Logo
image

মাস্কৰ মহাবিপদ, খহি পৰিছে ষ্টাৰলিংকৰ ৫ শতাধিক ছেটেলাইট

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৯ জুনঃ    ভাৰতৰ দ্বিতীয়জন নভোচৰ হোৱাৰ কৃতিত্ব অৰ্জন বাবে ২৪ ঘণ্টাৰো কম সময় বাকী থকা অৱস্থাত স্পেচএক্সৰ স্বত্বাধিকাৰী ইলন মাস্কৰ মালিকানাধীন টেলিকম কোম্পানী ষ্টাৰলিংকৰ বহু সংখ্যক ‘ছেটেলাইট’ বা কৃত্ৰিম উপগ্ৰহ উক্লাৰ দৰে মহাকাশৰ পৰা খহি পৰিছে৷ সূৰ্যৰ পৰা ওলাই অহা প্ৰবল শক্তিশালী অগ্নিপিণ্ডৰ আঘাততে বিগত কেইবছৰত মহাকাশৰ পৰা পতন ঘটিছে ইলন মাস্কৰ ষ্টাৰলিংকৰ ৫২৩ টা ‘ছেটেলাইট’৷ ‘ছ’লাৰ চাইকল ২৫’ৰ ফলত সূৰ্যৰ পৰা নিৰ্গত হৈছে প্ৰবল তাপযুক্ত অগ্নিপিণ্ড৷ সূৰ্যৰ পৰা নিৰ্গত হোৱা এই অগ্নিপিণ্ডৰ লেলিহান শিখাৰ আঘাততে ষ্টাৰলিংকৰ ৫ শতাধিক ‘ছেটেলাইট’ৰ পতন ঘটাত ইলন মাস্কৰ টেলিকম সাম্ৰাজ্যত একপ্ৰকাৰ জুই লাগিছে৷ প্ৰসংগতঃ, মাস্কৰ মালিকানাধীন এই ষ্টাৰলিংকক মাথোঁ যোৱা সপ্তাহত ভাৰতত টেলিকম সেৱা আগবঢ়োৱাৰ বাবে লাইচেন্স প্ৰদান কৰা হৈছে৷ প্ৰত্যক্ষ সম্বন্ধ নাথাকিলেও ইলন মাস্কৰ স্পেচএক্সৰ মহাকাশযান ড্ৰেগন স্পেচক্ৰাফটত উঠি বুধবাৰে বিয়লি মহাকাশ যাত্ৰা কৰিবলগীয়া ভাৰতৰ শুভাংশু শুক্লাৰ অভিযানৰ প্ৰাকমুহূৰ্তত ষ্টাৰলিংকৰ ছেটেলাইটৰ ‘উক্লাপাতে’ অজান আশংকাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, মঙলবাৰে ভাৰতীয় সময় অনুসৰি বিয়লি ৫.৫২ বজাত শুভাংশু তথা আন তিনি নভোচৰক লৈ যাবলগীয়া ড্ৰেগন স্পেচক্ৰাফটক নাছাৰ ফেলকন-৯ ৰকেটে ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ [আই এছ এছ] উৰুৱাই লৈ যাব৷ কোৱা বাহুল্য মাথোঁ, ষ্টাৰলিংক আৰু স্পেচএক্সৰ স্বত্বাধিকাৰী একেজন অৰ্থাৎ ইলন মাস্ক হ’লেও দুয়োটা অভিযানৰ মাজত কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই৷


ইণ্টাৰনেটৰ ডাটা যোগান ধৰা আৰু ডাটাৰ জৰিয়তে টেলিকম সেৱা আগবঢ়োৱাৰ বাবে ‘ল’ আৰ্থ অৰবিট’ অৰ্থাৎ মহাকাশৰ ‘কাৰমেন লাইন’ৰ সিপাৰে ষ্টাৰলিংকৰ যোগাযোগকাৰী কৃত্ৰিম উপগ্ৰহ আছে৷ এই কৃত্ৰিম উপগ্ৰহ বা ‘ছেটেলাইট’ মহাকাশত স্থাপন কৰে স্পেচএক্সে৷ ইয়াৰ জৰিয়তেই ষ্টাৰলিংকে বিশ্বজুৰি টেলিকম আৰু ইণ্টাৰনেটৰ ডাটা সেৱা যোগান ধৰে৷ উল্লেখ্য, সূৰ্যৰ পৰা প্ৰখৰ তাপ আৰু অগ্নিপিণ্ড নিৰ্গত হোৱা ১১ বছৰীয়া ‘ছ’লাৰ চাইকল’ এতিয়া একেবাৰে তুংগত আছে৷ সেই সৌৰ অগ্নিপিণ্ডৰ আঘাততে ষ্টাৰলিংকৰ ‘ছেটেলাইট’ মহাকাশৰ পৰা পৃথিৱীলৈ খহি পৰিছে৷