মৃত্যু এতিয়া ওচৰ, মৃত্যু এতিয়া সুলভ
পুৱা বিদ্যালয়ত সোমোৱাৰ পাছৰ পৰাই আমি একেলেথাৰিয়ে ক্লাছ লোৱাৰ পৰা আৰম্ভ কৰি কোন ছাত্ৰ-ছাত্ৰীৰ নাম শিক্ষাসেতুৰ ‘ড্ৰপ বক্স’ত দিব লাগিব, কোনসকল ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম দিব লাগিব, কোনবিলাক ছাত্ৰ-ছাত্ৰী বেলেগ বিদ্যালয়লৈ যোৱাৰ পাছতো কিতাপ ঘূৰাই দিয়া নাই আদি এশ এবুৰি কামৰ সাগৰত ককবকাই থাকিব লাগে৷ কিন্তু ৪ জুনত কোনোবা এখন বিদ্যালয়ত দুগৰাকী শিক্ষকৰ মাজত ‘হট ডিছকাছন’ আছিল আৰ চি বিৰ আইপিএল জয়৷ এয়া এক ক্ষুদ্ৰ উদাহৰণ৷
সুদীৰ্ঘ ওঠৰ বছৰ পাছত ৰয়েল চেলেঞ্জাৰ্ছে আইপিএলৰ খিতাপ দখল কৰিলে ভাল কথা [বিশ্ব কাপ জয় কৰা নাই যদিও]৷ এই ‘ঐতিহাসিক বিজয়োল্লাস’ত পদপিষ্ট হৈ এঘাৰ জনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাবে আহত হৈছে৷ আন যিকোনো পদপিষ্টৰ ঘটনাৰ দৰে চৰকাৰেও দায়সৰা মন্তব্য দিছে৷ কুম্ভমেলা, দিল্লী ৰেল ষ্টেছন, গুজৰাটৰ মোৰবি দলং, দক্ষিণত চিনেমা ৰিলিজ আৰু দুদিনমান আগৰ ক্ৰিকেট খেল চাবলৈ গৈ প্ৰাণ হেৰোও¸ৱাৰ ঘটনা আজিৰ তাৰিখত অতি সুলভ৷ এই যে ইমানবোৰ প্ৰাণঘাতী ঘটনা সংঘটিত হৈছে, তাৰ কোনো এটাতো চৰকাৰৰ দায়বদ্ধতাৰ প্ৰমাণ আমি পোৱা নাই৷ কোনো এটা দলৰে কোনো এজন মন্ত্ৰী-বিধায়কেও নিজৰ ভুল স্বীকাৰ কৰি পদত্যাগ কৰা নাই, কোনেও শাস্তি পোৱা নাই, কাকো জেইলত ভৰোৱা নাই৷ এ আই ইন্টেলিজেন্স, চি চি টিভি কেমেৰা অথবা পুলিচ পাৱাৰ আদিৰ কথা যদি আমি কওঁ, তেন্তে ভাৰতৰ স্থান হেনো ৰাছিয়া আৰু চীনৰ পিছতে, অৰ্থাৎ সমগ্ৰ বিশ্বত ‘surveillance state’ হিচাপত আমি তৃতীয় স্থানত!
তেন্তে ভুল কাৰ? এই লৈ নীচ ৰাজনীতি ইতিমধ্যেই আৰম্ভ হৈছে৷ কুম্ভমেলাত হোৱা দুৰ্ঘটনাত কংগ্ৰেছ দল সৰব হৈ পৰিছিল, এইবাৰ শাসকীয় বিজেপি দলেও বিৰোধী কংগ্ৰেছ দলক দোষাৰোপ কৰাৰ কোনো ত্ৰুটি ৰখা নাই৷ বোকা ছটিওয়াৰ এনে খেল চলি আহিছে, ভৱিষ্যতেও চলি থাকিব, মাথোঁ প্ৰাণ যাব এচাম সাধাৰণ লোকৰ৷
গতিকে, আমি অলপ গমি-পিটি চাবলৈ শিকোঁ আহক৷ ক্ৰিকেটৰ ৰথী-মহাৰথীসকল আমাৰ প্ৰাণ, তেওঁলোক আমাৰ বাবে সাক্ষাৎ ভগৱান, তেওঁলোকক এবাৰ মাথো স্পৰ্শ কৰিলেই জীৱন ধন্য হৈ যাব–এনে অত্যুৎসাহী চিন্তাই কিমানজনৰ জীৱন বন্তি নুমুৱাই দিব পাৰে, সেয়া আমি দেখি আহিছোঁ৷ আপোনাৰ-মোৰ বিপদকালত তেওঁলোক ব্যস্ত থাকিব টুইটাৰত বিজয়সূচক বাৰ্তা প্ৰচাৰত, নিজৰ পাহাৰসম ধনৰাশিৰ উত্তৰণ ঘটাবলৈ৷ সেই বিপুল ধনৰাশিৰ বিন্দুমাত্ৰ ছিটিকনিও আপোনাৰ-মোৰ ভাগত নপৰে৷
ক্ৰিকেটৰ বাহিৰে আমাৰ উদ্যাপন কৰিবলগীয়া একোৱেই নাই নেকি? আচলতে উদযাপন কৰাত আপত্তিও নাছিল, কিন্তু উদ্যাপনৰ নামত অপঘাত মৃত্যু অসহনীয়৷






