Logo
image

৫-১০ লাখলৈ উঠিছে ৱাৰ্ড মেম্বাৰৰ দাম

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ   ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সম্পন্ন হ’ল, ফলাফলো ঘোষণা কৰিলে৷ ৰাজ্যিক কেবিনেটে কালি  ২১ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত তিনি তৰপীয়া পঞ্চায়ত গঠনৰ সূচীও ঘোষণা কৰিলে৷ কাৰ্যতঃ এতিয়া গাঁৱে গাঁৱে চলিছে পঞ্চায়ত গঠনৰ কুচকাৱাজ৷ লগে লগে পঞ্চায়তৰ সভাপতি নিৰ্বাচনকলৈ আৰম্ভ হৈছে দৰদাম৷ ৱাৰ্ড মেম্বাৰৰ সমৰ্থন আদায় কৰিবলৈ সভাপতিৰ দৌৰত থকা একাংশই টকাৰ বেগলৈ নামি পৰিছে ফিল্ডত৷ আৰম্ভ হৈছে হৰ্ছ ট্ৰেডিং৷ শকত ধনৰ টোপোলাৰ আশাত নিজৰ দাম বঢ়াইছে নিৰ্বাচিত ৱাৰ্ড মেম্বাৰেও৷ হঠাৎ নিৰুদ্দেশ হৈছে ৭ পঞ্চায়তৰ সদস্য৷ একোজন সদস্যৰ দাম উঠিছে ৫-১০ লাখ টকা গাঁও পঞ্চায়তৰ   সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ঘোঁৰা কিনা-বেচা৷ ৱাৰ্ড মেম্বাৰেও সুযোগ বুজি বঢ়াইছে দল৷ একোজন সদস্যৰ দাম উঠিছে  ৫-১০ লাখ টকা পৰ্যন্ত৷ অভিযোগ অনুসৰি পঞ্চায়ত গঠনৰ দিন ঘোষণা কৰাৰ পাছতে ৪০ নং কলগাছিয়াৰ পৰা হঠাৎ নিৰুদ্দেশ হৈছে ৬ গৰাকীকৈ নৱ নিৰ্বাচিত পঞ্চায়ত সদস্য৷ এওঁলোকৰ কোনো হেনো এতিয়া গুৱাহাটী-শ্বিলঙত প্ৰমোদ ভ্ৰমণত ব্যস্ত৷ জানিব পৰা মতে ঐতিহ্যমণ্ডিত বজালীতো গোপনে আৰম্ভ হৈছে বৃহৎ ধনৰ বিনিময়ত সভাপতি হোৱাৰ কুচকাৱাজ৷ এয়া এটা বা দুটা উদাহৰণহে মাত্ৰ–এনেদৰে পঞ্চায়তে পঞ্চায়তে চলিল হৰ্ছট্ৰেডিং৷ সেয়েহে ৰাজনৈতিক ৰসিকৰ মুখে মুখে এই কথা–‘বিধায়কৰ কিনা-বেচা বহুত হ’ল, এইবাৰ নিলাম হ’ব ৱাৰ্ড মেম্বাৰ৷

পঞ্চায়ত সভাপতি হোৱাৰ নামত ৱাৰ্ড সদস্য কিনা বেচাৰ খেল

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদকঃ  গ্ৰাম্যজীৱনৰ আৰ্থ সামাজিক ব্যৱস্থা অধিক ত্বৰাম্বিত কৰাৰ উদ্দেশ্যে মহাত্মা গান্ধীয়ে সৃষ্টি কৰিছিল পঞ্চায়তীৰাজ ব্যৱস্থা৷ এই ব্যৱস্থাৰ দ্বাৰা গঞা ৰাইজৰ আৰ্থ সামাজিক ব্যৱস্থা কিছু পৰিমাণে হলেও উন্নত হোৱা বুলি ৰাইজে দাবী কৰি আহিছে৷ কিন্ত এই ব্যৱস্থাৰ এইবাৰ কিছু পৰিমাণে সংশোধন কৰি পঞ্চায়তৰ সভাপতি গৰাকীক ৰাইজে নিৰ্বাচন কৰাৰ পৰিবৰ্তে এইবাৰ এখন পঞ্চায়তৰ দহজন ৱাৰ্ড সদস্য মিলি এজন অভিজ্ঞ ব্যক্তিক মনোনীত কৰিব৷ সেইমতে ৱাৰ্ড সদস্যসকলে ৰাজনৈতিক দলৰ প্ৰতীক চিহ্নৰ বিপৰীতে নিৰ্দলীয়ভাবে নিৰ্বাচনত অৱতীৰ্ণ হয়৷ সেই নিয়ম অনুসৰি এইবাৰ সমাপন হয় পঞ্চায়ত নিৰ্বাচন৷ এতিয়া মুল কথাটো হল সভাপতি নিৰ্বাচন৷ এই সভাপতি নিৰ্বাচনত চলি আছে বৃহৎ টকা পইচাৰ খেল৷ চৰকাৰ গঠন কৰোঁতে যেনেদৰে বিধায়ক সাংসদ কিনা বেচা কৰা হয় ঠিক তেনেদৰে যেন এই পঞ্চায়তসমূহতো চলিব ধৰিছে সভাপতি হোৱাৰ নামত টকা পইচাৰ এটি বৃহৎ অংক৷ বজালীতো সংগোপনে আৰম্ভ হৈছে বৃহৎ ধনৰ লেনদেনৰ বিনিময়ত সভাপতি হোৱাৰ পৰিকল্পনা৷ জানিব পৰা মতে এখন পঞ্চায়তৰ দহজন সদস্যৰ ছয়জন সদস্যৰ সমৰ্থন পালে এজন ৱাৰ্ড সদস্যই সভাপতি হব পাৰিব৷ যাৰ হাতত বৃহৎ পৰিমাণৰ টকা পইচা আছে সিয়ে সভাপতি হোৱাৰ বাবে মুখ্য ভূমিকা গ্ৰহণ কৰাটো পৰিলক্ষিত হৈছে৷ আনহাতে এই সুযোগতে ৱাৰ্ড সদস্য সকলে তেওঁলোকৰ নিৰ্বাচনত ব্যয় হোৱাৰ খৰচ উলিয়াবৰ বাবে যি সকলে মোটা অংকৰ ধন দিব তেওঁকেই সভাপতিৰ বাবে সমৰ্থন দিব বুলি একাংশ নিলৰ্জ ৱাৰ্ড সদস্য সকলৰ মুখৰ পৰা জানিব পৰা গৈছে৷ একোজন বাৰ্ড সদস্যৰ দাম পঞ্চাশ হাজাৰ টকাৰ পৰা একলাখ টকা পৰ্যন্ত হোৱা বুলিও জানিব পৰা গৈছে৷ ইতিমধ্যে সামজিক মাধ্যমত ভাইৰেল হৈছে সভাপতি মনোনীত কৰাৰ বহুতো অভিযোগ৷ এজন নেতিজনে লিখিছে গাঁৱৰ ৰাইজে ‘মেম্বাৰ’ বনাওতে টকা লৈছে, আকৌ ‘মেম্বাৰে’ সভাপতি বনাওতে টকা ল’ব৷ বহু স্নাতক, স্নাতকোত্তৰ ডিগ্ৰী ৱাৰ্ড সদস্য পদত নিৰ্বাচিত হৈছে যদিও টকা পইচাৰ খেলত সেই শিক্ষাৰ কোনো মুল্য নোহোৱা হৈ পৰিছে বুলি ৰাইজে অভিযোগ কৰিছে৷ জানিব পৰা মতে মন্ত্ৰী বিধায়ক সকলে এই ব্যৱস্থাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰো অভিযোগ উঠিছে৷ যদি তৃণমূল পৰ্যায়ৰ এই ব্যৱস্থাই গভীৰভাবে প্ৰভাৱ বিস্তাৰ কৰে তেতিয়াহলে ভাৰতীয় ৰাজনৈতিক পথাৰখন কোন দিশে গতি কৰিব বুলিও সচেতন ব্যক্তি সকলে প্ৰশ্ন উত্থাপন কৰিছে আৰু তৃণমূল পৰ্যায়ৰ পৰাই ৰাজনীতিৰ লেতেৰা খেলখন আৰম্ভ হব বুলি প্ৰকাশ কৰিছে৷ আনহাতে দুৰ্বল দলৰ সমৰ্থনৰ প্ৰাৰ্থী বিজয়ী হৈ পিছত ৰাজনৈতিক আদৰ্শ বিসৰ্জন দি টকা পইচাৰ লোভত একোটা শক্তিশালী দলত যোগদান কৰাৰ খবৰো আহি আছে৷ পঞ্চায়ত মন্ত্ৰী ৰণজিৎ দাসৰ গৃহ সমষ্টি বজালীত এনেকুৱা ৱাৰ্ড সদস্য কিনা বেচা কৰাৰ যি কুচক্ৰান্ত চলিছে সেই কাৰ্য্যই ৰাইজৰ চকু কপালত উঠিছে৷ এইক্ষেত্ৰত মন্ত্ৰী ৰণজিত কুমাৰ দাস আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বিষয়টো সন্দৰ্ভত হস্তক্ষেপ কামনা কৰাৰ লগতে উচ্ছ ডিগ্ৰীধাৰী যোগ্য ৱাৰ্ড সদস্যকহে সভাপতি হিচাপে নিৰ্বাচন কৰাৰ বাবে সচেতন ৰাইজে দাবী উত্থাপন কৰিছে৷


কলগাছিয়াত ৬ পঞ্চায়ত সদস্য নিৰুদ্দেশ

‘আমাৰ অসম’ৰ কলগাছিয়াৰ প্ৰতিবেদকঃ  অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত গঠনৰ দিন ঘোষণা কৰাৰ পিছতেই কলগাছিয়াৰ পৰা নিৰুদ্দেশ হৈছে ৬ গৰাকীকৈ নৱ নিৰ্বাচিত গাওঁ পঞ্চায়তৰ সদস্য৷ গাওঁ পঞ্চায়তৰ সভাপতি নিৰ্বাচনক লৈ সৃষ্টি হৈছে ঘোঁৰা কিনা বেচা৷ একোটা ঘোঁৰাৰ দাম উঠিল গৈ ৬ ৰ পৰা ৭ লাখ টকা পৰ্যন্ত৷ পঞ্চায়ত প্ৰতিনিধিৰ এনে নিকৃষ্ট কাণ্ডক লৈ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ জানিব পৰা মতে, ৪০ নং কলগাছিয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত ৰ নং খণ্ডৰ নাজমা খাতুন, ৩ নং খণ্ডৰ ছালেহা খাতুন, ৪ নং খণ্ডৰ জাকিৰ হুছেইন, ৫ নং খণ্ডৰ ছাইফুল ইছলাম খান, ৬ নং খণ্ডৰ শিৰাজুল হক আৰু ১০ নং খণ্ডৰ সদস্য সাহানাজ পাৰবীনে ইতিমধ্যে ঘোঁৰা বিক্ৰী কৰি পলাতক হৈ আছে৷ প্ৰাপ্ত অভিযোগ মতে, কলগাছিয়াৰ ৮ নং খণ্ডৰ নিৰ্বাচিত সদস্য তথা ধন কুবেৰ মোস্তাক মহম্মদ মেহেদিয়ে ঘোঁৰা ক্ৰয় কৰি গোপন স্থানত আবদ্ধ কৰি ৰাখিছে৷ উদ্দেশ্য কলগাছিয়া গাওঁ পঞ্চায়তৰ সভাপতিৰ আসন দখল কৰা৷ নিৰ্বাচিত জনপ্ৰতিনিধি সকলৰ এনে নিকৃষ্ট কৰ্ম কাণ্ডৰ বাবে কলগাছিয়াৰ ভোটাৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ সম্প্ৰতি নৱ নিৰ্বাচিত গাওঁ পঞ্চায়তৰ সদস্য সকলক বিচাৰি হাবাথুৰি খাইছে ভোটাৰ ৰাইজে৷ নিৰ্বাচনত জয়ী হোৱাৰ পিছত জনপ্ৰতিনিধিয়ে ৰাইজৰ কাম কৰিব বুলি আশা কৰিছিল যদিও নিৰ্বাচনত জিকাৰ পিছতেই প্ৰতিনিধি সকলে ধনৰ বিনিময়ত বিক্ৰী হৈ যোৱাত ৰাইজে দুখ প্ৰকাশ কৰিছে৷ লগতে এইবেলি ধনৰ বলত দুৰ্নীতিগ্ৰস্থ প্ৰতিনিধি গাওঁ পঞ্চায়তৰ সভাপতি হোৱাৰ আশংকা কৰিছে ৰাইজে৷ সেয়ে এনে দুৰ্নীতিৰ বিৰুদ্ধে চোকা দৃষ্টি ৰাখিবলৈ অসম চৰকাৰক আহ৩ান জনাইছে ভোটাৰ ৰাইজে৷ সম্প্ৰতি ৰাইজে দুৰ্নীতি মুক্ত এখন পঞ্চায়ত আশা কৰিছিল যদিও নিৰ্বাচিত প্ৰতিনিধিয়ে টকাৰ লোভত বিক্ৰী হৈ যোৱা ঘটনাই অশনি সংকেত বহন কৰিছে৷ সেয়ে এনে প্ৰতিনিধিয়ে গাওঁ পঞ্চায়তত অনাগত দিনত ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলি ৰাইজে আশংকা প্ৰকাশ কৰিছে৷