
মিণ্টু তামুলীক আঁতৰাই ‘বাৰ্তা’ দিলে সভাপতি দিলীপে
‘আমাৰ অসম’ৰ দক্ষিণ নলবাৰীৰ প্ৰতিবেদক, ১৬ মেঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক নিজগাঁৱতে আৰু মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ সন্মুখতে ৰাজহুৱাভাৱে ধমকি দি ব্যাপকভাৱে চৰ্চিত হৈছিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া৷ সভাপতিৰ দায়িত্ব লৈয়ে ন-পুৰণি বিজেপিৰ সংঘাত দূৰ কৰিবলৈ যত্নপৰ হোৱা শইকীয়াই মন্ত্ৰীৰ আশীষধন্য মণ্ডল সভাপতি মিণ্টু তামুলীক দায়িত্বৰ পৰা আঁতৰাই দিলে এটা শক্তিশালী বাৰ্তা৷ দায়িত্বৰ পৰা অপসাৰিত হ’ল বাঁহজানী মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলী৷ অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ আদেশত মিণ্টু তামুলীৰ ঠাইত নলবাৰীৰ বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰী চপলা মেধি ৰাজবংশীক বাঁহজানী মণ্ডল বিজেপিৰ সভানেত্ৰী নিযুক্তি দিয়া হয়৷ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই জাৰি কৰিছে এই নিৰ্দেশনা৷ উল্লেখ্য, ১৫ এপ্ৰিলত বাঁহজানী মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলীয়ে ৰাজ্যিক বিজেপিৰ সভাপতিজনক একপ্ৰকাৰ অপমান কৰিছিল৷ সেইদিনা কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাষ্ট্ৰীয় নেতা হৰিশ দ্বিবেদী উপস্থিত আছিল৷ অনুষ্ঠানত সভাপতি দিলীপ শইকীয়া আৰু হৰিশ দ্বিবেদী অলপ পলমকৈ উপস্থিত হৈছিল৷ ইয়াৰ বাবে দলৰ ৰাজ্যিক সভাপতিজনক কাৰ্যালয়ত প্ৰৱেশ কৰাত এক প্ৰকাৰ বাধা দিছিল মিণ্টু তামোলীয়ে৷ যি কথাক লৈ অতি ক্ষুণ্ণ হৈ পৰিছিল ৰাজ্যিক সভাপতি দিলীপ শইকীয়া৷ যিটো ঘটনা অসমৰ সকলো সংবাদ মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছিল৷ ৰাজ্যিক সভাপতিজন এনে কথাত ক্ষুণ্ণ হৈ বাঁহজানী মণ্ডল বিজেপিৰ সভাপতি তথা ‘সমগ্ৰ শিক্ষা, অসম’ৰ নলবাৰী মিছন সমন্বয়ক তথা শিক্ষা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ চৰকাৰী কৰ্মচাৰী [কনিষ্ঠ অভিযন্তা] মিণ্টু তামুলীৰ আতৰ কৰাৰ নিৰ্দেশ দিছিল৷ কালি এক পত্ৰ যোগে মিণ্টু তামুলীক অৱশেষত পদৰ পৰা অপসাৰণ কৰি বিজেপি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক তথা বিধায়ক দিপ্লু ৰঞ্জন শৰ্মা স্বাক্ষৰিত এক পত্ৰ যোগে চপলা ৰাজবংশী মেধিক বিজেপিৰ বাঁহজানী মণ্ডলৰ সভানেত্ৰী নিযুক্তি দিয়ে৷ সমগ্ৰ শিক্ষাৰ নলবাৰী কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা তথা বাঁহজানী মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলীক দলৰ পৰা অপসাৰণ কৰিবলৈ প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই নিৰ্দেশ দিছিল যদিও ৰাজ্যিক সভাপতিজনৰ নিৰ্দেশনাক গুৰুত্ব দিয়া নাছিল নলবাৰী জিলা বিজেপিয়ে৷ মিণ্টু তামুলীক অপসাৰণ কৰাৰ পৰিৱৰ্তে মণ্ডল বিজেপিৰ কাৰ্যালয়ত শুনা গৈছিল ‘মিণ্টু তামুলী জিন্দাবাদ’ ধবনি৷ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক একপ্ৰকাৰ প্ৰত্যাহ৩ান জনাই কাৰ্যালয়টোত মিণ্টু তামুলীৰ সমৰ্থনত ধবনি দিয়া বুলিও সৰ্বত্ৰ চৰ্চিত হৈছিল৷ দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ হুংকাৰলৈ কেৰেপ নকৰি মণ্ডল বিজেপিৰ কাৰ্যালয়ত ‘বাঁহজানী মণ্ডল জিন্দাবাদ’, ‘জয়ন্ত মল্ল জিন্দাবাদ’, ‘জয়ন্ত বুজৰবৰুৱা জিন্দাবাদ’, ‘মিণ্টু তামুলী জিন্দাবাদ’ ধবনি দিছিল দলীয় নেতা-কৰ্মীসকলে৷ লক্ষণীয়ভাৱে বিজেপিৰ নেতা-কৰ্মীসকলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ সমৰ্থনত ধবনি দিয়া নাছিল৷ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই ৰাজহুৱাভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নলবাৰীৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সন্মুখতে ধমক দিয়াৰ পাছতো বাঁহজানী মণ্ডল বিজেপিৰ কাৰ্যালয়ত মিণ্টু তামুলী জিন্দাবাদ ধবনি দিয়া বিষয়টো ৰাজ্যিক সভাপতিজনক মণ্ডল বিজেপিয়ে প্ৰত্যাহ৩ান জনোৱাৰ সমপৰ্যায়ৰ কাৰ্য বুলি সৰ্বত্ৰ চৰ্চিত হৈছিল৷ উল্লেখ্য, বাঁহজানী মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধনৰ সময়ত উদ্ভৱ হোৱা বিশৃংখল পৰিস্থিতিৰ বাবেই অপমানিত হ’বলগা হৈছিল দলৰ ৰাজ্যিক সভাপতিজন৷ যাৰ বাবে খৰ্গহস্ত হৈ পৰা সভাপতি দিলীপ শইকীয়াই সিদিনা মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলীক অব্যাহতি দিয়াৰ বাবে নিৰ্দেশ দিছিল৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদতেই চৰকাৰী কৰ্তব্যত ফাঁকি দি শাসকীয় দলৰ এটা গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল মিণ্টু তামুলী৷
অজাপ এৰি বিজেপিলৈ জিতেন গগৈ
‘আমাৰ অসম’ৰ নুমলীগড়ৰ প্ৰতিবেদকঃ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ আশাহত হৈ অসম জাতীয় পৰিষদ এৰিলে প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে৷ বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক গগৈ আছিল অসম জাতীয় পৰিষদৰ উপ-সভাপতি৷ বিগত বিধানসভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ হৈ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল৷ ৰাষ্ট্ৰীয় ৰাজনীতিৰ ঘোৰ বিৰোধী জিতেন গগৈয়ে শীঘ্ৰেই গেৰুৱা বসন পিন্ধিব বুলি চৰ্চা হৈছে৷ পঞ্চায়ত নিৰ্বাচনত জনাদেশ নাপাই অসম জাতীয় পৰিষদ এৰা বুলি গগৈয়ে দাবী কৰিলেও এই কথা যে সত্য নহয় সেই কথা বিগত সময়ছোৱাত পৰিষ্কাৰ হৈছে৷ দলৰ উপ-সভাপতিৰ দায়িত্বত থাকিলেও দীৰ্ঘদিন ধৰি তেওঁ নিষ্ক্ৰিয় হৈ আছিল৷ অৱশ্যে তেওঁক বিভিন্ন ৰাষ্ট্ৰীয় দলে তেওঁলোকৰ দললৈ যাবলৈ হেঁচা দি অহাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে৷ অজাপ এৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয়– মই সদায় জাতীয়তাবাদী চিন্তা ধাৰাত বিশ্বাস কৰোঁ, সেই চিন্তাধাৰাৰে কাম কৰোঁ৷ সেইবাবে অজাপলৈ গৈছিলোঁ৷ কিন্তু পঞ্চায়ত নিৰ্বাচনত এই কথা প্ৰমাণহ’ল যে অজাপই জনাদেশ নাপায়৷ পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী বিচাৰিবলৈ গৈ এই কথা অনুভৱ কৰিছোঁ৷ বোকাখাটবাসীয়ে পূৰ্বৰ জিতেন গগৈক বিচাৰিছে, কোনো ৰাজনৈতিক দলৰ প্ৰতিনিধি হিচাপে৷ অজাপৰ ফলাফলে মোক কেৱল হতাশ কৰাই নাই বিভিন্ন ধৰণে প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া কৰিছে৷ বোকাখাত নিৰ্মাণ গোটৰ সভাপতিজনে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আগন্তুক ২০২৬ ৰ নিৰ্বাচনত বোকাখাত বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিলে৷ উল্লেখ্য যে ২০০১ চনৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দুবাৰকৈ বোকাখাতৰ বিধায়ক হৈছিল গগৈ৷ আজি সাংবাদিকৰ সমুখত তেওঁ কয় যে ‘আগতেও মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জিকিছোঁ, এতিয়াও মই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিম৷’ গগৈয়ে লগতে কয় যে যদি ২০২৬ত বোকাখাতবাসীয়ে মোক নিৰ্বাচিত কৰে, যি দলৰেই চৰকাৰ হ’ব মই চৰকাৰৰ লগত থাকিম আৰু বোকাখাতৰ উন্নয়নৰ বাবে কাম কৰিম৷ তেওঁ আৰু কয়, মোৰ কোনো মন্ত্ৰী হোৱাৰ সপোন নাই৷ অসমখনৰ বাবে কিবা কৰাৰো মোৰ সপোন নাই, যি কৰিম মই বোকাখাতৰ বাবে কৰিম৷ বোকাখাতৰ জনসাধাৰণৰ পক্ষত থাকি কৰিম৷ মই কাৰো পক্ষ নলওঁ৷ উল্লেখ্য যে বোকাখাত সমজিলাৰ পঞ্চায়ত নিৰ্বাচন ২০২৫ত অসম জাতীয় পৰিষদৰ চূড়ান্ত ব্যৰ্থতাৰ পাছত দলটোৰ কেন্দ্ৰীয় উপ-সভাপতি তথা বোকাখাত নিৰ্মাণ গোটৰ সভাপতি জিতেন গগৈয়ে বোকাখাতৰ জাতীয় পৰিষদৰ কাৰ্যালয়ত লগালে তলা লগাই চাৰিটা জিলা পৰিষদৰ দুটাত, আঞ্চলিক পৰিষদৰ জ্জ টাত আৰু ৱাৰ্ড সদস্য ৪৯ টাত অজাপৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও শোচনীয়ভাৱে পৰাজিত হৈছিল৷ দলে ২০০টা ৱাৰ্ডৰ মাত্ৰ ৪৯ টাৰ বাহিৰে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নোৱাৰিলে৷ পঞ্চায়ত নিৰ্বাচন ২০২৫ৰ পাছতে আজি বোকাখাতত সাংবাদিকৰ আগত ক্ষোভ আৰু দুখ প্ৰকাশ গগৈৰ৷ ‘সদায় মই জাতীয়তাবাদী চিন্তাধাৰাৰে উদ্বুদ্ধ হৈ আহিছোঁ৷ সেই কাৰণতেই মই সুযোগ পোৱা সত্ত্বেও কোনো ৰাষ্ট্ৰীয় দলত যোগ নিদি জাতীয় পৰিষদলৈ গৈছিলোঁ৷ বোকাখাত সমজিলাত জাতীয় পৰিষদৰ এখন শক্তিশালী সমিতি গঠন কৰি থোৱাৰ কথা দোহাৰিলে জিতেন গগৈয়ে৷ কিন্তু এই সমিতিয়ে বোকাখাতত প্ৰাৰ্থী প্ৰক্ষেপ কৰাত ব্যৰ্থ হৈছে বুলি গগৈয়ে সাংবাদিকৰ আগত কয়৷ আনহাতে, জনাদেশৰ প্ৰসংগ টানি তেওঁক কোনো জাতীয়তাবাদী দল বা ৰাজনৈতিক দলৰ প্ৰাৰ্থী হিচাপে ভোটাৰ ৰাইজে নিবিচৰাৰ কথা প্ৰকাশ কৰি অনাগত ২০২৬ ৰ নিৰ্বাচনত ৰাইজে বোকাখাতৰ ‘জিতেন গগৈ’ক বিচৰাৰ কথা প্ৰকাশ কৰে৷ এনেবোৰ কথাত গগৈৰ মন ভাগিছে বুলি কয়৷ লগতে তেওঁ কয় যে তথাপিও পৰিষদক তেওঁ যৎপৰোনাস্তি সহায় সহযোগিতা আগবঢ়াইছিল৷ কিন্তু বোকাখাত সমজিলাত পঞ্চায়ত নিৰ্বাচন ২০২৫ৰ ফলাফলে পৰিষদক কোনো ধৰণে প্ৰেক্ষাপটলৈ ননা কথাই তেওঁক অত্যন্ত হতাশ কৰাৰ লগতে বোকাখাত নিৰ্মাণ গোটৰ সভাপতি হিচাপে গগৈয়ে প্ৰক্ষেপ কৰা প্ৰাৰ্থীৰ এনে ব্যৰ্থতাৰ বাবে তেওঁ বহুজনৰ বহু প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি কয়৷ আনকি ভোট গণনা চলি থকা সময়তো বিভিন্ন দল-সংগঠনৰ প্ৰাৰ্থীয়েও কৰা এনে প্ৰশ্নৰ সন্মুখীন হৈছে বুলি গগৈয়ে কয়৷ ভোট গণনাৰ পিছদিনা তেওঁ ঘৰত থাকিব নোৱাৰা পৰিস্থিতিৰো উদ্ভৱ হ’ল৷ সেয়েহে লগে লগে তেওঁ বোকাখাতত জাতীয় পৰিষদ বন্ধ কৰি পৰিষদৰ কাৰ্যালয়ত লগালে তলা৷ কিয়নো নিৰ্মাণ গোটৰ নিজা গৃহত আছিল পৰিষদৰ কাৰ্যালয়৷ লগতে তেওঁ কয় যে বোকাখাতত আন কোনোবাই জাতীয় পৰিষদ কৰিলে তেওঁৰ কোনো আপত্তি নাথাকিব৷ সাম্প্ৰতিক সময়ৰ ৰাজনীতিত অসম জাতীয় পৰিষদৰ ভৱিষ্যত কি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সেই ভৱিষ্যত জনাদেশে কৈ আছে৷ এই তৃণমূল পৰ্যায়ৰ নিৰ্বাচনতে যদি অস্তিত্ব নাথাকে, তেতিয়া বিধানসভা বা লোকসভাৰ নিৰ্বাচনত কি সুফল দিব বুলি কৈ তেওঁ কয় যে বিৰোধী ঐক্যবদ্ধ নহয় আৰু হোৱা হ’লেই সাম্প্ৰতিক পৰিস্থিতি কি হ’লহেঁতেন সেয়া আপোনালোকেও দেখিছে৷ জনসাধাৰণক সন্তুষ্ট কৰিব পৰাকৈ জনসাধাৰণৰ ওচৰলৈ নগ’লে জনসাধাৰণে মোকো গ্ৰহণ নকৰিব৷ বিগত সময়ত দুটাকৈ কাৰ্যকাল বোকাখাতৰ বিধায়ক হৈ থকা অৱস্থাত যি চৰকাৰেই নাছিল কিয়, বোকাখাতৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰিছিলোঁ৷
সোণাপুৰত বিজেপিৰ বিজয় উৎসৱত ‘অন্য তিনি গগৈ’
‘আমাৰ অসম’ৰ সোণাপুৰৰ প্ৰতিবেদকঃ নৱগঠিত ডিমৰীয়া সমষ্টিত এইবাৰ প্ৰথমবাৰৰ বাবে পৰিচালনা কৰা পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত আটাইকেইখন আসনতে বিজেপি মিত্ৰজোঁটে জয়ী হয়৷ এই উপলক্ষে আজি ৫২ নং দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ উদ্যোগত সোণাপুৰৰ যোগদল প্ৰেক্ষাগৃহত বিজয় উৎসৱৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়৷ প্ৰথমে বন্তি প্ৰজ্বলন তাৰ পিছত এটি দীঘলীয়া শোভাযাত্ৰা উলিওৱা হয়৷ অনুষ্ঠানত বিধায়ক অতুল বৰা, সাংসদ বিজুলী কলিতা মেধি, প্ৰাক্তন সাংসদ কুইন ওজাৰ লগতে বিহু সম্ৰাট খগেন গগৈ, সদানন্দ গগৈ আৰু ৰঞ্জিৎ গগৈ উপস্থিত থাকে৷ অনুষ্ঠানত তিনি গগৈয়ে গীত পৰিৱেশন কৰি বিজয়ী প্ৰাৰ্থীসকলক উৎসাহ জনায়৷ ডিমৰীয়া, সোণাপুৰ, বৰখাট আৰু প্ৰাগজ্যোতিষপুৰ চাৰিটা জিলা পৰিষদ, ১৫খন গাওঁ পঞ্চায়তৰ সদস্য লগতে আঞ্চলিক পঞ্চায়তৰ বিজয়ী প্ৰাৰ্থী সকলক গামোচাৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত ডিমৰীয়া সমষ্টিৰ চাৰিটা জিলা পৰিষদৰ আটাইকেইটাতে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিজয়ী হয়৷ লগতে ১৫টা আঞ্চলিক পঞ্চায়তৰ আটাইকেইটা আসনে বিজেপিৰ দখলত৷ সেই বাবে আজি এক বিজয়ী উৎসৱ, সম্বৰ্ধনা অনুষ্ঠানৰ লগতে এটি প্ৰীতিভোজৰো আয়োজন কৰে৷