সোণেৰে নিৰ্মিত এটা বিশাল অট্টালিকা! বিমানো সোণ-পানী ছটিওৱা
আমাৰ অসম, ২৩ এপ্ৰিলঃ এইখন পৃথিৱীতে এটা অট্টালিকা আছে যিটো নিৰ্মাণ কৰা হৈছে সোণেৰে৷ ব্ৰুনেইত থকা এই অট্টালিকাটোৰ নাম ‘ইস্তানা নুৰুল ইমান’৷ আচলতে অট্টালিকাটো এটা ৰাজপ্ৰাসাদ৷ এই প্ৰাসাদটোৰ উপৰি ব্ৰুনেইৰ চুলতান হাছানল বলকিয়াহে আৰু এটা প্ৰাসাদ নিৰ্মাণ কৰিছে৷ সেইটোৰ নাম ‘হাউছ অফ বালকিয়াহ’৷ ১৪ শতিকাত নিৰ্মাণ কৰা হয় এই প্ৰাসাদ দুটা৷ ইতিহাসবিদসকলৰ মতে ব্ৰুনেইৰ চুলতান হাছানল বলকিয়াহৰ নাম অনুসৰিয়েই নামকৰণ কৰা হৈছিল প্ৰাসাদ দুটাৰ৷ উল্লেখ্য যে ব্ৰুনেইৰ ২৯সংখ্যক এই চুলতানজন আকৌ দেশখনৰ প্ৰধানমন্ত্ৰীও৷ বিশ্বৰ আটাইতকৈ চহকীসকলৰ মাজত অন্যতম চুলতান হাছানল৷ আশ্চৰ্য যে চুলতানজনে যিটো প্ৰাসাদত বাস কৰে সেই প্ৰাসাদটো বিশ্বৰ ভিতৰতে আটাইতকৈ বৃহৎ৷ ২০ লাখ বৰ্গফুট এলেকাক সামৰি নিৰ্মাণ কৰা প্ৰাসাদটোৰ গম্বুজটোও নিৰ্মাণ কৰা হৈছে সম্পূৰ্ণ সোণেৰে৷ ১৭০০টা কোঠালীযুক্ত প্ৰাসাদটোত আছে বিশাল আকাৰৰ পাঁচটা ছুইমিং পুল৷ চুলতান হাছানলে যিখন বিমানেৰে ভ্ৰমণ কৰে সেই বিমানখনো সোণ-পানী ছটিওৱা৷ শুনিলে আচৰিত লাগে যে চুলতান হাছানলৰ ব্যক্তিগত বাহনৰ সংখ্যা ৭ হাজাৰ৷