Logo
image

গণিতত ১৪০ৰ ভিতৰত ২ নম্বৰ পোৱা শিক্ষকেও পঢ়ুৱাব মেট্ৰিক পৰীক্ষাৰ্থীক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৩ জুনঃ   চৰকাৰী শিক্ষাখণ্ডৰ গুণগত মান উন্নত কৰাৰ বাবে বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে ন ন পদক্ষেপ গ্ৰহণ কৰা বুলি দাবী কৰিছে৷ শিক্ষক-শিক্ষাৰ্থীক লৈ চৰকাৰী একাধিক পদক্ষেপৰ পৰিপ্ৰেক্ষিততে শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হোৱা বুলিও ঢাক-ঢোল বজোৱাৰ পৰা বাদ পৰি ৰোৱা নাই খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ অসমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীকো চিকিৎসক-বিজ্ঞানী-অভিযন্তা, আইএএছ-আইপিএছ বিষয়া হ’ব পৰাকৈ গঢ় দিয়াৰ লক্ষ্যৰে শিক্ষা বিভাগে পৰিৱৰ্তন অনা বুলি প্ৰচাৰ চলোৱাৰ সময়তে সোমবাৰে মাধ্যমিক শিক্ষা বিভাগে প্ৰকাশ কৰা হাইস্কুলৰ স্নাতক  শিক্ষক নিযুক্তিৰ ফলাফলৰ তালিকাই এতিয়া সকলোৰে চকু কপালত তুলিছে৷ মাধ্যমিক শিক্ষা বিভাগে প্ৰকাশ কৰা ‘টে’ট-কাম-ৰিকুইটমেণ্ট’ পৰীক্ষাত মেধাৰ তালিকাত হাইস্কুলৰ স্নাতক গণিত বিষয়ৰ শিক্ষকৰ পদৰ বাবে কাট অৱ মাৰ্ক নূন্যতম ২ নম্বৰপ্ৰাপ্ত প্ৰাৰ্থীকো যোগ্য বাছনি কৰিছে৷ সংৰক্ষিত পদ পূৰণৰ নামত সঞ্চালক মমতা হোজাইৰ নেতৃত্বাধীন মাধ্যমিক শিক্ষা বিভাগে এনে একাংশ ‘মেধাৱী’ প্ৰাৰ্থীক বাছনি কৰিছে, যাক লৈ এতিয়া সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য, ৰাজ্যৰ মাধ্যমিক শিক্ষা বিভাগে ২০২৩ চনতে ৯,৩০৪টা হাইস্কুলৰ স্নাতক শিক্ষক পদৰ বাবে টে’ট-কাম-ৰিকুইটমেণ্ট পৰীক্ষাৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ পূৰ্বে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষা বিভাগে টে’ট পৰীক্ষাত প্ৰাপ্ত নম্বৰ, উচ্চতৰ মাধ্যমিক বা স্নাতক শ্ৰেণীত প্ৰাপ্ত নম্বৰ আৰু বি এড ডিগ্ৰী বা ডিএলএড ডিপ্লমা পাঠ্যক্ৰমত প্ৰাপ্ত নম্বৰৰ ভিত্তিত টে’ট শিক্ষক বাছনি কৰি মেধাৰ ভিত্তিত নিযুক্তি প্ৰদান কৰিছিল৷ কিন্তু এইবাৰ শিক্ষা বিভাগে পৰিৱৰ্তন আনি কেৱল টে’ট পৰীক্ষাত প্ৰাপ্ত নম্বৰৰ ভিত্তিতে নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰিছে৷ সেই অনুসৰি মাধ্যমিক শিক্ষা বিভাগে ২,১১১টা বিজ্ঞান স্নাতক শিক্ষক পদ, ১৭৩৭টা গণিত স্নাতক শিক্ষক পদ, ৩,৩০০টা কলা স্নাতক শিক্ষক পদ, ৬৩০টা হিন্দী স্নাতক শিক্ষক পদ আৰু ২২৫টা সংস্কৃত স্নাতক শিক্ষক পদৰ বাবে চলিত বৰ্ষৰ ১৯ জানুৱাৰীত টে’ট-কাম-ৰিকুইটমেণ্ট পৰীক্ষা অনুষ্ঠিত কৰিছিল৷


অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই সোমবাৰে মাধ্যমিক শিক্ষা বিভাগে হাইস্কুলৰ স্নাতক শিক্ষকৰ মেধাৰ তালিকাৰ কাট অৱ মাৰ্কৰ লগতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰে৷ কিন্তু এই ফলাফল তালিকাত বিশেষকৈ সংৰক্ষিত আসনৰ বিপৰীতে প্ৰকাশ কৰা কাট অৱ মাৰ্কৰ তথ্যই স্বাভাৱিকতেই সকলোৰে চকু কপালত তুলিছে৷ উক্ত টে’ট-কাম-ৰিকুইটমেণ্ট পৰীক্ষা অনুষ্ঠিত হৈছিল ১৪০ নম্বৰৰ৷ ১৪০ নম্বৰৰ আঢ়ৈঘণ্টীয়া এই পৰীক্ষাত ৯ হাজাৰ পদৰ বিপৰীতে প্ৰায় ৩৫ হাজাৰ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল৷ কিন্তু সোমবাৰে মাধ্যমিক শিক্ষা বিভাগে ঘোষণা কৰা ফলাফল তালিকাত গণিতৰ স্নাতক শিক্ষক পদৰ বাবে সংৰক্ষিত আসনৰ বিপৰীতে কাট-অৱ-মাৰ্ক নূন্যতম ধাৰ্য কৰিছে ২.২৫ নম্বৰ৷ অথচ একেই অংক শিক্ষক পদৰ বাবে বিদ্যালয়ৰ মাধ্যম ভেদে অসংৰক্ষিত আসনত কাট অৱ মাৰ্ক উঠিছে সৰ্বাধিক ১০০.৭৫ নম্বৰ৷ এক কথাত ১৪০ নম্বৰ পৰীক্ষাত মাত্ৰ ২ নম্বৰ লাভ কৰা প্ৰাৰ্থীয়ো এতিয়া মাধ্যমিক শিক্ষা বিভাগৰ কৃপাত হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী  অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ্থীকো অংক পঢ়ুৱাব৷ কেৱল গণিত বিষয়ৰ শিক্ষক পদেই নহয়, সংস্কৃত স্নাতক শিক্ষক পদতো সংৰক্ষিত আসনৰ বিপৰীতে ন্যুনতম কাট-অৱ-মাৰ্ক হৈছে ৭.৫০ নম্বৰ৷ অৰ্থাৎ ১৪০ নম্বৰৰ টে’ট পৰীক্ষাত সংস্কৃতত মাত্ৰ ৭ নম্বৰ পাবলৈ সক্ষম হোৱা ‘মেধাৱী’ প্ৰাৰ্থীৰ হাততো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ শ্ল’গান আওৰাই অহা অক্টোবৰ মাহত শিক্ষক নিযুক্তি-পত্ৰ তুলি দিব৷ একেদৰে ২,১১১টা বিজ্ঞান স্নাতক শিক্ষক পদৰ সংৰক্ষিত আসনৰ বিপৰীতে নূন্যতম কাট অৱ মাৰ্ক ধাৰ্য কৰিছে ১৯.৭৫ নম্বৰ৷ অৰ্থাৎ ১৪০ নম্বৰৰ পৰীক্ষাটোত কোনোমতে ১৯ নম্বৰ পাবলৈ সক্ষম হোৱাজনেও মেট্ৰিক পৰীক্ষাৰ্থীক এতিয়া বিজ্ঞান বিষয়ত জ্ঞান দিব৷ আনহাতে, কলাৰ স্নাতক শিক্ষকৰ ৩০০০টা পদৰো সোমবাৰে ফলাফল ঘোষণা কৰে মাধ্যমিক শিক্ষা বিভাগে৷ কলা স্নাতক শিক্ষক পদতো সংৰক্ষিত আসনৰ বিপৰীতে নূন্যতম কাট অৱ মাৰ্ক ধাৰ্য কৰিছে ১১ নম্বৰ৷ অৰ্থাৎ ১৪০ নম্বৰৰ টে’ট পৰীক্ষাত ১১ নম্বৰ লাভ কৰা প্ৰাৰ্থীজনেও স্নাতক শিক্ষক হিচাপে হাইস্কুলৰ শিক্ষাৰ্থীক ইংৰাজী, অসমীয়া, সমাজ অধ্যয়ন, বুৰঞ্জী, ভূগোল আদি বিষয়ত শিক্ষা প্ৰদান কৰিব৷ শিক্ষা বিভাগে সংৰক্ষিত পদ পূৰণ কৰাৰ নামতে টে’ট পৰীক্ষাত নূন্যতম ৩০ শতাংশ নম্বৰ পাবলৈকো সক্ষম নোহোৱা একাংশ প্ৰাৰ্থীকে এতিয়া শিক্ষাগুৰুৰ স্বীকৃতি দি স্নাতক শিক্ষক পদত নিযুক্তি দিবলৈ সাজু হৈছে৷ কেৱল সংৰক্ষিত পদতেই নহয়, অসংৰক্ষিত আসনৰ পদৰ ক্ষেত্ৰতো মাধ্যম অনুসৰি কাট অৱ মাৰ্কৰ বৃহৎ পাৰ্থক্য দেখা গৈছে৷ গণিত বিষয়ৰ স্নাতক শিক্ষক পদৰ বাবে অসংৰক্ষিত আসনত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ বাবে কাট অৱ মাৰ্ক ১০০.৭৫ নম্বৰ স্পৰ্শ কৰিছে যদিও বাংলা মাধ্যমৰ বিদ্যালয়ৰ অসংৰক্ষিত আসনত গণিতৰ শিক্ষক পদৰ কাট অৱ মাৰ্ক হৈছে মাত্ৰ ৩৫ নম্বৰ৷ একেদৰে অসংৰক্ষিত আসনত অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ কাট অৱ মাৰ্ক ৫৭ নম্বৰ, বড়ো মাধ্যমৰ বিদ্যালয়ৰ বাবে কাট অৱ মাৰ্ক ৬৮ নম্বৰ আৰু হিন্দী মাধ্যমৰ বিদ্যালয়ৰ বাবে কাট অৱ মাৰ্ক ৮৭.৭৫ নম্বৰত সীমাৱদ্ধ হৈছে৷ ইফালে, বিজ্ঞান স্নাতক শিক্ষক পদৰ বাবেও অসংৰক্ষিত আসনত ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ কাট অৱ মাৰ্ক হৈছে সৰ্বাধিক ৯৭.৫০ নম্বৰ৷ ইয়াৰ বিপৰীতে বাংলা মাধ্যমত কাট অৱ মাৰ্ক ৭২.২৫ নম্বৰ, অসমীয়া মাধ্যমত ৭৪.৭৫ নম্বৰ, বড়ো মাধ্যমত ৭৩ নম্বৰ, হিন্দী মাধ্যমত ৯০.৭৫ নম্বৰ আৰু মণিপুৰী মাধ্যমত ৮১.৫০ নম্বৰ৷ মাধ্যমিক শিক্ষা বিভাগে ১-৫ জুলাইলৈ বাছনিকৃত প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণৰ পাছতহে স্পষ্ট হ’ব স্নাতক শিক্ষক পদৰ বাবে নূন্যতম কাট অৱ মাৰ্ক বৰ্তমান প্ৰকাশ কৰা তালিকাৰ ভিত্তিতে হ’ব নে, তাতোতকৈ হ্ৰাস পাব৷ কিয়নো একাংশ বাছনিকৃত প্ৰাৰ্থীয়ে আন চাকৰি লাভ কৰা স্নাতক শিক্ষক পদত যোগদান নকৰিলে, মাধ্যমিক শিক্ষা বিভাগে দ্বিতীয়খন কাট অৱ মাৰ্কৰ তালিকা প্ৰকাশ কৰিলে, স্বাভাৱিকতেই নম্বৰ হ্ৰাস পাব৷