অসম আকৌ...!
অৱশেষত ৰণশিঙা বাজিল৷ ’২৬ৰ বৈতৰণী পাৰ হোৱাৰ বাবে বাংলাদেশী ৰপ্তানি আৰু অস্ত্ৰৰ আমদানিৰ কুটিল ৰাজনীতি আৰম্ভ হ’ল৷ এনআৰচিয়েও উলিয়াবলৈ সমৰ্থ নোহোৱা অসমৰ ৰাজনীতিকৰ বাবে পৰম সম্পদ বাংলাদেশী আৰু জুয়েপোৰা তিৰাশীৰ সময়ত সংঘৰ্ষৰ ভয়ত চৰকাৰে বাজেয়াপ্ত কৰা বৈধ অস্ত্ৰ নতুন ৰূপ দি ব্যৱহাৰ কৰাৰ কৌশল আহি গ’ল নিৰ্বাচনী মাৰ্কেটত৷ একেষাৰতে ক’ব লাগিলে খিলঞ্জীয়াৰ নামত নৱ-প্ৰজন্ম ধ্বংসৰ ব্লুপ্ৰিণ্ট ৰচা হৈ গ’ল৷ নৱ-প্ৰজন্মৰ মন-মগজু উগ্ৰ দেশপ্ৰেম আৰু অমানৱীয় ধৰ্মই দখল কৰিব পৰাকৈ শাসকে অকণো কৃপণালি কৰা নাই৷ লগতে অলস জীৱন কটাব পৰাকৈ, নাৰীজনিত অপৰাধ কৰিবলৈ সুচল হোৱাকৈ সুৰাও সুলভ কৰি তুলিছে৷ এনেয়ো ইহঁতে বিশ্বৰেকৰ্ড গঢ়াৰ বাবে পঢ়াতকৈ বেছি সময় দিবলগীয়া হয়৷ কাজেই চাকৰিৰ মহঙা দিনত শাসকে দিয়া খিলঞ্জীয়া ৰক্ষাৰ গুৰুদায়িত্ব শিৰোধাৰ্য কৰি অনা-অসমীয়া ব্যৱসায়ীৰ পৰা পাওনা উঠাবলৈ সুবিধা হ’ব৷ কোনোবা বিক্ৰী নোযোৱা, দেশৰ প্ৰতি ভালপোৱা নথকা অথবা ভুক্তভোগী এমুঠি মানুহে যদি প্ৰতিবাদ কৰে তেনে তেওঁলোকৰ বিৰুদ্ধে কুটুমে কুটুমৰ লগত যুঁজখন লগাই দিয়া কামতো নিয়োজিত হ’ব পাৰিব৷ বিনামূলীয়া চাউল খুৱাই ধন্য কৰি ৰখা ভাগিনহঁতক উচতাই শাসকে পোনপটীয়াকৈ কৰিব নোৱৰা কামবোৰো কৰিব পাৰে৷ নেতাসকলৰ সন্তানসকলে আকৌ এনে এখন উচ্ছৃঙ্খল, স্থবিৰ, ছিন্ন-ভিন্ন সমাজৰ ৰেহ-ৰূপ বিদেশ বা অন্য ৰাজ্যৰ পৰা উপভোগ কৰিব পাৰিব৷ প্ৰতিভা থাকিলে আন্তঃৰাষ্ট্ৰীয়পৰ্যায়ত গৱেষণা পত্ৰ, গল্প, প্ৰবন্ধ, চিনেমা ইত্যাদিৰ জৰিয়তে শিপাৰ প্ৰতি দায়বদ্ধতাৰ উদাহৰণো দাঙি ধৰাৰ সুযোগ পাব৷ অৱশ্যে এই সময়ৰ গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ, ন্যায় ব্যৱস্থা, জাতিপ্ৰেমী সংগঠনবোৰ ভয়, প্ৰলোভন বা ব্লেকমেইলিং কি উপায়েনো স্বৈৰাচাৰী শাসকৰ হাতৰ মুঠিলৈ গ’ল তাৰ ছবিখন কেনেদৰে ফুটায় সেয়া লক্ষণীয় হ’ব৷
উশাহবোৰ গধুৰ হৈ আহিছে৷ এক ধৰণৰ বাকৰুদ্ধ পৰিস্থিতি৷ ৰাজনীতিৰ বিষাক্ত বাতাবৰণেৰে আছন্ন মোৰ দেশৰ আকাশ-বতাহ৷ অদূৰ-সুদূৰ ভৱিষ্যতলৈ কোনো সৎলোকে ৰাজনীতিলৈ অহাটো সন্মানজনক অনুভৱ নকৰা ব্যৱস্থাপনাৰ ক্ষিপ্ৰগতিৰে অনুশীলন হৈ আছে৷ অকণমান শান্তিৰে জীয়াই থকাৰ অধিকাৰো হেৰুৱাই পেলাইছোঁ ক্ৰমশঃ৷ আজিৰ তাৰিখত হঠাতে শৈশৱ পাৰ কৰি অহা বিভীষিকাময় তিৰাশীৰ দিনবোৰলৈ মনত পৰিছে৷ মনত পৰিছে সেই দিনবোৰতো আমি লাভ কৰা আস্থা আৰু আনন্দৰ সেই স্মৃতিবোৰ– ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত বাস কৰা বাবে ‘জুয়ে পোৰা তিৰাশীৰ’ অৰ্থ প্ৰকৃতাৰ্থত হৃদয়ঙ্গম কৰিব পাৰিছিলোঁ৷ মাত্ৰ কেইকিলোমিটাৰমান আঁতৰত ধূলা কাণ্ড তেতিয়া হৈ গৈছে৷ সেই অমানৱীয় নৃশংসতা— য’ত অলপ আগতে একেলগে চাহ খাই যোৱাজনেই পাছমুহূৰ্ততে দা, যাঠী-জোং লৈ খেদি গাঁতত পেলাই হত্যা কৰিছিল চুবুৰীয়াক৷ আকাশে-বতাহে কেৱল অবিশ্বাসৰ বীজাণু৷ ৰাম-ৰহিমৰ দুখন আকাশ৷ দুখন পৃথিৱী৷ ৰক্তাক্ত ধৰ্ম৷ আল্লা-ঈশ্বৰৰ সংঘাত৷ মাটিত তেজ, আকাশত জুই৷ ঘৰ, তামোল, নাৰিকলৰ বাৰী পুৰি ছাৰখাৰ হোৱা শাম কটাৰ পাছত দেউতাৰ লগত শৰণাৰ্থী শিবিৰলৈ গৈছিলোঁ৷ দেউতাহঁতে সাহস দিছিল৷ দিছিল নতুন জীৱনৰ আশ্বাস৷ নিৰ্মল আকাশ, মুক্ত পৃথিৱীৰ বিশ্বাস৷ কি অৱৰ্ণনীয় দৃশ্য আছিল সেয়া– বৃদ্ধ, কেঁচুৱা, ৰুগীয়াসকলৰ শৰণাৰ্থী শিবিৰত হাহাকাৰ৷ পিন্ধি থকা কাপোৰখনেই সম্পদ৷ হাত দুখনেই সম্বল৷ এগোহালি গৰু, এজাক হাঁহ-পাৰৰে সৈতে লখিমী জুইত জাহ যোৱা চাই মূৰ্ছা যোৱা বৃদ্ধ, চকুৰ আগত পিতৃ হত্যাৰ সাক্ষী কণমানিজনীৰ চকুলো, নিৰুদ্দেশ পুত্ৰক বিচাৰি ডেডাউৰি পাৰি থকা মাতৃ ...সকলো একোটা নিৰ্মম কাহিনী৷ যুগ যুগ ধৰি একেলগে বাস কৰি অহা মানুহখিনিৰ মাজত কেনেকৈ ৰোপণ হৈছিল সন্দেহৰ বিষাক্ত বীজ, কি হ’ল তাৰ পৰিণতি তাক উভতি চাবলৈ কাৰোৱেই অৱকাশ নাই৷ কেৱল উৰাবাতৰি, সন্দেহ আৰু শংকা৷ তেনে সময়তে–
(১) হঠাতে এদিন বাতৰি প্ৰচাৰ হ’ল যে সিদিনা ৰাতি আমাৰ অঞ্চলটো আক্ৰমণ কৰা হ’ব৷ দেউতা সষ্টম হ’ল৷ হঠাৎ দেখিলোঁ পশ্চিমফালে হেঙুলীয়া আভা৷ যেন জোঁৰ লৈ আক্ৰমণ কৰিবলৈ আগুৱালেই৷ আমি ভয়ত কঁপিবলৈ ধৰিলোঁ৷ দেউতাই পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাহস দিলে৷ ঘোপমৰা বাৰীখনলৈ কেনেদৰে সোমাব লাগিব, মূৰে-গায়ে কাপোৰ লৈ কেনেদৰে বাঁহৰ জোপাত নিশ্চল হৈ থাকিব লাগিব৷ আমাক নিৰ্ভয় দি দেউতাই থানালৈ মানুহ পঠিয়ালে আৰু মৌজাদাৰ ককাৰ দিনৰে অব্যৱহৃত বন্দুকটো তেল সানিবলৈ ধৰিলে (কেইদিনমান পাছতে অনুজ্ঞাপ্ৰাপ্ত অস্ত্ৰবোৰ থানাত জমা দিয়াৰ নিয়ম হ’ল৷ নহ’লে কি হ’লহেঁতেন ভাবিলেও ভয় লাগে!) এনেতে দেখিলোঁ আমাৰ ওচৰৰ ইছলামধৰ্মী লোকসকল দৌৰি দৌৰি হাতে হাতে লাঠী, জোং লৈ আমাৰ ঘৰলৈকে পোনাইছে৷ এক মুহূৰ্ত ...এক মুহূৰ্তত যেন দেউতাই বিশ্বাস-অবিশ্বাসৰ দ্বন্দ্বৰে তেওঁলোকলৈ চাই পঠিয়ালে... আৰু– হয়, বিশ্বাসৰে জয় হ’ল৷ আব্দুল কাকা, জয়নাল কাকাই ফোপাই-জোপাই কৈ উঠিল– ‘‘আমি আছোঁ বাবু৷ আমি পহৰা দিম৷ কোন বাহিৰৰ মিঞাই আহি হাংগামা কৰিব পাৰে চাওঁ ...৷” দেউতাৰ মুখখন পৰম আস্থাৰে উজলি উঠিল৷ আমাৰ চকুলো ওলাল৷
(২) চাৰিওদিশে হিংসাত্মক ঘটনা৷ দেউতাহঁত ব্যস্ত শান্তি-সম্প্ৰীতিৰ কাৰণে আপ্ৰাণ চেষ্টাত৷ তেনে দিনৰে এদিন ৰাতি ১১টা মান বজাত দেউতাক এখন একেবাৰে ভিতৰুৱা মিঞা গাঁৱলৈ মাতি পঠিয়ালে৷ দেউতা চিন্তাত পৰিল৷ যাবলৈও শংকা৷ নগ’লেও অবিশ্বাস কৰাৰ দৰে কথা৷ তেনে পৰিস্থিতিত ভুল বুজাবুজিৰ সৃষ্টি হ’ব পাৰে৷ অৱশেষত দেউতা আৰু এজন লোকে যোৱাটোকে ঠিক কৰিলে৷ দেউতা ভেছপা স্কুটাৰখন লৈ সেই মাজৰাতি ওলাল৷ গাঁওখনৰ অ’ত-ত’ত মানুহৰ জুম কিন্তু নিমাত-নিস্তব্ধ পৰিৱেশ৷ লৈ গৈ এঘৰ মানুহৰ ঘৰৰ একেবাৰে ভিতৰত বহিবলৈ দিলে৷ তাৰ পাছত মানুহ-দুনুহ নাই বেছ কিছুসময়৷ একোবত এজন ওখ-পাখ মানুহে দা এখন লৈ ইফালে-সিফালে অহা-যোৱা কৰি আছে৷ দেউতাহঁতে সাহস দেখুৱাই বহি থাকিল যদিও এটা সময়ত ভিতৰি ভয় খাবলৈ ধৰিলে৷ এনেতে সেই মাজৰাতি দুজনমান লোকে হাত-যোৰ কৰি কৰি দেউতাহঁতক ক’লে —‘অলপ দৈ-চিৰাৰ ব্যৱস্থা কৰিছোঁ বাবু৷ দোনা কাটিছোঁঃ আমাৰ বাচনত দিয়া নাই৷ আপুনি ইমান ৰাতিও আহিছে৷ আমাৰ মানুহখিনিয়ে দেখক৷ সাহ পাব৷ ভয় ভাঙিব৷ আপুনি অলপ বুজাব শান্তি-সম্প্ৰীতিৰ কথা৷ আমাৰ মানুহখিনি যাতে উৰাবাতৰি শুনি উত্তেজিত নহয়৷ আমিতো হিন্দু-মুছলমান ইয়াত সদায় একেলগেই থাকিব লাগিব ...৷” উস্ ..দেউতাৰ চকুলো ওলোৱাৰ উপক্ৰম হ’ল৷ আবেগৰ৷ চাৰিওফালে ইমান বিষবাষ্পৰ মাজত এচাটি যেন নিৰ্মল বতাহ ...৷
এই স্মৃতিয়েই কঢ়িয়াই ভাবিছিলোঁ আহিব, ভালদিন আহিব এদিন৷ আমাৰ সন্তানহঁতে এখন সুস্থিৰ সমাজ দেখিবগৈ৷ কিন্তু কিমান কথাই যে নাজানিলোঁ৷ চাউলধোৱা, খৈৰাবাৰী, নেলী, গহপুৰ, ধূলাৰ তেজেধোৱা ইতিহাসবোৰ যে কোনোবাই সু-চিন্তিত, সু-প্ৰসাৰী মগজুৰে ৰচিছিল সেয়া নাজানিলোঁ৷ নাজানিলোঁ তেতিয়া তেওঁলোকে অদেখা ৰূপেৰে সাম্প্ৰদায়িক নাটখন পৰিচালনা কৰিছিল৷ কিন্তু এতিয়া? এতিয়া সদম্ভে মানুহক ধৰ্মৰে নিচাগ্ৰস্ত কৰি, টকাৰ লালসা দেখুৱাই সহযোগিতা আদায় কৰিবলৈ লৈছে৷ এই পদ্ধতি আগতকৈ হাজাৰ গুণে বেছি ভয়ংকৰ৷ কোনে দিব ন্যায়? শাসক আৰু পুঁজিপতিক গটোৱা খিলঞ্জীয়াৰ মাটি-ভেটিৰ বিনিময়ত যদি এমুঠি বিনামূলীয়া চাউল, সুলভ কৰি তোলা সুৰা আৰু অস্ত্ৰক আদৰি ল’বলৈ প্ৰস্তুত হওঁ কোনে দিব পাৰে আমাক অস্তিত্বৰ গেৰাণ্টি? আমাৰ সন্তানৰ অসুৰক্ষিত ভৱিষ্যতৰ কাৰণ বৃহৎ পুঁজিপতিৰ আগ্ৰাসন আৰু সাম্প্ৰদায়িক শাসকৰ সলনি যদি মিঞা বুলি পতিয়ন যাওঁ কোন দিশে ব’ব নৱ-প্ৰজন্মৰ ভৱিষ্যত? অসম নামৰ ভূ-খণ্ডই সদায় খিলঞ্জীয়া জনপ্ৰতিনিধিৰ বিশ্বাসঘাটকতাৰ ইতিহাস ৰচিয়েই ৰৈ যাব নেকি?






