Logo
image

পুনৰ অৰুণাচল দাবী চীনৰ, সলাই দিলে নামো

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধত পাকিস্তানে চীনত নিৰ্মিত মিছাইল ভাৰতলৈ নিক্ষেপ কৰা তথ্য ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ পাক-ভাৰতৰ যুদ্ধত পৰোক্ষভাৱে চীনে পাকিস্তানক সহযোগ কৰাৰ পাছত এইবাৰ ৰঙা চীনে ভাৰতৰ ওপৰত অতি কৌশলপূৰ্ণভাৱে কূটনৈতিক আগ্ৰাসন আৰম্ভ কৰিছে৷ অৱশ্যে বেইজিঙে ভাৰতৰ ওপৰত আধিপত্য বিস্তাৰৰ বাবে চলোৱা প্ৰচেষ্টা প্ৰতিহত কৰিছে নতুন দিল্লীয়ে৷ ভাৰত-পাকিস্তানৰ মাজত হোৱাৰ যুদ্ধৰ উত্তেজনাৰ মাজত ভাৰতৰ ওচৰত চাপ সৃষ্টিৰ লক্ষ্যৰে বেইজিঙে নিজৰ মানচিত্ৰত অৰুণাচল প্ৰদেশক অন্তৰ্ভুক্ত কৰাই নহয়, অৰুণাচল প্ৰদেশৰ নামটোকো সলনি কৰি দিছিল৷ বিগত ১১ আৰু ১২ মে’ত চীনৰ বৈদেশিক মন্ত্ৰণালয়ে অৰুণাচল প্ৰদেশৰ নাম ‘জাংনান’ নামেৰে নামকৰণ কৰি অৰুণাচলৰ ২৭টা স্থানৰ নাম সলনি কৰিছিল৷ কিন্তু চীনৰ এই আধিপত্য বিস্তাৰৰ প্ৰচেষ্টাক প্ৰতিহত কৰি ভাৰত চৰকাৰে অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ বুলি স্পষ্ট কৰি দিছে৷ বুধবাৰে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে বেইজিঙৰ আগ্ৰাসী স্থিতিৰ বিৰোধিতা কৰি অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগৰাজ্য হৈ আছিল, আছে আৰু থাকিব বুলি স্পষ্ট কৰি দিয়াৰ লগতে সেই সত্য সলনি নহয় বুলিও একপ্ৰকাৰ ৰঙা চীনক সকীয়নি প্ৰদান কৰে৷ চীনে অৰুণাচলৰ ২৭টা স্থানৰ নাম সলনি কৰা কাৰ্যৰ প্ৰতিবাদ জনাই বুধবাৰে বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ জয়ছোৱালে কয়– ‘আমি লক্ষ্য কৰিছোঁ যে চীনে অৰুণাচল প্ৰদেশৰ কেইবাটাও স্থানৰ নাম সলনি কৰাৰ অসাৰ আৰু অৰ্থহীন প্ৰচেষ্টা চলাইছে৷ আমি আমাৰ নীতিগত স্থিতি অনুসৰি এনে প্ৰচেষ্টা সম্পূৰ্ণৰূপে নাকচ কৰিছোঁ৷ সৃষ্টিশীল নামকৰণে সেই অনস্বীকাৰ্য বাস্তৱতাক সলনি নকৰে৷ অৰুণাচল প্ৰদেশ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আছিল, আছে আৰু সদায় থাকিব৷’


উল্লেখ্য, চীনে ২০১৭, ২০২১, ২০২৩ আৰু ২০২৪ চনতো অৰুণাচল আৰু তীব্বতৰ একাধিক আৱাসিক অঞ্চল, শৃংগ, পাহাৰ, নদীৰ নাম সলনি কৰি নিজৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰা দেখা গৈছিল৷ বেইজিঙে আনকি অৰুণাচল প্ৰদেশক নিজৰ ৰাজ্য বুলিও বহুবাৰ দাবী কৰি আহিছে৷ ভাৰত-পাকিস্তানৰ যুদ্ধৰ উত্তেজনা বৰ্তমান অব্যাহত থকাৰ মাজতে বেইজিঙৰ এই কূটনৈতিক আগ্ৰাসনে ভাৰতৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছে৷ লক্ষণীয়ভাৱে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে বুধবাৰে এই স্থিতি প্ৰকাশ কৰাৰ পাছতেই বেইজিঙেও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাত অলপো পলম নকৰিলে৷ ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ ঘোষণাৰ পাছতেই চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ লিন জিয়ানে বুধবাৰে সংবাদ মাধ্যমৰ আগত কয়– ‘জাংনান চীনৰ ভূখণ্ডৰ অংশ৷ সেয়ে চীন চৰকাৰে জাংনানৰ কিছুমান অঞ্চলৰ নাম সলনি কৰিছে৷ যিসমূহ চীনৰ সাৰ্বভৌমত্ব অধিকাৰৰ ভিতৰত পৰে৷’ স্বাভাৱিকতেই এতিয়া বেইজিং প্ৰশাসনৰ এই বক্তব্যৰ ভাৰতে কি প্ৰত্যুত্তৰ দিয়ে সেয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে৷ ইফালে, চীনৰ এই আগ্ৰাসী মনোভাৱৰ পাছতেই বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ মুখত পুনৰ শুনা গ’ল উত্তৰ-পূৰ্বাঞ্চলৰ ৭ ৰাজ্যৰ প্ৰসংগ৷ পূৰ্বে চীন ভ্ৰমণৰ সময়ত উত্তৰ-পূবৰ অসমসহ ৭ ৰাজ্যৰ কোনো এখনৰে সাগৰৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নথকা বাবে অঞ্চলটোত সাগৰীয় এলেকাত বাংলাদেশই অভিভাৱক বুলি ঘোষণা কৰিছিল মহম্মদ ইউনুছে৷ আনকি বাংলাদেশ চৰকাৰৰ মুৰব্বীজনে চীনক উত্তৰ-পূবৰ এই সামুদ্ৰিক অঞ্চলটোত বাণিজ্য বিস্তাৰৰ বাবেও আহ৩ান জনাইছিল৷ চীনৰ পাছত এইবাৰ নেপাল চৰকাৰৰ বিষয়াৰ আগতো বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাজনে উত্তৰ-পূবৰ ৭ ৰাজ্যৰ প্ৰসংগ উল্লেখ কৰিছে৷ নেপালৰ সংসদৰ উপাধ্যক্ষৰ সৈতে হোৱা বৈঠকত মহম্মদ ইউনুছে উত্তৰ-পূবৰ এই অঞ্চলটোত বাণিজ্যৰ বাবেও প্ৰস্তাৱ দিয়ে নেপালৰ চৰকাৰৰ সংসদৰ উপাধ্যক্ষজনক৷ নেপালৰ উপাধ্যক্ষজনেই বাংলাদেশ চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ এই প্ৰস্তাৱৰ কথা ৰাজহুৱা কৰাত ভাৰতত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷