.jpg1749705195.jpg)
সন্তানৰ সপোনো বিকশিত কৰক
সকলো পিতৃ-মাতৃৰেই বুকুত এপাহাৰ সপোন নিজৰ সন্তানক লৈ৷ সেয়া স্বাভাৱিক৷ কিন্তু সন্তানক লৈ দেখা সপোনত সিহঁতৰ আগ্ৰহ কিমান, সেই লৈও পিতৃ-মাতৃ সচেতন হোৱা উচিত৷ কিন্তু সম্প্ৰতি প্ৰায়বোৰ অভিভাৱকে সন্তানক একো একোটা যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰা পৰিলক্ষিত হয়৷ সন্তানৰ মনৰ ভিতৰতো যে এখন সৰল সুন্দৰ পৃথিৱী আছে, সেই পৃথিৱীত সিহঁতে নিজাববীয়াকৈ কিবা এটা কৰি যে আত্মসন্তুষ্টি লাভ কৰে, সেই কথাটো বহুতেই গমি নাচায়৷ বৰঞ্চ অনুশাসনৰ বাঘজৰী এডালেৰে সন্তানক এনেদৰে বান্ধি পেলায় যে, বহু সময়ত সিহঁতে প্ৰাণখুলি হাঁহি এটা মাৰিবলৈকো সংকোচ কৰে৷
কিন্তু এয়া জানো অন্যায় নহয়?
বৰ্তমান এচাম অভিভাৱক ব্যস্ত হৈ পৰিছে সন্তানৰ শিক্ষাগত দিশটো কেনেদৰে আগুৱাই নিব পৰা যায় ইত্যাদি বিষয়ত৷ আৰু এইক্ষেত্ৰত বহুতৰ বাবে প্ৰধান অন্তৰায় হৈ পৰিছে শাখা নিৰ্বাচনত৷ কেনেবাকৈ যদি সন্তান সু-খ্যাতিৰে পাছ কৰিছে, তেন্তে এচাম শুভাকাংক্ষীৰ পৰামৰ্শৰো অন্ত নপৰা হৈছে৷ আৰু এই পৰামৰ্শসমূহৰ ভিতৰত সৰহসংখ্যকেই বিজ্ঞান শাখাত নামভৰ্তি কৰাটোহে উচিত বুলি প্ৰচুৰ যুক্তি আগবঢ়াব খোজে৷ তেওঁলোকৰ দৃষ্টিত কলা শাখাটো যেন তেনেই অৰ্থহীন৷ কিন্তু কিয়? সমাজত একোজন ভব্য-গব্য ব্যক্তি হৈ এটি সু-ৰুচিপূৰ্ণ জীৱন কটাবলৈ কেৱল ডাক্তৰ, ইঞ্জিনিয়াৰেই হ’ব লাগিব নেকি? অন্য বৃত্তিৰ কোনো মূল্য নাই? আচলতে কলা, বিজ্ঞান আৰু গণিত– এই আটাইবোৰ বিষয়েই জটিল৷ তেতিয়াহে নি(য় সহজ হৈ পৰিব, যদিহে অভিভাৱকে সন্তানক কোনোধৰণৰ মানসিক চাপ নিদিয়াকৈ সিহঁতে ভালপোৱা বিষয়বোৰ নিৰ্বাচনত গুৰুত্ব দিয়ে৷ এজন বিজ্ঞান নতুবা বাণিজ্য শাখাৰ ছাত্ৰই হয়তো কলা শাখাৰ সৃষ্টিশীল লেখাৰ মাজত কেতিয়াও ইমান গভীৰকৈ আৱদ্ধ হ’ব নোৱাৰিব, একেদৰে কলা শাখাৰ ছাত্ৰ এজনে অংক বা বিজ্ঞানৰ সূত্ৰসমূহ অনায়াসে সমাধান কৰিব নোৱাৰিবও পাৰে৷ ইয়াৰ মূলতঃ হ’ল বিষয়টোৰ প্ৰতি অনাগ্ৰহ৷
গতিকে সিহঁতে নিৰ্বাচন কৰা, সিহঁতে আত্মসন্তুষ্টি লাভ কৰা শাখাসমূহতেই সিহঁতক বিকশিত হ’বলৈ সুযোগ দিব লাগে৷ সিহঁতৰ সপোন, সিঁহতৰ আপোন পৃথিৱীখনত যেতিয়া জকমকাই ফুলি উঠিব, সেই সুবাস সকলোতে বিয়পি পৰিব৷ কাৰণ সমাজখন সুন্দৰ আৰু সুবাসিত হ’বলৈ হ’লে ফুলবোৰ জকমকাই ফুলিবই লাগিব৷ আমাৰ সন্তানসকলৰ সপোনবোৰো জানো ফুলৰ দৰেই নহয়? আমি অভিভাৱকসকলেই যদি মৰম-চেনেহেৰে আদৰ-যতন নকৰোঁ, কোনে কৰিব? এটা কথা আমি সদায় গ্ৰহণ কৰা উচিত যে, একোখন সুস্থ সমাজ গঢ়িবলৈ সকলোৰে সহযোগিতাৰ প্ৰয়োজন৷ মানৱ সেৱাৰ বাবে যিদৰে এজন চিকিৎসকৰ আৱশ্যক, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক ন-ন তথ্যসম্ভাৰেৰে উন্নতিৰ শিখৰত আগুৱাই নিবলৈ এজন বিজ্ঞানীৰ যিদৰে আৱশ্যক, নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত একো একোজন অভিযন্তাৰো তেনেদৰেই আৱশ্যক৷ আৰু এই ছাত্ৰসকলৰ প্ৰাৰম্ভিক ভেটিটো গঢ়ি তুলিবৰ বাবে এজন শিক্ষকৰো আৱশ্যক৷ কলেজবোৰত ন ন বিষয়ত গৱেষণা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীক শৈক্ষিক দিশত আগুৱাই নিবলৈ এজন উপযুক্ত অধ্যাপকৰো অতিশয় আৱশ্যক৷ একো একোটা অফিচৰ কাম-কাজ নিয়াৰিকৈ চলাই নিবলৈ যিদৰে এচাম কৰ্মচাৰীৰ আৱশ্যক, একেদৰে সেই অফিচত এজন মুৰব্বীৰো আৱশ্যক৷ আইন-আদালতক সুৰুচিপূৰ্ণ গতিৰে আগুৱাই নিবলৈ ন্যায়াধীশ এজনৰ যিদৰে আৱশ্যক, দেশৰ, নাগৰিকৰ সুৰক্ষাৰ বাবে একো একোজন বুদ্ধিদীপ্ত প্ৰশাসনিক বিষয়াৰো আৱশ্যক৷ কেৱল সিমানেই নহয়, কোনোবাই একোজন চিত্ৰশিল্পী হিচাপেও প্ৰতিষ্ঠিত হ’ব পাৰে, কোনোবা সাংবাদিক, কোনোবাই আকৌ সাংস্কৃতিক জগতখনতো প্ৰতিষ্ঠা লাভ কৰি সুনাম অৰ্জন কৰিব পাৰে৷ বৃত্তি অনুসৰি হয়তো কাৰোবাৰ সপোনৰ ঘৰখন সৰু-ডাঙৰ হ’ব পাৰে৷ বিলাসিতা জীৱনৰ তাৰতম্য হ’ব পাৰে, কিন্তু অন্তঃকৰণেৰে কৰা কামত যি সুখৰ লহৰ, সেই লহৰে মানুহৰ জীৱনটো ৰঙীণ কৰি তোলে৷ ৰঙেৰে উপচি পৰা এটা সুন্দৰ জীৱনতকৈ শ্ৰেষ্ঠ আৰু কি হ’ব পাৰে? গতিকে সন্তানক সিহঁতৰ ভাল লগা পৃথিৱীখনত আগুৱাই যোৱাত সহায় কৰক৷ বিকশিত হ’বলৈ সুযোগ দিয়ক৷ ফুলি উঠক সিহঁতৰ সপোন পদুম ফুলৰ দৰেই৷ যি সুবাসে মানুহৰ হৃদয় আমোলমোলাই তুলিব পাৰে৷
‘জীৱনত উন্নতি কৰাৰ লগে লগে যিটো বিষয়ক আটাইতকৈ মূল্য দিয়া উচিত, সেইটো হৈছে নম্ৰতা৷’– লালবাহাদুৰ শাস্ত্ৰী৷
শিক্ষাৰ লগে লগে সন্তানসকলে নম্ৰতাৰ পাঠো অধ্যয়ন কৰাটো জৰুৰী৷ সেই নম্ৰতা গুণেও সিহঁতক এদিন বিশেষভাৱে পৰিচিত কৰাব৷