Logo
image

গাজা-ব্যৰ্থ আৰব লীগৰ সমূহ দেশ

কেইটামান দশক আগতে পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেশ্বন অৰ্থাৎ পিএলঅ’ৰ নেতা য়াছেৰ আৰাফাট যেতিয়াই ভাৰতলৈ আহিছিল, তেতিয়া তেওঁক এজন ৰাষ্ট্ৰপ্ৰধানৰ দৰে আদৰণি জনোৱা হৈছিল৷ তেতিয়াও পেলেষ্টাইন ৰাষ্ট্ৰ গঠন হোৱা নাছিল, কিন্তু ভাৰতৰ লগতে পৃথিৱীৰ বহু দেশেই পেলেষ্টাইনক এখন স্বাধীন ৰাষ্ট˜ৰ স্থান দিছিল৷ আজিলৈ পেলেষ্টাইন গঠন নহ’ল, আৰু গঠন হোৱাৰ সম্ভাৱনা নিতৌ বাঢ়ি যোৱাৰ সলনি টুটিহে আহিছে৷

২০২৩ চনৰ ৭ অক্টোবৰত হামাচে ইজৰাইলৰ সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ চলাই ১,১৯৫জন লোকক হত্যা কৰে৷ হামাচ গাজাৰ শাসক দল যদিও পৃথিৱীৰ বহু দেশে ইয়াক এক সন্ত্ৰাসবাদী সংগঠনৰূপে গণ্য কৰে৷ এই আক্ৰমণৰ পাছতেই ইজৰাইলে হামাচক নিঃশেষ কৰাৰ অভিযান আৰম্ভ কৰি গাজাৰ ওপৰত সামৰিক আক্ৰমণ আৰম্ভ কৰে৷ এই অভিযান এতিয়াও চলি আছে আৰু এতিয়ালৈ ৬২ হাজাৰ পেলেষ্টাইনী নাগৰিকৰ এই আক্ৰমণত মৃত্যু হৈছে৷ গাজা ধবংসস্তূপত পৰিণত হৈছে৷ 

গাজাত ইজৰাইলৰ এই কাৰ্যক আৰব দেশসমূহে তীব্ৰ গৰিহণা দিছে যদিও সি কেৱল কথাৰ ফুলজাৰি হৈ আছে৷ পেলেষ্টাইনৰ সংগ্ৰামখনে এসময়ত আৰব বিশ্বক এই সংগ্ৰামখনৰ সমৰ্থনত আৰু ইজৰাইলৰ বিৰোধিতাৰে একত্ৰিত কৰিছিল, কিন্তু ক্ৰমে আৰব দেশসমূহে নিজৰ স্বাৰ্থক আগস্থান দিছে আৰু পেলেষ্টাইনক একাষৰীয়া কৰিছে৷ বহুতে ইজৰাইলৰ স’তে সম্পৰ্ক স্থাপন কৰিছে৷

মধ্য প্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাত ২২খন আৰব দেশ আছে৷ মৰক্কোৰ পৰা ওমানলৈকে আৰু ইজিপ্তৰ পৰা জৰ্দান হৈ কাটাৰলৈকে৷ কোৱা হয় যে চৈধ্য শতিকাতে আৰবৰ চিন্তাবিদ ইবন খালদুনে কৈছিল– আৰবসকলে কেতিয়াও একমত হ’ব নোৱাৰে বুলি একমত পোষণ কৰে৷ কুৰি শতিকাত মধ্য প্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰ আৰব দেশসমূহৰ মাজৰ অলেখ অন্তহীন সংঘাতে এই কথাষাৰ সোঁৱৰাই থাকে৷  কিন্তু এইবাৰ গাজাত ইজৰাইলৰ সামৰিক অভিযানে এই কথাটোক অসত্য বুলি প্ৰমাণ কৰিছেঃ  এইবাৰ আৰব লীগৰ ২২খন সদস্য ৰাষ্ট্ৰ একমত হৈছে যে তেওঁলোকে ইজৰাইলৰ বিৰুদ্ধে আঙুলি এটাও নাদাঙে৷ এই ৰাষ্ট্ৰবোৰৰ সৰহভাগতেই এতিয়াও ৰাজতন্ত্ৰ, সামৰিক শাসন, পূৰ্বৰ বিদ্ৰোহীৰ একনায়কত্ববাদী শাসন চলি আছে৷ ইজৰাইলত-গাজাত হামাচক খতম কৰিবলৈ চলোৱা সামৰিক অভিযানৰ পাছত অনুষ্ঠিত আৰব লীগৰ বৈঠকসমূহ অলংকাৰপূৰ্ণ শব্দৰ বাগাড়ম্বৰেৰে অন্ত পৰিছে৷ 

আৰব লীগৰ দেশসমূহে ইজৰাইলক সামৰিক প্ৰত্যুত্তৰ  দিয়া নাই৷  ইউক্ৰেইন আক্ৰমণৰ পাছত ৰাছিয়াই সন্মুখীন হোৱাৰ দৰে ইজৰাইলৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় নিষেধাজ্ঞ আৰোপ কৰাৰ আহ্বান জনোৱা নাই৷  গাজাত ইজৰাইলৰ গণহত্যা বন্ধ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত দক্ষিণ আফ্ৰিকাই তৰা গোচৰটোক সমৰ্থন জনাই প্ৰস্তাৱ গ্ৰহণ কৰা নাই৷ ইজৰাইলৰ স’তে কূটনৈতিক সম্পৰ্ক  কৰাৰ ভাবুকি দিয়া নাই৷ আমেৰিকাই ইজৰাইলক অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰাটোক নিৰুৎসাহিত কৰিবৰ বাবে আমেৰিকাত পুঁজিৰ বিনিয়োগ বন্ধ কৰাৰ ভাবুকি দিয়া নাই৷ য়োম কিপ্পুৰ যুদ্ধৰ পাছত কৰাৰ দৰে তেল যোগান বন্ধৰ ভাবুকি দিয়া নাই৷ মুঠতে আৰব লীগে একোৱেই কৰা নাই৷ আৰব লীগৰ দেশসমূহৰ এই দ্বিধাগ্ৰস্ততা নতুন নহয়৷ ২০১৮ চনত বহু বিতৰ্কৰ পাছত এক জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰি লীগে ঘোষণা কৰিছিল যে ট্ৰাম্প প্ৰশাসনে ইজৰাইলত টেল আভিভৰ পৰা জেৰুজালেমলৈ আমেৰিকাৰ দূতাৱাস স্থানান্তৰ কৰা কাৰ্যক প্ৰতিহত কৰিবলৈ লীগে ‘কৌশলগত পৰিকল্পনা’ প্ৰস্তুত কৰিব৷ আল্লাৰ শপত, মাত্ৰ অপেক্ষা কৰক আৰু চাওক৷ সাত বছৰ পাছতো সেই অপেক্ষাৰ অন্ত পৰা নাই৷

আৰব লীগৰ দেশসমূহে নিজৰ স্বাৰ্থক আগস্থান দিছে আৰু বহুতে ইজৰাইলৰ স’তে কূটনৈতিক সম্পৰ্কও গঢ়ি তুলিছে৷ গাজাত হোৱা আক্ৰমণৰ ফলত শৰণাৰ্থীসকল ইজিপ্তৰ  চিনাইলৈ পলাবলৈ বাধ্য হৈছে৷ ইজিপ্তে ইতিমধ্যে ৫ লাখ শৰণাৰ্থীক অস্থায়ীভাৱে গ্ৰহণ কৰিবলৈ সন্মত হৈছে৷ ইজিপ্তৰ ১৬৫ বিলিয়ন ডলাৰৰ বৈদেশিক ঋণ পৰিশোধ কৰিবলগীয়া আছে৷  গাজাৰ শৰণাৰ্থীক আশ্ৰয় দি ইজিপ্তে আমেৰিকা আৰু ইউৰোপীয় ইউনিয়ন আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ পৰা বিত্তীয় ক্ষেত্ৰত অধিক সহানুভূতিশীল বিবেচনা দাবী কৰিব পাৰিব৷

আন শক্তিশালী দেশ ছৌদি আৰব, সংযুক্ত আৰব আমিৰেটছ আদিয়েও নিজৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে অধিক আগ্ৰহ দেখুৱাইছে৷ ছৌদি আৰবৰ শক্তিশালী ৰাজকুমাৰ প্ৰধানমন্ত্ৰী মহম্মদ বিন ছালমানে প্ৰকৃত বাস্তৱটোক ভালদৰেই জানে৷ কিন্তু ভৱিষ্যতৰ ৰজা হিচাপে তেওঁ নিজৰ ৩.৭কোটি নাগৰিকক সন্তুষ্ট কৰিবৰ বাবে  বাৰে বাৰে ঘোষণা কৰিছে যে  পেলেষ্টাইন ৰাষ্ট্ৰ গঠন নোহোৱালৈকে ইজৰাইলৰ স’তে সম্পৰ্ক  স্বাভাৱিক হ’ব নোৱাৰে৷ কিন্তু গাজাৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধৰ ক্ষেত্ৰত ছৌদি আৰবে শক্তিশালী বিৰোধিতা প্ৰকাশ কৰা নাই৷ 

আৰব লীগ দেশসমূহৰ সাধাৰণ মানুহে কি ভাবে? তেওঁলোকৰ মাত মতাৰ কোনো অধিকাৰ নাই৷ পেলেষ্টাইনৰ ক্ষেত্ৰতেই হওক বা নিজৰ দেশৰ ক্ষেত্ৰতেই হওক৷ আৰব বিপ্লৱে বহু আৰব দেশৰ শাসকক ওফৰাই পেলোৱাৰ পাছৰ পৰা আৰব দেশসমূহত ৰাইজৰ সামূহিক প্ৰতিবাদ নিষিদ্ধ হৈছে৷ মানুহে ইণ্টাৰনেটত নিজৰ মনোভাব প্ৰকাশ কৰিছে৷ নিজৰ পৰিচয় লুকুৱাই মানুহে গাজাৰ পেলেষ্টাইনীসকলৰ স’তে সহমৰ্মিতা প্ৰকাশ কৰিছে৷ কিন্তু  আৰব দেশেৰ চৰকাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তেও নিজৰ নিষ্ক্ৰিয়তাক ন্যায্য প্ৰতিপন্ন কৰিছে৷ ছৌদি আৰবত ইমামসকলে কোৰানৰ উদ্ধৃতি দি বুজাই দিছে যে পেলেষ্টাইন ইহুদীসকলৰো গৃহভূমি, আৰু গাজাৰ ঘটনাৰ বাবে হামাচ আৰু মুছলিম ব্ৰাদাৰহুড সম্পূৰ্ণৰূপে দায়ী৷ এতিয়া প্ৰকাশ হৈছে যে ছৌদি আৰবৰ স’তে ইজৰাইলে এক ঐতিহাসিক চুক্তি স্বাক্ষৰ কৰিবলৈ ওলাইছিল আৰবৰ  এই চুক্তি সম্পন্ন হোৱাত বাধা দিয়াৰ বাবেই হামাচে ইজৰাইলত নৰসংহাৰ চলাইছিল৷ 

পশ্চিম ইউৰোপৰ গণতান্ত্ৰিক দেশবোৰত, আমেৰিকাত, এছিয়াৰ বহু দেশত গাজাৰ নৰসংহাৰৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হৈছে৷ বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে গাজাৰ সাধাৰণ নাগৰিকৰ সমৰ্থনত থিয় দিছে৷ কিন্তু যিসকলে প্ৰধান ভূমিকা ল’ব লাগিছিল, সেই আৰব লীগৰ দেশসমূহ নীৰৱ দৰ্শক হৈ আছে৷ 

ইৰাণ হামাছৰ প্ৰধান সমৰ্থক৷ গাজাত ৬২ হাজাৰ পেলেষ্টাইনৰ লোকৰ মৃত্যু হৈছে আৰু ইজৰাইলৰ বিৰুদ্ধে হামাচক উচটাই থকা ইৰাণে দূৰৈৰ পৰা চাই থকাৰ বাদে, শব্দৰ ফুলজাৰি মৰাৰ বাদে একো কৰিব পৰা নাই৷ হামাচেও ইজৰাইলৰ হাজাৰৰো অধিক নাগৰিকক হত্যা কৰাৰ দায়িত্বজ্ঞানহীন- কাণ্ডজ্ঞানহীন কামটো কৰাৰ সময়ত নিশ্চয় জানিছিল যে ইয়াৰ পৰিণতি স্বৰূপে ইজৰাইলে ভয়ংকৰ আক্ৰমণ কৰিব৷ হামাচ গাজাৰ শাসক, গাজাৰ সাধাৰণ নাগৰিকৰ ওপৰত হামাচে যি ভয়ংকৰ দুৰ্যোগ নমাই আনিলে, তাৰ বাবে হামাচ দায়ী৷ নিজৰ নাগৰিকক হামাচে সামান্যতমো সুৰক্ষা দিব নোৱাৰিলে৷ হামাচে আশা কৰিছিল নেকি যে কথাৰে সাতহাল বাই থকা আৰব দেশবোৰে ইজৰাইলে গাজাত আক্ৰমণ চলালে প্ৰয়োজন হ’লে সামৰিক হস্তক্ষেপ কৰিব? 

ইজৰাইলে গাজাত হামাচক নিঃশেষ কৰাৰ নামত কৰা সাধাৰণ লোকৰ নৰসংহাৰ কোনোপধ্যে সমৰ্থনযোগ্য নহয়, কিন্তু গাজাৰ সাধাৰণ নাগৰিক এই আক্ৰমণত বলিপ পাঠা সজোৱা তেওঁলোকৰ নিজৰেই শাসক হামাচ আৰু বন্ধু আৰব দেশবোৰে তেওঁলোকক মৃত্যুমুখৰ পৰা ৰক্ষা কৰিবলৈ সামান্যতমো চেষ্টা নকৰিলে৷ গাজৰ যুদ্ধ এতিয়াও চলি আছে৷ নিৰীহ লোক এতিয়াও মৰি আছে৷