে৷ আঞ্চলিক পঞ্চায়তৰ ৮৬খন আসনৰ ভিতৰত কংগ্ৰেছে তিনিখন আৰু নিৰ্দলীয়ই এখন আসনত জয়লাভ কৰাৰ বিপৰীতে আন সকলো আসন বিজেপি-মিত্ৰজোঁটে দখল কৰে৷ তেনেদৰে গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰো সিংহভাগতে বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে৷ দলৰ এই চমকপ্ৰদ ফলাফলৰ বাবে যোৰহাট জিলা বিজেপি নেতৃত্বই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক কৃতিত্ব দিয়াই নহয়, আগন্তুক সাধাৰণ নিৰ্বাচনত যোৰহাট সমষ্টিত প্ৰতিদ্বন্দিতা কৰিবলৈ আহ্বান জনাইছে৷


আজি জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে কয় যে লোকসভা নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ পৰা বিধানসভা নিৰ্বাচন খেলাৰ কথা ভাবিছিল যদিও লোকসভা নিৰ্বাচনত গৌৰৱ গগৈৰ জয়লাভৰ পাছত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই যোৰহাটত প্ৰত্যাহ৩ানৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল৷ কিন্তু এতিয়া যোৰহাটত কোনো প্ৰত্যাহ৩ান নাই৷ সেয়ে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক যোৰহাটৰ পৰা আগন্তুক বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে আমন্ত্ৰণ জনায়৷ যোৰহাটৰ পৰা নিৰ্বাচন খেলিলে অনায়াসে জয় সাব্যস্ত কৰিব বুলিও তেওঁ দাবী কৰে৷ ইফালে গুৱাহাটীত সাংবাদকিৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীজনে কয়, ‘‘যোৰহাটৰ পৰা নিৰ্বাচন খেলা নেখেলাটো দলে ঠিক কৰিব, সেইটো এটা বেলেগ বিষয়৷ মোৰ এটা সমষ্টি আছেই৷ যদি মই দুটা সমষ্টিত ইলেক্‌চন খেলিব লাগে, তেন্তে  দলৰ সভাপতি দিলীপ শইকীয়াই অনুমতি দিব লাগিব৷’’ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিতে মুখ্যমন্ত্ৰীৰ এই বক্তব্যই সমাগত নিৰ্বাচনত তেওঁ যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ আকাংক্ষা ত্যাগ নকৰাৰ ইংগিত বহন কৰে৷ মুখ্যমন্ত্ৰীজনে লগতে কয় যে যোৰহাটৰ বাবে কৰিব লগীয়া বহুত কাম আছে৷ বিশেষকৈ তেওঁ কয় যে যোৰহাটৰ ৰৰৈয়া আৰু দিল্লীৰ মাজত এখন বিমান চলাচল সন্দৰ্ভত আলোচনা কৰাৰ বাবে ২১ তাৰিখে ইণ্ডিগ’ৰ স’তে এখন সভা আহ৩ান কৰা হৈছে৷ তেনেদৰে এমাহৰ ভিতৰতে যোৰহাট-মাজুলী দলঙৰ  নিবিদা ওলাব বুলিও মুখ্যমন্ত্ৰীজনে সদৰী কৰে৷ উল্লেখ্য, যোৰহাট আৰু দিল্লীৰ মাজত পোনপটীয়া বিমান চলাচলৰ বাবে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে দাবী জনাই আহিছে৷ এই সন্দৰ্ভত তেওঁ কেন্দ্ৰীয় বিমান পৰিবহণ মন্ত্ৰীলৈও পত্ৰ প্ৰেৰণ কৰিছিল৷ ইফালে উত্তৰ প্ৰদেশ ৰাজ্যিক দলং নিৰ্মাণ নিগমক যোৰহাট-মাজুলী সংযোগী ব্ৰহ্মপুত্ৰৰ দলং নিৰ্মাণৰ ঠিকা দিয়া হৈছিল যদিও প্ৰতিষ্ঠানটোৱে অসমৰ আন এটা প্ৰতিষ্ঠানক উপঠিকা প্ৰদান কৰিছিল৷ কিন্তু দলঙৰ কিছু কামৰ অগ্ৰগতিৰ পাছতে ঠিকাদাৰী প্ৰতিষ্ঠান আৰু উপ-ঠিকাদাৰৰ মাজত সংঘাতৰ বাবে ২০২৪ চনৰ প্ত ছেপ্টেম্বৰৰ পৰা দলঙৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰাৰ লগতে উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠানটোৱে ঠিকা প্ৰত্যাহাৰ কৰে৷