
গুজৰাটত আসন দখল ‘আপ’ৰ, কেৰালাত কংগ্ৰেছৰ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৩ জুনঃ চাৰিখন ৰাজ্যত অনুষ্ঠিত বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফলে হতাশ কৰি তুলিছে কেন্দ্ৰত শাসনাধিস্থ বিজেপি দলক৷ প্তটা সমষ্টিত অনুষ্ঠিত বিধানসভাৰ উপ-নিৰ্বাচনত মাত্ৰ এটা সমষ্টিতহে জয়লাভৰ কৰে বিজেপি৷ বাকী চাৰিটা সমষ্টিতে জয়লাভ কৰিছে বিৰোধী পক্ষ৷ পশ্চিমবংগৰ কালীগঞ্জত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ জয় লাভ কৰাৰ বিপৰীতে গুজৰাটৰ দুটা বিধানসভা সমষ্টিৰ ভিতৰত এটাও অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টী আৰু এটাত বিজেপি দলৰ প্ৰাৰ্থী জয় লাভ কৰে৷ পাঞ্জাবত শাসনাধিস্থ আপৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিছে লুধিয়ানা সমষ্টিত৷ আনহাতে কেৰেলাত ইণ্ডিয়া জোটৰ অন্যতম দুই অংশীদাৰ চি পি এম আৰু কংগ্ৰেছৰ ভিতৰত নীলাম্বুৰ আসনত ৰাজ্যখনৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ জয় লাভ কৰে৷ গুজৰাটৰ কাদি আসনখনত জয়লাভ কৰে বিজেপি প্ৰাৰ্থী৷ আনহাতে ৰাজ্যখনৰ বিছাৱদাৰ সমষ্টিটোত জয়ী হয় আপৰ প্ৰাৰ্থী গোপাল ইটালিয়া৷ জুনাগড় জিলাৰ অন্তৰ্গত বিছাৱদাৰত আপ প্ৰাৰ্থীজন ১৭,৫৮ৰ টা ভোটত জয়লাভ কৰে৷ ইটালিয়া আছিল দলৰ প্ৰাক্তন ৰাজ্যিক সভাপতি৷ কাদি সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টি৷ ইয়াৰ পৰা জয়ী হৈছে বিজেপি প্ৰাৰ্থী ৰাজেন্দ্ৰ চাৱদা৷ তেওঁ প্ৰায় ৩৯ হাজাৰ ভোটত জয়লাভ কৰে৷
দিল্লীৰ সুৰা কেলেংকাৰীত বিপৰ্যস্ত অৰবিন্দ কেজৰিৱালৰ দল যি সময়ত অস্তিত্ব ৰক্ষাৰ বাবে যুঁজ দিবলগীয়া হৈছে সেই সময়তে ৫টা সমষ্টিত অনুষ্ঠিত উপ-নিৰ্বাচনৰ ২টা সমষ্টিতে জয়লাভ কৰে দলটোৰ প্ৰাৰ্থী৷ ইয়াৰ বিপৰীতে ৫টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰি মাত্ৰ ৰটা সমষ্টিত জয়লাভ কৰে শাসকীয় দল বিজেপি৷ আম আদমীৰ সঞ্জীৱ আৰোৰাই লুধিয়ানা (পশ্চিম) সমষ্টিৰ পৰা জয়ী হয়৷ তেওঁৰ বিজয় নিশ্চিত কৰিবলৈ নিৰ্বাচনী ৰণ ক্ষেত্ৰত জপিয়াই পৰিছিল অৰবিন্দ কেজৰিৱাল, মনীষ ছিচোদিয়া, আতিশী আদি৷ কেৰেলাৰ নীলাম্বুৰ সমষ্টিত চি পি এমৰ বিৰুদ্ধে শক্তিশালীভাৱে যুঁজ দিয়ে কংগ্ৰেছ দলে৷ এই সমষ্টিটো প্ৰিয়ংকা গান্ধীৰে প্ৰতিনিধিত্ব কৰা সংসদীয় সমষ্টিৰ অন্তৰ্গত আৰু কংগ্ৰেছৰ বাবে এই জয় সন্মানৰ বিষয় হৈ পৰিছিল৷ নীলাম্বুৰ সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী আৰ্যদান শৌকাত জয়ী হয় প্ৰায় ১১ হাজাৰ ভোটৰ ব্যৱধানত৷ পশ্চিমবংগৰ কালিগঞ্জ সমষ্টিত জয় লাভ কৰে টি এম চিৰ প্ৰাৰ্থী আলিফা আহমেদ৷ উল্লেখ্য যে এই উপ-নিৰ্বাচন বিজেপি নেতৃত্বৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণত আগন্তুক বৰ্ষত পশ্চিমবংগ আৰু কেৰেলা বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ ইয়াৰ পূৰ্বে ৪-১ ত বিজেপি পৰাজিত হোৱাত শংকিত হৈ পৰিছে গেৰুৱা দলটোৰ নেতৃত্ব৷ ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত গুজৰাটৰ বিছাৱদাৰ বিধানসভা সমষ্টিৰ পৰা আপ প্ৰাৰ্থী ভূপেন্দ্ৰ ভাই ভাৱনি জয় লাভ কৰিছিল যদিও পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰে আৰু বিধায়ক পদ ত্যাগ কৰে৷ কিন্তু এইবাৰো সমষ্টিটোত আপ প্ৰাৰ্থী পুনৰ জয় লাভ কৰে৷