Logo
image

ইতিহাসৰ অৰাজক এছোৱা সময়

দেশে দেশে কাহিনী আছে,  য’ত কেৱল  ক্ষমতাত টিকি থকাই মূলমন্ত্ৰ৷ লাগিলে দেশ, সমাজ জাতি সকলো জহান্নামে যাওক৷ পিছে ইতিহাসে সদায় এই শিক্ষাই দি আহিছে যে ক্ষমতাৰ বাসনাৰ অগ্নিশিখাই সময়ত কাকো ক্ষমা নকৰে৷ এনে কাহিনীবোৰ সেয়েহে নিৰ্দয়, নিষ্ঠুৰ আৰু যন্ত্ৰণাকাতৰ হৈ উঠে৷ ভয়ংকৰ যাৰ পৰিণতি৷ দূৰলৈ যাব নালাগে, আমাৰ নিজৰেই আছে এনে অনেক কাহিনী৷ আমাৰ ইতিহাসৰ পৰা টানি অনা তেনে এটা কাহিনীৰেই এয়া অৱতাৰণা৷

স্বৰ্গদেউ চক্ৰধবজ সিংহৰ বলিষ্ঠ নেতৃত্বত আৰম্ভ হোৱা শৰাইঘাট ৰণৰ পৰিণতি তেওঁ  জীৱিতকালত চাই যাবলৈ নাপালে৷ ১৬৭০ খ্ৰীঃত তেওঁৰ মৃত্যুৰ পাছৰ বছৰটোৰ মাৰ্চতহে শৰাইঘাটৰ ৰণত অসমীয়া সৈন্যৰ  হাতত পৰাস্ত হৈ দিল্লীৰ সম্ৰাট ঔৰংজেৱৰ সেনাপতি ৰামসিংহই বংগদেশৰ ৰঙ্গামাটিলৈ পলায়ন কৰে৷ তেতিয়া ৰাজপাটত আছিল উদয়াদিত্য সিংহ৷ ৰামসিংহই  ৰঙ্গামাটিত প্ৰায় ৪ বছৰ থাকি অসমক দুনাই আক্ৰমণ কৰিবলৈ ছেগ বিচাৰি ৰৈ আছিল৷ গতিকে শৰাইঘটীয়া বিষয়াসকল যুঁজৰ পাছতো সতৰ্ক হৈ থকাৰ স্বাৰ্থত গুৱাহাটীতে বাহৰ পাতি থাকিব লাগিছিল৷ ঐতিহাসিক এই সময়ছোৱা যে এচাম অসমীয়াৰ সাহ-বল, দেশপ্ৰেম, দৃঢ়তা, শৌৰ্য-বীৰ্যৰ প্ৰতীকস্বৰূপ সেই কথা দুনাই ব্যাখ্যা কৰাৰ প্ৰয়োজন নাই৷ কিন্তু এনে এটা ঐতিহাসিক ঘটনাৰ বিজয়োল্লসৰ ধবনি মাৰ নৌযাওঁতেইৰাজধানী ৰংপুৰৰ ৰজাঘৰীয়া উচ্চ মহলত আৰম্ভ হৈছিল বিষয়াৰ দম্ভ আৰু ক্ষমতাকেন্দ্ৰিক যুঁজ-বাগৰৰ এক নিকৃষ্ট অধ্যায়৷ প্ৰায় ১১ বছৰজুৰি চলা এই অৰাজক অৱস্থা চক্ৰধবজ সিংহৰ মৃত্যুৰ পাছৰে পৰা আৰম্ভ হৈ শেষ হৈছিল গদাধৰ সিংহ ৰাজপাটত বহাৰ সময়তহে৷ 

ক্ষমতাৰ দ্বন্দ্বই মানুহক কিমান নীচ পৰ্যায়লৈ নিব পাৰে তাৰ এটা উদাহৰণ হ’ল এইছোৱা সময়ৰ মাজতে গুৱাহাটীৰ তেতিয়াৰ বৰফুকন লাচিতৰ আপোন ককায়েক লালুকসোলাই  উজনিত আতন বুঢ়াগোহাঁইৰ ক্ষমতা বাঢ়ি অহা দেখি ঈৰ্ষান্বিত হৈ গোপনে সম্ৰাট ঔৰংজেৱৰ পুত্ৰ চুলতান আজমতৰাৰ লগত যোগাযোগ কৰি অসমৰ স্বাৰ্থক জলাঞ্জলি দি নিজৰ ক্ষমতা দৃঢ় আৰু অজেয় কৰিবলৈ স্থিৰ কৰিলে৷ এই আজমতৰাৰে বেগম আছিল ৰজা জয়ধবজ সিংহৰ জীয়ৰী  ৰাজকুমাৰী ৰমণী গাভৰু ওৰফে ৰহমত বানু৷ মীৰজুমলাৰ হাতত পৰাস্ত হৈ চক্ৰধবজ সিংহৰ আগৰজনা ৰজা জয়ধবজ সিংহই সন্ধিৰ চৰ্ত অনুযায়ী মোগল সম্ৰাটৰ হেৰেমলৈ নিজৰ জীয়ৰীক আগবঢ়াব লগাত পৰিছিল৷ আজমতৰা তেতিয়া বংগদেশৰ মচনদৰ অধিকাৰী৷ লালুকৰ খুড়াক বাদুলি ফুকনৰ সহায়ত বৰফুকনে ঢাকালৈ প্ৰস্তাৱ দিলে যে যদি মোগলে তেওঁক চাৰি লাখ টকা দি অসমৰ ৰজা পাতিব পাৰে, তেন্তে তেওঁ গুৱাহাটী সহিতে অসমৰ পশ্চিমাঞ্চল মোগলক বিনাযুদ্ধে এৰি দিব৷ শৰাইঘাটৰ ৰণত পৰাস্ত হৈ সীমান্তত পুনৰ অসম আক্ৰমণৰ সুযোগ বিচাৰি খাপ পিটি ৰৈ থকা মোগলে সানন্দে এই প্ৰস্তাৱ গ্ৰহণ কৰিলে আৰু সেইমৰ্মেই ১৬৭৯ খ্ৰীঃত অথাৰ্ৎ শৰাইঘাট ৰণৰ ৮ বছৰৰ পাছতে গুৱাহাটী আকৌ মোগলৰ অধীন হৈ পৰিল৷ আজিৰ অসমীয়া প্ৰজন্মৰ বহুতেই শৰাইঘাট ৰণেই মোগলৰ বিৰুদ্ধে অসমীয়াৰ শেষ নিৰ্ণয়াত্মক ৰণ বুলি ভুলকৈ ভাবে৷ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতহে  ১৬৮২ খ্ৰীঃত  হোৱা ইটাখুলিৰ ৰণত মোগলক চূড়ান্তভাৱে পৰাজিত কৰি গুৱাহাটী স্থায়ীভাৱে অসম ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল আৰু সেইখনেই আছিল মোগলৰ বিৰুদ্ধে অসমীয়াৰ শেষ ৰণ৷

আলোচ্য আহোম শাসনৰ এই অৰাজক অধ্যায়টোৰ সূচনা ঘটিছিল চক্ৰপাণি নামৰ এজন পুৰোহিতক লৈ৷ উদয়াদিত্যৰ দিনত মুছলমানৰ সৈতে বিবাদ শাম কটাত ৰজাই এই বিবাদকালত যিসকল বিষয়াই আহোমৰ স্বাৰ্থৰ প্ৰতি বিশ্বাসঘাতকতা কৰিছিল, তেনে লোকক বিচাৰি উলিয়াই বন্দী কৰি নামৰূপলৈ নিৰ্বাসন দিছিল৷ মুছলমানৰ পক্ষ লোৱা বুলি সন্দেহ কৰা লোকসকলৰ মাজত চক্ৰপাণি নামৰ পুৰোহিতজেনা আছিল৷ তেওঁ আছিল বৈষ্ণৱ ধৰ্ম সংস্কাৰক গুৰু শ্ৰীমন্ত শংকৰদেৱৰ এজন অন্যতম শিষ্য৷ পাছত ৰজাই এই ব্যক্তিজনৰ পাণ্ডিত্যত মুগ্ধ হৈ তেওঁক ৰাজগুৰু হিচাপে প্ৰতিষ্ঠা কৰিছিল৷ তেওঁ  বিষয়া আৰু প্ৰজাসকলকো চক্ৰপাণিক গুৰু মানিবলৈ নিৰ্দেশ দিছিল৷ বহু লোকে সেইমতে গুৰু মানিছিল যদিও এচাম ডা-ডাঙৰীয়া কিন্তু এই কথাত ক্ষুব্ধ হ’ল৷ অপমানিত বোধ কৰি তেওঁলোকে ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিলে আৰু এই কাৰ্যৰ প্ৰতি ৰজাৰ ভায়েক যুৱৰাজ সৰু গোহাঁইৰ সমৰ্থন আদায় কৰিলে৷ এওঁলোকে মিলি মাজনিশা গোপনে ৰজাৰ কাৰেঙত প্ৰৱেশ কৰি বৰবৰুৱাকে ধৰি ডাঙৰীয়াসকলক হত্যা কৰাৰ উপৰি উদয়াদিত্যক বন্দী কৰি চৰাইদেউ পৰ্বতলৈ নি বিহ দি হত্যা কৰিলে৷ তেওঁৰ ৰাণী তিনিগৰাকীকো মৃত্যুদণ্ড দিয়া হৈছিল৷ যিজন চক্ৰপাণিৰ বাবে এই বিদ্ৰোহ সংঘটিত হৈছিল, তেওঁক ধৰি আনি শূলত ভৰাই হত্যা কৰি এখন ভূৰত দেহটো দিখৌত উটাই দিয়া হ’ল৷ এই সমুদায় ঘটনা ঘটিছিল ১৬৭৩ খ্ৰীঃত ৷ উদয়াদিত্যৰ শাসন কাল আছিল মাত্ৰ দুবছৰ৷


ভাতৃহন্তা সৰু গোহাঁই, ৰামধবজ সিংহ নাম লৈ এইবাৰ ৰাজপাটত উঠে৷ ৰাজপাটত উঠিয়েই তেওঁ কৃতজ্ঞতাস্বৰূপে লুখুৰাসন ফৈদৰ লেচাই ওৰফে ডেবেৰাক  বৰবৰুৱা পদ যাচে৷ এই ডেবেৰাই আছিল উদয়াদিত্যৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি ৰামধবজ সিংহক ৰজা পতাৰ মূল হোতা৷ বৰবৰুৱা পদ লৈ ডেবেৰাই ক্ষমতাৰ ৰাগীত ওভতগোৰে নাচিবলৈ ল’লে৷ তেওঁৰ ইচ্ছাৰ বিৰুদ্ধাচৰণ কৰা ভালেমান লোকক তেওঁ হত্যা কৰিলে৷ যথা সময়ত ৰজা ৰামধবজ সিংহ টান নৰিয়াত পৰাত তেওঁৰ আসন্ন মৃত্যুৰ কথা ভাবি  ডা-ডাঙৰীয়াসকলে গুণাগথা কৰি  উদয়াদিত্য সিংহৰ পুত্ৰক সিংহাসন যচাৰ কথা পাঙিলে৷ এইজন কেনেবাকৈ ৰজা হ’ব লাগিলে ডেবেৰা বৰুৱাই তেওঁৰ ভয়ংকৰ বিপদ হ’ব বুলি জানিআত্মৰক্ষাৰ্থে কেতবোৰ দেহৰক্ষীৰ বন্দোৱস্ত কৰিলে৷ ৰজা ৰামধবজ সিংহই আকৌ ডেবেৰাই এইদৰে সৈন্য গোটোৱা বুলি শুনি ভাবিলে বোলে তেওঁকহে মাৰিবলৈ ষড়যন্ত্ৰ কৰিছে৷ সেয়ে ডেবেৰাক ধৰিবলৈ তেওঁ সৈন্য পঠিয়ালে৷ ডেবেৰাই  প্ৰত্যাক্ৰমণ কৰি এই সৈন্য দলটোৰ সকলোকেইজনকে ধৰি মাৰি পেলালে৷ ইয়াৰ বাহিৰেও ডেবেৰাই শত্ৰু বুলি গণ্য কৰা কেইবাজনো বিষয়াক হত্যা কৰাকে ধৰি কেইবাজনকো অংগক্ষত কৰিলে৷ অৱশেষত ১৬৭৫ খ্ৰীঃৰ মাৰ্চত এদিন ডেবেৰাই ৰজাকো বিহ দি হত্যা কৰিলে৷ তেওঁৰ শাসনকাল আছিল মাত্ৰ দুবছৰ৷ 

ইফালে ডা-ডাঙৰীয়াসকলে আলোচনা কৰি উদয়াদিত্য সিংহৰ পুত্ৰক ৰাজপাট দিবলৈ সিদ্ধান্ত লৈছিল৷ এই সিদ্ধান্ত বৰবৰুৱাৰ অগোচৰে হৈছিল৷ সেই হেতু ডেবেৰা বৰবৰুৱাই নিজৰ সৈন্যদলটোৰ সহায়ত তেওঁক সোধা-পোছা নকৰা ডা-ডাঙৰীয়াকেইজনক হত্যা কৰি নিজৰ পছন্দমতে তুংখুঙ্গীয়া ফৈদৰ পৰা এজন কোঁৱৰ আনি ৰজা পাতিলে আৰু নিজৰ জীয়েক অহল্যা গাভৰুক বৰকুঁৱৰী পাতিলে৷ ডেবেৰাৰ ক্ষমতা দিনক দিনে বাঢ়ি যোৱাত এইজন ৰজাই ডেবেৰাক মাৰিবলৈ যুগুত কৰিলে৷ পিছে জীয়েকৰ পৰা এই কথা গম পাই ডেবেৰাই তেওঁৰ শত্ৰুপক্ষৰ সকলোকে মাৰিলে৷ এইজন ৰজাই মাথোঁ বাৰ দিনহে ৰাজত্ব কৰিছিল৷

ইয়াৰ পাছত ডেবেৰাই চামগুৰিৰ পৰা ছুহুং নামেৰে এজন কোঁৱৰ আনি তেওঁক ৰজা বুলি ঘোষণা কৰিলে৷ ইফালে সিংহাসনৰ এজন অন্যতম দাবীদাৰ প্ৰাৰ্থী তিপাম ৰজাই এদল সৈন্যৰে সৈতে ৰাজধানীলৈ আগুৱাই আহিছিল৷ বাটতে ডেবেৰা বৰবৰুৱাই তেওঁক আগচি ধৰি  যুঁজত হৰুৱাই প্ৰাণদণ্ড দিয়ে৷ ডেবেৰা ইয়াতে ক্ষান্ত নাথাকি যিসকলে তেওঁক ভাল নাপায় তেনে সকলো বিষয়াক গুৱাহাটীৰ পৰা ৰজাই মাতিছে বুলি ৰাজধানীলৈ আমন্ত্ৰণ কৰি আনি হত্যা কৰে৷ এই সকলো কথা দেখি-শুনি চুহুং, ৰজা হৈও নিজে যে ক্ৰমে তেওঁৰে বিষয়া, ধূৰ্ত আৰু স্বেচ্ছাচাৰী ডেবেৰাবৰবৰুৱাৰ হাতৰ পুতলা হৈ পৰিছে, সেই কথা উপলব্ধি কৰি¸ ডেবেৰাক মাৰিবলৈ সিদ্ধান্ত ল’লে৷ সেই অনুসাৰে  যো-জা কৰোঁতেই বৰবৰুৱাৰ লিগিৰা এজনে সেই কথা তেওঁক জানিবলৈ দিয়ে৷ ফলত ডেবেৰাই ছুহুঙক হত্যা কৰে৷ ছুহুঙে মাত্ৰ ২১ দিনহে ৰাজপাট ভোগ কৰিছিল৷ 

চক্ৰান্তকাৰী ডেবেৰা বৰবৰুৱাই এইবাৰ আন এজন ৰাজকুমাৰ গোবৰ গোহাঁইক ৰজা পাতিলে৷ ডেবেৰাৰ এইবোৰ কীৰ্তি যেতিয়া ৰাজ্যত বিয়পি পৰিল, ৰাজ্যৰ হিতাকাংক্ষীসকলে আৰু চকু মুদি থাকিব নোৱাৰিলে৷ এনেতে সেই সময়ত গুৱাহাটীত থকা বৰগোহাঁইক ডেবেৰাই বৰফুকনক ৰাজধানীলৈ পঠিয়াবলৈ নিৰ্দেশ দিলে৷ ইয়াৰ অন্তৰালত ডেবেৰাৰ অসৎ উদ্দেশ্য থকা বুলি জানিব পাৰি গুৱাহাটীৰ শৰাইঘটীয়া বিষয়াসকল আতন বুঢ়াগোহাঁইৰ নেতৃত্বত একত্ৰিত হৈ সিদ্ধান্ত ল’লে যে ডেবেৰা জীয়াই থকালৈকে ৰাজ্যত শান্তি নহ’ব৷ এইবাৰ তেওঁলোক ডেবেৰাৰ বিৰুদ্ধে অগ্ৰসৰ হ’ল৷ এইসকল বিষয়াৰ হাততে অৱশেষত ডেবেৰাৰ প্ৰাণ গ’ল৷ ইয়াৰ পাছত গোবৰকো ধৰি আনি হত্যা কৰা হ’ল৷ গোবৰে প্ৰায় এমাহহে ৰাজপাট ভোগ কৰিছিল৷ ইয়াৰ পাছত শৰাইঘটীয়া সামৰিক বিষয়াসকলে আতন বুঢ়াগোহাঁইক ৰাজধানীত ৰাজ্য পৰিচালনাৰ কাৰণে থৈ গুৱাহাটীলৈ উভতি যায়৷ গুৱাহাটীৰ সৰ্বময় কৰ্তা আছিল তেতিয়া লালুকসোলা বৰফুকন [লাচিতৰ কককায়েক]৷  দেশত পুনৰ শান্তি-শৃংখলা স্থাপিত হ’ল৷ বুঢ়াগোহাঁয়ে পূৰ্বাপৰ নীতি অনুসৰি দিহিঙীয়া ফৈদৰ  নামৰূপৰ ৰজাৰ পুত্ৰ ছুজিনফাক আনি ৰাজপাটত বহুৱালে৷

কিন্তু কিছুদিনৰ পাছত বিপদৰ সূচনা হ’ল৷ ৰাজ্যত চলি থকা পূৰ্বাপৰ ষড়যন্ত্ৰ আৰু হত্যাকাণ্ডবোৰলৈ চাই দুৰ্বলমনা দিহিঙ্গীয়া ৰজাই নিজক সুৰক্ষিত কৰি ৰাখিবলৈ সাৱধানতা অৱলম্বনাৰ্থে সকলো বিষয়াকে মাতি আনি আনুগত্যৰ শপত খুৱাইছিল৷ ৰজাৰ এনে আদেশ আৰু ব্যৱহাৰত তেওঁলোকক বিশ্বাস নকৰা বাবে ভালেমান বিষয়া অতি ক্ষুব্ধ হৈছিল৷ ৰজাই বুঢ়াগোহাঁইকো সন্দেহ কৰিবলৈ ল’লে৷ তাৰ ফলস্বৰূপে ঘটা যুদ্ধত দিহিঙ্গীয়া ৰজাই সিংহাসনৰ লগতে নিজৰ প্ৰাণো হেৰুৱালে৷ প্ৰথমে চকু কাঢ়ি তাৰ পাছত ৰজাক শিল দলিয়াই হত্যা কৰা হ’ল৷ চৰাইদেউত ৰজাৰ শটো পুতি থোৱা হ’ল৷ ১৬৭৭ খ্ৰীঃৰ জুলাইত এইবোৰ ঘটনা ঘটিছিল৷ ৰজাৰ চাৰিজন পুত্ৰৰ ভিতৰত বৰপুত্ৰ দীঘলাই কোনোমতে পলাই সাৰে; দ্বিতীয়জনক ধৰি চকু কঢ়া হয় আৰু কনিষ্ঠ দুজনক ধৰি মৃত্যুদণ্ড দিয়া হয়৷ ইয়াৰ পাছত বুঢ়াগোহাঁয়ে বহু অনুসন্ধানৰ পাছত ৰাজলক্ষণযুক্ত এজন কোঁৱৰক বিচাৰি উলিয়ায়, যিজন পৰ্বতীয়া কোঁৱৰ নামে জনাজাত, তেওঁক ৰজা পাতে৷ 

তেওঁৰ আগৰ ৰজাসকলৰ দুৰ্ভাগ্যৰ কথা সুঁৱৰি নতুন ৰজাই বুঢ়াগোহাঁইক সন্তুষ্ট কৰি ৰাখিবলৈ বিচাৰিছিল৷ সেই উদ্দেশ্যে তেওঁ বুঢ়াগোহাঁইৰ কন্যাৰ পাণি গ্ৰহণ কৰিছিল৷ বুঢ়াগোহাঁইক মাটি-বাৰী, নানা উপহাৰ আৰু উচ্চ পদবী দিয়া হৈছিল৷ বুঢ়াগোহাঁইৰ এনে পদোন্নতিত আন ডাঙৰীয়াৰ ঈৰ্ষা হ’ল৷ কিবা কথাত এদিন তেওঁ বৰবৰুৱাৰ ওপৰত খৰ্গহস্ত হৈ ৰজাৰ হতুৱাই তেওঁক বৰ্খাস্ত কৰিলে৷  বৰবৰুৱাই ভয়তে প্ৰাণ লৈ ভাগি শ্ৰীঘাটত লুকাই থাকিল৷ ইয়াৰ পাছত বেতমেলা ফুকন বুঢ়াগোহাঁইৰ ৰোষৰ বলি হ’ল৷ অপমানিত বোধ কৰি ফুকনে ৰজাক হত্যা কৰিবলৈ শপত ল’লে৷ এদিন নিশা সেই উদ্দেশ্যে তেওঁ ৰাজকাৰেঙত গোপনে সোমাই ৰজা বুলি ভুলতে ৰাজমাওক হত্যা কৰি তামুলিহাটলৈ পলাই গ’ল৷ ইফালে  বুঢ়াগোহাঁইৰ বৰ্ধিত ক্ষমতা দেখি আন ডাঙৰীয়াসকলৰ ঈৰ্ষা হ’ল৷

বৰফুকনে বুঢ়াগোহাঁয়ে বিচৰাৰ দৰে তেওঁৰ নিৰ্দেশমতে চলিব নোখোজাত এইবাৰ তেওঁৰ আক্ৰোশ বৰফুকনৰ ওপৰত পৰিলগৈ৷ বৰফুকন [লালুকসোলা]ক বৰ্খাস্ত কৰিবলৈ চেলু বিচাৰি থকাৰ কথা গম পাই তেওঁ ৰজাক এই বিষয়ে অভিযোগ দি যে একো লাভ নহ’ব সেই কথা উপলব্ধি কৰি বংগৰ নবাবৰ সৈতে তলে তলে যোগাযোগ আৰম্ভ কৰিলে৷ বংগৰ মচনদত থকা আজমতৰাৰ সৈতে তেওঁ যোগাযোগ কৰাৰ উল্লেখ প্ৰাৰম্ভতে উল্লেখ কৰা হৈছে৷ সেইমৰ্মে বৰফুকনে গুৱাহাটীৰ অধিকাৰ নবাবৰ হাতত এৰি দিলে আৰু ১৬৭৯ খ্ৰীঃৰ মাৰ্চত মোগলে গুৱাহাটী দখল কৰিলে৷ 

ইতিমধ্যে ৰজাৰ প্ৰশাসন বিশেষকৈ বুঢ়াগোহাঁইক বহুতে ভাল নোপোৱা হ’ল৷ ডাঙৰীয়াসকলৰ তিনিজন শীৰ্ষ বিষয়াই  দেখদেখকৈয়ে বৰফুকনৰ লগ লাগিল৷ তেওঁলোক আটাইবোৰে এদল সৈন্য গোটাই লৈ লালুকসোলা বৰফুকনৰ নেতৃত্বত ৰাজধানী অভিমুখে যাত্ৰা কৰিলে৷ যাত্ৰাপথত তেওঁলোকে সামান্য বাধাহে পাইছিল৷ বাধা দিয়াতকৈ বৰং স্থানীয় বহু বিষয়াই  তেওঁলোকৰ দলত যোগদানহে কৰিছিল৷ যিসকলে এই দলটোৰ সৈতে লগ লাগিবলৈ সন্মত হোৱা নাছিল, তেওঁলোকক ধৰি হত্যা কৰা হ’ল৷ ১৬৭৯ খ্ৰীঃৰ নৱেম্বৰত বৰফুকনৰ বিৰোধিতা কৰা লোক নোহোৱাই হৈছিল৷ ফলত এইবাৰ লালুকসোলা বৰফুকন ৰাজ্যখনৰ সৰ্বেসৰ্বা হৈ উঠে আৰু অনায়াসে ৰজাক ধৰি হত্যা কৰিলে৷ তেওঁৰ এই হত্যাকাৰ্যত চুলিকফা নামৰ কোঁৱৰ এজনৰ সন্মতি আছিল৷ বৰফুকনে আনকি কোনো ডাঙৰীয়াৰ সৈতে আলোচনা নকৰাকৈয়ে চৈধ্যবছৰীয়া ল’ৰামতীয়া চুলিকফাক সিংহাসনত বহুৱায়৷ চুলিকফা ৰজা হৈ হিন্দু মতে নাম ল’লে ৰত্নধবজ সিংহ৷ তেওঁৰ বয়স কম আছিল বাবে তেওঁক ল’ৰাৰজা বোলা হৈছিল৷ বৰফুকনৰ শ্ৰুতলিপিত তেওঁ প্ৰথমে ৰজা হৈয়েই সংগ্ৰাই বুঢ়াগোহাঁইক মৃত্যুদণ্ড দিছিল৷ গোবৰ আৰু ছুজিনফা ৰজাক হত্যা কৰোৱাৰ মূলতে আছিল সংগ্ৰাই আৰু আগৰজনা ৰজা মৃত্যুমুখত পৰিব লগা হোৱা বিদ্ৰোহটোৰো মূল কাৰণ আছিল তেওঁৰেই  স্বেচ্ছাচাৰী অপশাসন৷ তেওঁক হত্যা কৰাৰ পাছত বৰফুকনে নিজেই বুঢ়াগোহাঁইৰ ক্ষমতা আৰু তাৰ আগতে ডেবেৰা বৰবৰুৱাই ভোগ কৰা অপাৰ ক্ষমতা নিজৰ হাতলৈ নিলে৷ কিন্তু আগৰকেইজনৰ শেষ পৰিণতি যাতে তেওঁৰ নঘটে, তালৈ দৃষ্টি ৰাখি আগৰকেইজেন কৰাৰ দৰে কেৱল  ক্ষমতা ভোগ কৰাতে ক্ষান্ত নাথাকি এইবাৰ তেওঁ নিজৰ পদমৰ্যাদা ৰজাৰ সমকক্ষ কৰাৰ বাবে চেষ্টা চলালে৷ তেওঁ হেনো এই বিষয়ে দিল্লীৰ সম্ৰাটৰ লগতো যোগাযোগ কৰিছিল আৰু তেওঁৰ সন্মতি আদায় কৰিছিল৷ অৱশ্যে, এই কথাৰ সত্যাসত্য জনা নগ’লেও তেওঁ যে নিজে ৰজাৰ দৰে থাকিবলৈ লৈছিল, সেইটো সত্য৷ তেওঁ সাধাৰণতে ৰজাই পিন্ধা সাজপাৰ পিন্ধিবলৈ লৈছিল৷ ইয়াৰ পাছত লালুকে ৰাজসিংহাসন দাবী কৰিব পৰা সকলো ৰাজকোঁৱৰক হত্যা বা অঙ্গক্ষত কৰিবলৈ গুপ্তঘাতক নিয়োগ কৰে৷ এই ৰাজকোঁৱৰসকলৰ অন্যতম গদাপাণি কোঁৱৰে পলাই গৈ আত্মৰক্ষা কৰে৷ 

কিন্তু তেওঁৰ এই বিজয়োল্লাস  সৰহ দিন নিটিকিল৷ তেওঁৰ গুৰু-গোসাঁই নমনা মদগৰ্বী স্বভাৱত বিতুষ্ট হোৱা আন ডাঙৰীয়াসকলে মিলি ষড়যন্ত্ৰ কৰি তেওঁক গুপ্তভাৱে হত্যা কৰিলে৷ তেওঁৰ পুত্ৰ তিনিজন আৰু ভায়েকো একেই দুভাৰ্গ্যৰ বলি হ’ল৷  বৰফুকনৰ আন এজন ভায়েক ভাতধৰা ফুকন এই বিপৰ্যয়ৰ সময়ত কলিয়াবৰত আছিল৷ তেওঁ তাৰ পৰা পলাই গৈ মুছলমানৰ ৰাজ্য ওলালগৈ৷ ককায়েকৰ মৃত্যুৰ হোৰ তুলিবলৈ তেওঁ মহম্মদ আজমক সৈন্যদল যোগান ধৰিবলৈ খাটনি ধৰিছিল৷ আজমে তেওঁক সহায় কৰাৰ কথাও ভাবিছিল৷ পিছে তেওঁ নিজৰে সৈন্যবল কম থকাত আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ সাহস নকৰি বিষয়টোত হস্তক্ষেপ কৰাৰ পৰা বিৰত থাকিল৷  ইফালে, ল’ৰাৰজা সকলোৰে মাজত এজন অপ্ৰিয়ভাজন ৰজা হৈ পৰিছিল৷  প্ৰশাসনৰ কোনো জ্ঞান নথকা ল’ৰাৰজাৰ স্বেচ্ছাচাৰী কাম-কাজত ক্ৰমে ডাঙৰীয়াসকলও ক্ষুব্ধ হৈ পৰিছিল৷ অৱশেষত সকলোৱে মিলি গদাধৰ সিংহক [গদাপাণি]  ৰাজপাট দি চুলিকফাক প্ৰথমতে নিৰ্বাসন দি পাছত হত্যা কৰা হ’ল৷ ১৬৭০ খ্ৰীঃত চক্ৰধবজ সিংহৰ মৃত্যুৰ পাছৰ এঘাৰ বছৰ কালৰ এই চুটি সময়ছোৱাত এইদৰেই ৰাজপাটত বহা সাতজন ৰজাৰ এজনৰো স্বাভাৱিক মৃত্যু হোৱা নাছিল৷ এতিয়া গদাপাণিয়ে সিংহাসন আৰোহণ কৰাত অকৰ্মণ্য, দুৰ্বল ৰজা আৰু ক্ষমতালোভী দুষ্ট ডা-ডাঙৰীয়াৰ দিনৰ অন্ত পৰিল৷ দুৰ্নীতি আৰু ষড়যন্ত্ৰৰ অধ্যায়ৰো যতি পৰাত বহিঃশত্ৰুৰ বিৰুদ্ধে মাৰবান্ধি থিয় দিব পৰাকৈ আহোম শক্তি আকৌ পুনৰুজ্জীৱিত আৰু একত্ৰিত হৈ উঠিল৷উল্লেখ্য, প্ৰতিষ্ঠাপক হিচাপে গদাপাণিৰ পৰাই আৰম্ভ হৈছিল আকৌ এক দীঘলীয়া কালৰ  বাবে বিভিন্নজন আহোম ৰজাৰ সুষ্ঠিৰ শাসনৰ অধ্যায়৷ গদাধৰ সিংহই ৰজা হৈয়ে সমাপন কৰা প্ৰথম কামটো হ’ল মোগলৰ হাতৰ পৰা গুৱাহাটী পুনৰ উদ্ধাৰ কৰা কাৰ্য৷